আশা পাৰেখ (Asha Parekh; জন্ম: ২ অক্টোবৰ ১৯৪২) হৈছে ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী, পৰিচালিকা আৰু প্ৰযোজক। আশা পাৰেখে নিজৰ সুদীৰ্ঘ কেৰিয়াৰত বহুকেইখন সফল আৰু সমাদৃত ছবিত অভিনয় কৰিছে। ১৯৬০ আৰু ১৯৭০ ৰ দশকৰ ভিতৰত তেখেত ছবি জগতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বুলি বিবেচিত হৈছিল।১২ হিন্দী ছবি জগতৰ সৰ্বকালৰ সৰ্বাধিক প্ৰভাৱশালী অভিনেত্ৰীৰ ভিতৰত আশা পাৰেখৰ নামটো দ্ব্যৰ্থহীনভাৱে লোৱা হয়।৩ ছবিৰ জগতলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে আশা পাৰেখক ভাৰত চৰকাৰে ১৯৯২ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানীত কৰে।
প্ৰাৰম্ভিক জীৱন
আশা পাৰেখ এগৰাকী গুজৰাটী নাৰী।৪ তেখেতৰ জন্ম হয় ১৯৪২ চনৰ ২ অক্টোবৰত। তেখেতৰ মাতৃ আছিল সুধা বা সালমা পাৰেখ আৰু পিতৃ আছিল বচ্চুভাই পাৰেখ। মাতৃ আছিল বহৰা মুছলিম সম্প্ৰদায়ৰ আৰু পিতৃ এগৰাকী গুজৰাটী হিন্দু।৫৬৭৮৯ মাতৃ সুধাই জীয়েকক খুব সৰুতেই ভাৰতীয় শাস্ত্ৰীয় নাচৰ বিদ্যালয়ত নাম লগাই দিয়ে আৰু পণ্ডিত বংশীলাল ভাৰতীৰ দৰে শিক্ষাগুৰুৰ অধীনত আশা পাৰেখে নৃত্যৰ শিক্ষা লাভ কৰে।
কৰ্মজীৱন
"বেবি আশা পাৰেখ" হিচাপে, এগৰাকী শিশু অভিনয়-শিল্পীৰ ৰূপত আশা পাৰেখে নিজৰ অভিনয় জীৱনৰ পাতনি মেলে। যশস্বী ছবি নিৰ্দেশক বিমল ৰয়ে তেখেতক মঞ্চানুষ্ঠানত নৃত্য পৰিৱেশন কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। তাৰেই পৰিণতি হিচাপে ১৯৫২ চনত নিৰ্মিত ছবি "মা"ত বিমল ৰয়ে দহ বছৰীয়া আশা পাৰেখক অভিনয় কৰোৱায়। ১৯৫৪ চনত নিৰ্মিত আন এখন ছবি "বাপ বেটী"তো আশা পাৰেখে অভিনয় কৰে।১০ দ্বিতীয়খন ছবিয়ে সফলতা দেখুৱাব নোৱৰাত আশা পাৰেখৰ মন ভাঙি পৰে। তেখেতে ইয়াৰ পিছত আৰু কেইখনমান ছবিত শিশু অভিনেত্ৰী হিচাপে কাম কৰিছিল আৰু বিদ্যালয়লৈ যোৱা বন্ধ কৰি দিছিল।১১ ১৬ বছৰ বয়সত তেখেতে পুনৰ অভিনয় জগতলৈ ঘূৰি আহে আৰু এগৰাকী নায়িকাৰ ৰূপত অভিষেক কৰে। অৱশ্যে তাৰকাসদৃশ উপাদানৰ গৰাকী নোহোৱা বাবে তেখেতক পৰিচালক বিজয় ভাট্টে নাকচ কৰে। আঠ দিনৰ পাছত ছবি প্ৰযোজক সুবোধ মুখাৰ্জী আৰু লেখক-পৰিচালক নাছিৰ হুছেইনে "দিল দেকে দেখো"ত (১৯৫৯) আশা পাৰেখক নায়িকা হিচাপে অৱতীৰ্ণ কৰোৱায়। তেখেতৰ বিপৰীতে অভিনয় কৰিছিল শাম্মী কাপুৰে। এইখন ছবিয়ে তেখেতলৈ অপাৰ সফলতা কঢ়িয়াই আনে।১২
১৯৯৫ চনত আশা পাৰেখে অভিনয় কৰিবলৈ বাদ দিয়ে আৰু দূৰদৰ্শনৰ ধাৰাবাহিক প্ৰযোজনা আৰু পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। ২০০২ চনত ফিল্মফেয়াৰে তেখেতক জীৱনজোৰা সাধনা বঁটাৰে সন্মানীত কৰে।১৩
২০১৭ চনত তেখেতৰ আত্মজীৱনী "দ্য হিট গাৰ্ল" প্ৰকাশিত হয়। গ্ৰন্থখনৰ সহ-লেখক হৈছে খালিদ মোহম্মদ।১৪
মানৱসেৱা
আৰ্তজনৰ সহায়ৰ বাবে আশা পাৰেখে এখন চিকিৎসালয় মুকলি কৰে; যাৰ নাম হৈছে 'Bcj Hospital And Asha Parekh Research Centre'।১৫ তেখেতে কয় যে, চিকিৎসালয়খন বহুবাৰ বন্ধ কৰা হৈছে আৰু পুনৰ একাধিকবাৰ খোলা হৈছে।১৬
ব্যক্তিগত জীৱন
ৰ সৈতে]]
আশা পাৰেখ আজীৱন অবিবাহিত হৈ থাকে। আত্মজীৱনী "দ্য হিট গাৰ্ল"ত আশা পাৰেখে কিছুমান উৰা-বাতৰিৰ সত্যতা প্ৰতিপন্ন কৰে আৰু মন্তব্য কৰে যে,১৭১৮ পৰিচালক নাছিৰ হুছেইনৰ লগত তেখেতৰ ৰোমাণ্টিক সম্পৰ্ক আছিল। কিন্তু বিবাহিত হুছেইন আৰু তেওঁৰ পৰিয়ালটোৰ সন্মানৰ কথা চিন্তা কৰি আশা পাৰেখে তেখেতৰ লগত বিয়াত নবহিল।১৯
বৰ্তমান আশা পাৰেখে নিজৰ নৃত্য একাডেমী "কাৰা ভৱন" আৰু মুম্বাইৰ ছাণ্টা ক্ৰজুত থকা আশা পাৰেখ হস্পিতালত মনোনিৱেশ কৰিছে। মানৱসেৱাৰ ক্ষেত্ৰত আগবঢ়াই অহা কৰ্মবোৰৰ বাবে হাস্পতালখনৰ নামটো তেখেতৰ নামেৰে দিয়া হৈছে।৭২০
বঁটা আৰু সন্মান
- অখণ্ড সৌভাগ্যৱতীৰ বাবে ১৯৬৩ চনত গুজৰাট চৰকাৰৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ গুজৰাট ৰাজ্যিক সন্মান২১
