ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
নীনা গুপ্তা
নীনা গুপ্তা (Neena Gupta; জন্ম: ৪ জুলাই, ১৯৫৯) দিল্লীত জন্মগ্ৰহণকাৰী প্ৰথিতযশা ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেত্ৰী আৰু পৰিচালক-নিৰ্মাতা। 'ৱহ চ'কৰি' চলচ্চিত্ৰত অভিনয় কৰে শ্ৰেষ্ঠ সহ-অভিনেত্ৰী শিতানত ১৯৯৪ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
পাৰৱীন বাবী
পাৰৱীন বাবী (Parveen Babi, ৪ এপ্ৰিল ১৯৪৯-২০ জানুৱাৰি ২০০৫) আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু মডেল৷ কুৰি শতিকাৰ আশী আৰু নবৈৰ দশকত পাৰৱীন বাবী হিন্দী ছবিৰ এখন চিনাকি মুখ হিচাপে পৰিচিত হৈছিল৷ সূদীৰ্ঘ কেৰিয়াৰত বাবীয়ে এগৰাকী গ্লেমাৰসম্পন্ন ফেশ্যন আইকন হিচাপে খ্যাতি লভিছিল আৰু সৰ্বাধিক…
-
বীণা ৰায়
বীণা ৰায় (Bina Rai বা Beena Roy, ১৩ জুলাই ১৯৩১ – ৬ ডিচেম্বৰ ২০০৯) এগৰাকী, বিশেষকৈ ভাৰতীয় চলচ্চিত্ৰ জগতৰ ক’লা-বগা যুগৰ অভিনেত্ৰী। তেওঁক আনাৰকলী (১৯৫৩), ঘুঙ্ঘট (১৯৬০), তাজমহল (১৯৬০) আদি ক্লাচিক ছবিত কৰা অভিনয়ৰ বাবে বহুল ভাবে জনা যায়।
-
যমুনা বৰুৱা
যমুনা বৰুৱা (১০ অক্টোবৰ ১৯১৯ – ২৪ নৱেম্বৰ ২০০৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৩৬ চনত মুক্তি লাভ কৰা শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘’দেৱদাস ‘’ উপন্যাসৰ আধাৰত নিৰ্মিত দেৱদাস চলচ্চিত্ৰৰ মুখ্য চৰিত্ৰ পাৰ্বতী বা পাৰ'ৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষ ভাবে জনাজাত।
-
ললিতা পাৱাৰ
ললিতা পাৱাৰ (Lalita Pawar; ১৮ এপ্ৰিল ১৯১৬ – ২৪ ফেব্ৰুৱাৰী ১৯৯৮) এগৰাকী প্ৰতিভাধৰ ভাৰতীয় অভিনেত্ৰী আছিল। পিছলৈ বিখ্যাত চৰিত্ৰাভিনেত্ৰী হিচাপে পৰিগণিত হোৱা পাৱাৰে সাতশতকৈও অধিক হিন্দী, মাৰাঠী আৰু গুজৰাটী চলচ্চিত্ৰত অভিনয় কৰিছে।
-
সাবিত্ৰী চট্টোপাধ্যায়
সাবিত্ৰী চট্টোপাধ্যায় ( Sabitri Chatterjee; জন্ম: ২২ ফেব্ৰুৱাৰী ১৯৩৭) এগৰাকী অভিনেত্ৰী, যাক বঙালী চলচ্চিত্ৰ আৰু পশ্চিমবঙ্গৰ মঞ্চত কৰা অভিনয়ৰ বাবে জনা যায়। তেওঁ ৬০ বছৰ জুৰি অভিনয়ৰ সৈতে জড়িত আছে। তেওঁ দুবাৰ ‘বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোচিয়েচন বঁটা’ পাইছে।
-
সুধা মূৰ্তি
সুধা মূৰ্তি (জন্ম: ১৯ আগষ্ট ১৯৫০) এগৰাকী ভাৰতীয় অভিযান্ত্ৰিক শিক্ষক, সমাজকৰ্মী আৰু লেখিকা। তেওঁ বৰ্তমান ইনফ'চিছ ফাউণ্ডেচনৰ অধ্যক্ষ আৰু মূলতঃ কানাড়া আৰু ইংৰাজী ভাষাত লিখা-মেলা কৰে। তেওঁ গেটছ ফাউণ্ডেচনৰ জনস্বাস্থ্য প্ৰকল্পৰ সদস্য।
-
সুপ্ৰিয়া পাঠক
