সোণাক্ষী সিন্হা (Sonakshi Sinha), জন্ম: ২ জুন, ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী আৰু গায়িকা। তেখেতে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে।১ কেৰিয়াৰৰ আৰম্ভণিতে সোণাক্ষীয়ে সাজসজ্জা পৰিকল্পক হিচাপে কাম কৰে। ২০১০ চনত মুক্তিপ্ৰাপ্ত হিন্দী একছন-ড্ৰামা "ডাবাং" আছিল সিন্হাৰ দ্বাৰা অভিনীত প্ৰথমখন ছবি। ছবিখনত তেখেতে ছলমান খানৰ বিপৰীতে অভিনয় কৰে। ছবিখনত অভিনয়ৰ জৰিয়তে সিন্হাই ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ শিতানত বিজয়ীৰ বঁটা লাভ কৰে।২
বক্স-অফিচত সফলতা লাভ কৰা বহুকেইখন একছন-ড্ৰামা ছবিত সোণাক্ষী সিন্হাই শীৰ্ষ নাৰীৰ চৰিত্ৰ ৰূপায়ণ কৰে। তাৰে ভিতৰত 'ৰাওদী ৰাথোড়' (২০১২), 'ছন অৱ ছৰ্ডাৰ' (২০১২), 'ডাবাং ২' (২০১২) আৰু 'হলিডে: এ ছলজাৰ ইজ নেভাৰ অফ ডিউটি' (২০১৪) হৈছে অন্যতম। এইসমূহ ছবিত সিন্হাই অভিনয় কৰিছিল যদিও সমালোচকৰ পৰা বৰকৈ প্ৰশংসা লাভ কৰা নাছিল। তাৰ পৰিৱৰ্তে চৰিত্ৰসমূহৰ অভিনয়ৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ বাবে তেখেতে নেতিবাচক প্ৰতিক্ৰিয়াৰহে পাত্ৰী হৈছিল। পিছে ২০১৩ চনত মুক্তিলাভ কৰা ৰোমাণ্টিক ড্ৰামা 'লুটেৰা'ৰ জৰিয়তে সোণাক্ষী সিন্হাই নিজৰ প্ৰতিভাৰ উজ্জ্বলতা প্ৰদৰ্শন কৰে আৰু দৰ্শক আৰু সমালোচকৰ উভয়ৰে পৰা ইতিবাচক মন্তব্য লাভ কৰে। এইখন ছবিত অভিনয়ৰ বাবে তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰো মনোনয়ন লাভ কৰে।৩৪৫ ইয়াৰ পিছত তেখেতে কিছুমান ব্যৱসায়িকভাৱে বিফল হোৱা ছবিত অভিনয় কৰে। ২০১৯ চনত সোণাক্ষীক দেখা যায় মহাকাশ-ড্ৰামা ছবি "মিছন মংগল"ত। ছবিখনত সহযোগী অভিনেত্ৰী হিচাপে কাম কৰি সোণাক্ষীয়ে দৰ্শকৰ পৰা প্ৰশংসা আদায় কৰে।৬
অভিনয়ৰ উপৰি সোণাক্ষী সিন্হাই ২০১৫ চনৰ ছবি 'টেৱৰ'ত ইমৰাণ খানৰ গীত 'লেটছ ছেলেব্ৰেট'ৰ কিছু অংশত কণ্ঠদান কৰে। সোণাক্ষীয়ে "আজ মুড ইছকহলিক হ্যেয়" গীতটোতো কণ্ঠদান কৰিছে।
প্ৰাৰম্ভিক জীৱন
১৯৮৭ চনৰ ২ জুনত বিহাৰৰ পাটনাত সোণাক্ষী সিন্হাৰ জন্ম হৈছিল। তেখেতৰ পিতৃ হৈছে ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম তাৰকা শত্ৰুঘ্ন সিন্হা আৰু মাতৃ হৈছে পুনম সিন্হা। পিতৃ হৈছে বিহাৰী কায়স্থ সম্প্ৰদায়ৰ আৰু মাতৃ হৈছে হিন্দু সিন্ধী জাত্যাংশৰ।৭ তেখেতৰ পিতৃয়ে ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৮ ২০১৯ চনত তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত চামিল হয়। তেওঁলোকৰ পৰিয়ালৰ তিনিটি সন্তানৰ ভিতৰত সোণাক্ষী হৈছে কনিষ্ঠতম। লাভ সিন্হা আৰু কুশ সিন্হা হৈছে সোণাক্ষীৰ ভ্ৰাতৃ। সোণাক্ষীয়ে আৰ্য বিদ্যা মন্দিৰৰ পৰা পঢ়াশালীয়া শিক্ষা সমাপ্ত কৰে আৰু পৰৱৰ্তী সময়ত প্ৰেমলীলা বিথালদাস পলিটেকনিকৰ পৰা ফেশ্যন ডিজাইনিঙৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। এইখন পলিটেকনিক শ্ৰীমতি নাথিবাই দামোদৰ থাকাৰছেই মহিলা বিশ্ববিদ্যালয়ৰ অধীনস্থ আছিল।৯
তথ্যসূত্ৰ
- ↑ Joginder Tuteja. (31 December 2015). Sonakshi Sinha Turns Singer-Rapper. The New Indian Express
- ↑ Gaurav Dubey. Salman Khan hosts an impromptu birthday bash for Sonakshi Sinha. Mid Day
- ↑ (5 July 2014). Sonakshi Sinha: Year since 'Lootera', appreciation hasn't stopped. The Times of India. IANS
- ↑ Shatrughan Sinha breaks down after watching daughter Sonakshi in Lootera. Indian Express
- ↑ Hungama, Bollywood. (5 September 2016). "No one doubted my capacity as an actor in the past as well" – Sonakshi Sinha on Akira appreciation: Bollywood News - Bollywood Hungama
- ↑ Sonakshi Sinha. Box Office India
- ↑ Pradhan S. Bharati. (12 June 2012). It's work first for Sonakshi. The Telegraph (Kolkata)
- ↑ Sonakshi Sinhas birthday with fans. NDTV
- ↑ (18 January 2012). Just How educated are our Bollywood heroines?. Rediff.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোনাক্ষী সিন্হা” প্ৰবন্ধৰ সংশোধন ৬০৪৫৬৭ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।