- চিৰাগ বোলছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা, ১৯৬৯ চনত
- কটি পতংগৰ বাবে ১৯৭১ চনত ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা
- উধাৰ কা ছিন্দুৰৰ বাবে ১৯৭৬ চনত শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা
- মেইন তুলছী তেৰে আংগন মেৰ বাবে ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ মনোনয়ন, ১৯৭৮ চনত
- কলাত পদ্মশ্ৰী সন্মান, ১৯৯২ চনত২২২৩
- ফিল্মফেয়াৰৰ জীৱনজোৰা সাধনাৰ বঁটা, ২০০২ চনত
- জীৱনজোৰা সাধনাৰ বঁটা, কলাকাৰ বঁটা, ২০০৪ চনত
- বিমল ৰয় স্মাৰক জীৱনজোৰা সাধনাৰ বঁটা, ২০১৯ চনত২৪
- গ্লোবেল চিনেমা ফেষ্টিভেল-জীৱনজোৰা সাধনাৰ বঁটা, ২০২০ চনত২৫
তথ্যসূত্ৰ
- ↑ (2 October 2019). O Haseena Zulfo Waali Jaane Jahan! On 77th Birthday, A Look at What Asha Parekh Gave To Cinema. indiatimes.com
- ↑ Bhawana Somaaya. Screen The Business Of Entertainment-Films-Happenigs. Screenindia.com
- ↑ Tribune.com.pk. (8 December 2013). Still waiting to work with Dilip Kumar: Asha Parekh. The Express Tribune
- ↑ Khan, Saeed. (6 May 2012). Gujarat woman gave censor the scissors. The Times of India
- ↑ I was enamoured by Nasir saab - Asha Parekh. Filmfare
- ↑ (28 March 2011). Asha Parekh – Memories. Cineplot.com
- ↑ Asha ParekhSpirituality – Indiatimes. Spirituality.indiatimes.com
- ↑ (14 October 2010). I AM: Asha Parekh. The Times Of India
- ↑ (10 September 2017). There's a lot to me than just a glamourous actress, says Asha Parekh at PILF. Hindustan Times
- ↑ Parekh, Asha and Mohammed, Khalid. The Hit Girl. New Delhi: Om Books International (2017), p. 49
- ↑ The Hindu: Poise and pearly smiles. Hinduonnet.com
- ↑ Interview. Thirtymm.com
- ↑ Filmfare – Print Edition. Downloads.movies.indiatimes.com
- ↑ Apoorva Nijhara. (17 March 2017). Asha Parekh's autobiography titled The Hit Girl's cover speaks of her charm
- ↑ National Health Portal
- ↑ (25 March 2018). In loss, Asha Parekh Hospital pulls the plug. DNA India
- ↑ web.archive.org/web/20091024190704/http://geocit Sadhana (actress) referred to a relationship between Asha and Nasir Hussain, but also acknowledged that she did not know the extent of their relationship]
- ↑ Lucky strike: Asha Parekh. filmfare.com
- ↑ Parekh, Asha and Mohammed, Khalid. The Hit Girl. New Delhi: Om Books International (2017), p. 214-217
- ↑ (6 April 2017). Felt miserable, had suicidal thoughts: Asha Parekh on her most successful time. Hindustan Times
- ↑ Parekh, Asha and Mohammed, Khalid. The Hit Girl. New Delhi: Om Books International (2017), p.150
- ↑ Search Awardees – Padma Awards – My India, My Pride – Know India: National Portal of India. India.gov.in
- ↑ (20 June 2009). Asha Parekh: Recall value. Deccan Herald
- ↑ Yogesh Pawar. (13 January 2019). My biggest regret is turning down Satyajit Ray: Asha Parekh. Daily News and Analysis
- ↑ (18 January 2020). Yesteryear actor Asha Parekh to be honoured at Global Cinema Festival in Sikkim. United News India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আশা পাৰেখ” প্ৰবন্ধৰ সংশোধন ৫৩১৯২২ (১২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।