সুপ্ৰিয়া কাপুৰ ({Supriya Kapoor; জন্ম ৭ জানুৱাৰী ১৯৬১) এগৰাকী হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ ভাৰতীয় অভিনেত্ৰী। তেওঁ খিচড়ি শৃংখলাৰ হংসা পাৰেখৰ চৰিত্ৰত অভিনয় আৰু সঞ্জয় লীলা ভাঞ্চালীৰ গোলিয়োঁ কি ৰাসলীলা ৰাম-লীলাত "ধনকোৰ বা"ৰ বিদ্ৰূপাত্মক অৱতাৰৰ বাবে বিশেষভাবে জনাজাত।
-
হেলেন (অভিনেত্ৰী)
হেলেন এন ৰিচাৰ্ডচন খান ( Helen Ann Richardson Khan, জন্ম: হেলেন এন ৰিচাৰ্ডচন, ২১ নৱেম্বৰ ১৯৩৮) এগৰাকী ভাৰতীয় বলীউডৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী, চমুকৈ যাক হেলেন নামেৰে জনা যায়। তেওঁ দুটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে আৰু ৭০০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।
-
ৰত্না পাঠক শ্বাহ
ৰত্না পাঠক শ্বাহ (Ratna Pathak Shah) (জন্ম-১৮ মাৰ্চ ১৯৫৭ ২০০৪-২০০৬ চনৰ সময়ছোৱাত ৰত্না পাঠক শ্বাহে হাস্যৰসপূৰ্ণ টিভি ধাৰাবাহিক ছাৰাভাই ভাৰ্ছেছ ছাৰাভাইত অভিনয় কৰি বিপুল সমাদৰ লাভ কৰে৷ তেখেতে অভিনয় কৰা কেইখনমান উল্লেখযোগ্য কথাছবি হৈছে জানে টু...য়া জানে না (২০০৮), গোলমাল ৩ (২০১০), কাপুৰ এণ্ড ছনছ…
-
ৰশ্মিকা মন্দান্না
ৰশ্মিকা মন্দান্না (ರಶ್ಮಿಕಾ ಮಂದಣ್ಣ; জন্ম ৫ এপ্ৰিল ১৯৯৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলেগু আৰু কন্নড় চলচ্চিত্ৰত কাম কৰে। তেওঁ মিডিয়া আৰু কন্নড় ফিল্ম ইণ্ডাষ্ট্ৰিত ‘কৰ্ণাটক ক্ৰাচ’ হিচাবে জনপ্ৰিয়।
-
ৰেৱতী
আশা কেলুন্নী (জন্ম: ৮ জুলাই ১৯৬৬)-ৰ জনপ্ৰিয় নাম হৈছে ৰেৱতী (Revathi)। ৰেৱতী ভাৰতীয় ছবি জগতৰ অভিনেত্ৰী। তেখেতেক সচৰাচৰ তামিল আৰু মালয়ালম ছবিত দেখিবলৈ পোৱা যায়। ফিল্মফেয়াৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি একাধিক স্বীকৃতি-সন্মান তেখেতে আহৰণ কৰিবলৈ সক্ষম হৈছে।
-
আয়েশা টাকিয়া
আয়েশা টাকিয়া (Ayesha Takia; জন্ম ১০ এপ্ৰিল ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বলিউডত অভিনয় কৰে। ১৫ বছৰ বয়সত 'কমপ্লান'ৰ বিজ্ঞাপন আৰু তাৰ পাছত ফাল্গুনী পাঠকৰ গীতকে ধৰি কেইটামান মিউজিক ভিডিঅ'ত অভিনয় কৰাৰ পাছত টাৰজান: দ্য ৱণ্ডাৰ কাৰ বোলছবিৰে তেওঁ বলিউডত আত্মপ্ৰকাশ কৰে।
-
ইন্দ্ৰানী হালদাৰ
ইন্দ্ৰানী হালদাৰ (Indrani Haldar; জন্ম: ৬ জানুৱাৰী ১৯৭১) বঙালী ভাষাৰ চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, তিনিটা ফিল্মফেয়াৰ বঁটা আৰু তিনিটা ‘বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোচিয়েচন (BFJA) বঁটা’ আৰু দুটা ‘আনন্দলোক বঁটা’ৰে সন্মানিত হৈছে।
-
ইলিয়ানা ডি'ক্ৰুজ
ইলিয়ানা ডি'ক্ৰুজ (Ileana D'Cruz; জন্ম: ১ নৱেম্বৰ ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ইলিয়ানাক সাধাৰণতে তেলুগু আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত দেখিবলৈ পোৱা যায়। তেখেতৰ জন্ম হৈছিল মুম্বাইত। পিতৃ ৰোনাল্ড ডি'ক্ৰুজ এগৰাকী অধিবক্তা আৰু মাতৃ হৈছে সমীৰা। শৈশৱৰ অধিকাংশ সময় ইলিয়ানাই গোৱাতেই কটায়।
-
ঊষা উথুপ
ঊষা উথুপ (Usha Uthup, জন্ম: ৭ নৱেম্বৰ ১৯৪৭) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ ভাৰতীয় পপ, ফিল্মী, জেজ আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে বিখ্যাত। তেওঁ ১৯৬০ৰ শেষৰ ফালে, ১৯৭০ আৰু ১৯৮০ দশকৰ কিছুমান জনপ্ৰিয় হিট গানৰ বাবে বিখ্যাত।
-
কীৰ্তি কুলহাৰী
কীৰ্তি কুলহাৰী (Kirti Kulhari) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ কীৰ্তিয়ে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷ ২০০২ চনত মুক্তিপ্ৰাপ্ত উড়িয়া ভাষাৰ ছবি ধৰিণীৰ জৰিয়তে কীৰ্তিয়ে অভিনয়ৰ জগতত পদাৰ্পণ কৰে৷ ২০১০ চনত কীৰ্তিয়ে খিচিড়ী:দ্য মুভি নামৰ হিন্দী ছবিখনত অভিনয় কৰে৷ এইখনেই হৈছে তেখেতে…
-
ছাই পল্লৱী
ছাই পল্লৱী ছেন্থামাৰাই (Sai Pallavi Senthamarai; জন্ম: ৯ মে' ১৯৯২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেখেতে তেলুগু, তামিল, আৰু মালয়ালম ভাষাৰ ছবিত অভিনয় কৰিছে। "প্ৰেমম" আৰু "ফিডা" নামৰ ছবিত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে তেখেতে বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
-
ছানয়া মালহোত্ৰা
ছানয়া মালহোত্ৰা (Sanya Malhotra, জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৯২) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। ছানয়াৰ অধিকাংশ ছবিয়েই হিন্দী ভাষাত নিৰ্মিত। ২০১৬ চনত মুক্তি লাভ কৰা জীৱনীমূলক ক্ৰীড়াভিত্তিক ছবি 'দংগল'ৰ জৰিয়তে পৰ্দাত ভুমূকি মৰা ছানয়াই ২০১৮ চনত 'বধাই হো' নামৰ ছবিখনত সফলভাৱে অভিনয় কৰে।
-
জয়া ভট্টাচাৰ্য
জয়া ভট্টাচাৰ্য (Jaya Bhattacharya, জন্ম: ১ জুলাই ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ দূৰদৰ্শন ধাৰাবাহিক বোৰত বিপক্ষ ভূমিকা পালন কৰাৰ বাবে জনা যায়। তেওঁ বোলছবিতো বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিছে। তেওঁ ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰাবাহিক 'কিউ কি চাছ ভি কভি বহু থি'ত কৰা অভিনয়ৰবাবে বিশেষভাৱে জনাজাত।
-
জ্যোতিকা
জ্যোতিকা সাৰাৱানন (Jyothika Saravanan); জন্ম ১৮ অক্টোবৰ ১৯৭৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে ৷ দ্য টাইমছ অৱ ইণ্ডিয়াৰ মতে তেখেত দক্ষিণ ভাৰতৰ শ্ৰেষ্ঠ অভিনেত্ৰীসকলৰ অন্যতম৷ ১৯৯৭ চনত মুক্তিপ্ৰাপ্ত হিন্দী ভাষাৰ চলচ্চিত্ৰ দোলী ছাজা কে ৰখনাৰ জৰিয়তে…
-
ডায়েনা হেইডেন
ডায়েনা হেইডেন (Diana Hayden; জন্ম ১ মে' ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন পৰিৱেশিকা, মডেল আৰু ১৯৯৭ চনত অনুষ্ঠিত হোৱা 'বিশ্ব সুন্দৰী' (মিছ ৱৰ্ল্ড)-ৰ বিজয়িনী। 'বিশ্ব সুন্দৰী'ৰ খিতাপ জয় কৰা ডায়েনা হৈছে তৃতীয়গৰাকী ভাৰতীয় নাৰী।
-
নন্দা (অভিনেত্ৰী)
নন্দা কৰ্ণাটকী ( Nanda Karnataki; ৮ জানুৱাৰী ১৯৩৯-২৫ মাৰ্চ ২০১৪) হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী অভিনেত্ৰী আছিল, যি চলচ্চিত্ৰ জগত নন্দা নামেৰে জনাজাত আছিল।
-
নয়না গাংগুলী
নয়না গাংগুলী এগৰাকী ভাৰতীয় বাঙালী অভিনেত্ৰী। তেওঁ মেৰী বেটী ছানী লিয়নি বননা চাহতী হ্যায় (২০১৭) আৰু চাৰিত্ৰহীন (হইচই-ৰ ৱেবছিৰিজ) (২০১৮)ৰ বাবে পৰিচিত।
-
নিগাৰ চুলতানা
নিগাৰ চুলতানা ( Nigar Sultana; ২১ জুন ১৯৩২- ২১ এপ্ৰিল ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁ হিন্দী ভাষাৰ ‘আগ’ (১৯৪৮), ‘পতঙ্গ’ (১৯৪৯), ‘শীশ মহল’ (১৯৫০), ‘মীৰ্জা গালিব’ (১৯৫৪), ‘ইহুদী’ (১৯৫৮), ‘দো কলিয়া’ (১৯৬৮) আদি ছবিত অভিনয় কৰি গৈছে।
-
পদ্মিনী (অভিনেত্ৰী)
পদ্মিনী (Padmini; ১২ জুন ১৯৩২-২৪ ছেপ্তেম্বৰ ২০০৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰশিক্ষিত ভাৰতনাট্যম শিল্পী আছিল। তেওঁ ২৫০খনতকৈও অধিক ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰিছে।
-
ফাটিমা ছানা শ্বেইখ
ফাটিমা ছানা শ্বেইখ (Fatima Sana Shaikh; জন্ম: ১১ জানুৱাৰী ১৯৯২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। হিন্দী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ফাটিমাক জনা যায়। চলচ্চিত্ৰৰ উপৰি তেখেতে দূৰদৰ্শনৰ পৰ্দাতো অভিনয় কৰিছে। ফাটিমাই 'ছাছী ৪২০' আৰু 'ওৱান টু কা ফ'ৰ' নামৰ হিন্দী ছবি দুখনত শিশু শিল্পী হিচাপে ভূমুকি মাৰিছিল।
-
শশীকলা
শশীকলা চাইগল (বিবাহৰ পূৰ্বে: জাৱালকৰ; Shashikala Saigal; ৪ আগষ্ট ১৯৩২-৪ এপ্ৰিল ২০২১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী আছিল, যাক বেছিকৈ প্ৰথম নামটোৰে জনা যায়।১৯৪০ৰ দশকৰ পৰা শতাধিক বলিউডী চলচ্চিত্ৰত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।
-
শ্ৰাবন্তী চট্টোপাধ্যায়
শ্ৰাবন্তী চট্টোপাধ্যায় এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ এবিপি নিউজৰ প্ৰাক্তন সাংবাদিকা তথা বাতৰি পৰিৱেশিকা আছিল। তেওঁ মূলতঃ বাংলা ছবিত অভিনয় কৰে।
-
সাক্ষী তানৱাৰ
সাক্ষী তানৱাৰ (Sakshi Tanwar, জন্ম: ১২ জানুৱাৰী ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন পৰিৱেশক। 'কাহানী ঘৰ ঘৰ কী', 'বড়ে অচ্চে লগতে হ্যেয়'ৰ দৰে ধাৰাবাহিক আৰু আমিৰ খান অভিনীত হিন্দী চলচ্চিত্ৰ দংগলত কৰা অভিনয়ৰ বাবে সাক্ষী পৰিচিত।