দিব্যা খোসলা কুমাৰ (Divya Khosla Kumar) এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু পৰিচালক যিয়ে হিন্দী চলচ্চিত্ৰত কাম কৰি আহিছে।১ তেওঁ বিভিন্ন বিজ্ঞাপন পৰিচালনা কৰিছে আৰু কিছুমান গীতৰ ভিডিঅ’তো অভিনয় কৰিছে। তেওঁ ভূষণ কুমাৰৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয় যি টি-চিৰিজ মিউজিক লেবেল আৰু চলচ্চিত্ৰ প্ৰযোজনা কোম্পানীৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক।
কেৰিয়াৰ
দিব্যাই ১৮ বছৰ বয়সত মডেলিং আৰম্ভ কৰে আৰু ২০ বছৰ বয়সত বলীউডৰ পৰা বিৰতি পাই মুম্বাইলৈ গুচি যায়, য'ত তেওঁ ভূষণ কুমাৰৰ লগ পায়।২ তেওঁ ২০০৪ চনৰ তেলেগু চলচ্চিত্ৰ “লাভ টুডে”ৰ দ্বাৰা অভিনেত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ ফাল্গুনী পাঠককে গোৱা প’প গান "আইয়ো ৰাম"ৰ এটা ভিডিঅ'তো ভুমূকি মাৰে।৩ তেওঁ একে বছৰতে “আব তুমহাৰে হাৱালে ৱাতান সাথিয়ো” চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে।৪ দিব্যাই তেতিয়া অভিনয়ৰ পৰা দীঘলীয়া বিৰতি লয় আৰু পৰিচালনাত মনোনিবেশ কৰে।
চিনেমাটোগ্ৰাফী আৰু সম্পাদনাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত, দিব্যাই আগম কুমাৰ নিগম, জাৰ্মাইন জেকচন, তুলসী কুমাৰৰ গীতৰ ভিডিঅ’ আৰু কেইখনমান এড ফিল্মৰ পৰিচালনা কৰিছিল। ২০টা গীতৰ ভিডিঅ’ পৰিচালনা কৰাৰ পিছত, দিব্যাই ২০১৪ চনত তেওঁৰ প্ৰথম পৰিচালনা উদ্যোগ “য়াৰিয়ান” চলচ্চিত্ৰখন কৰে।৫ দিব্যাই ছবিখনত ৫টা গানৰ নৃত্য পৰিচালনা কৰিছিল, যাৰ ভিতৰত আছে "বাৰিশ", “মা”, “লাভ মি থোডা ঔৰ”, “আল্লা ৱাৰিয়া” আৰু “জৰ লগাকে”।৬ তেওঁৰ দ্বিতীয় পৰিচালনা প্ৰকল্প আছিল “সনম ৰে”, যিটো ২০১৬ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে মুক্তি দিয়া হৈছিল।৭৮৯১০ দিব্যা ২০১৫ চনত ৰণবীৰ কাপুৰ অভিনীত “ৰয়” চলচ্চিত্ৰৰ অন্যতম প্ৰযোজক।
২০২১ চনত তেওঁজন আব্ৰাহামৰ বিপৰীতে “সত্যমেৱ জয়তে ২” -ৰ জৰিয়তে পুনৰ অভিনয়লৈ উভতি আহে। যিখন ১৩ মে’ত মুক্তিৰ বাবে নিৰ্ধাৰিত হৈছে।১১
চলচ্চিত্ৰপুঞ্জী
অভিনেত্ৰী হিচাপে
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | টোকা | তথ্য প্ৰসংগ |
|---|---|---|---|---|
| ২০০৪ | লাভ টুডে | পাৰৱথা বাৰধিনি (Parvatha Vardhini) | প্ৰথম চলচ্চিত্ৰ, তেলেগু | ১২ |
| অৱ তুমহাৰে হাৱালে ৱতন সাথিয়ো | শ্বেতা ৰাজবীৰ সিং | ১৩ | ||
| ২০১৬ | সনম ৰে | নিজে | (“আক্কা বাক্কা” আৰু “হামনে ৰাখী হে“) গীতত স্পেচিয়েল এপিয়াৰেঞ্চ | ১৪ |
| ২০১৭ | বুলবুল | বুলবুল | চুটি ছবি | ১৫১৬১৭ |
| ২০২১ | সত্যমেয় জয়তে ২ | সীতা ৰামেশ্বৰ | ১৩ মে’ত মুক্তি পাব | ১৮১১ |
পৰিচালক হিচাপে
প্ৰযোজক হিচাপে
| বৰ্ষ | চলচ্চিত্ৰ | টোকা | তথ্য প্ৰসংগ |
|---|---|---|---|
| ২০১৫ | ৰয় | ২১ | |
| ২০১৯ | খান্দানী চাফাখানা | ||
| ২০১৯ | বটলা হাউচ | ||
| ২০১৯ | মাৰজাৱা | ২২ | |
| ২০২০ | ষ্ট্ৰেট ডান্সাৰ থ্ৰীডি | সহকাৰী প্ৰযোজক | |
| ২০২০ | লুডো | নেটফ্লিক্স | ২৩ |
| ২০২০ | ইন্দু কী জৱানী |
বাহ্যিক সংযোগ
- ফিল্মীহাবত দিব্যা খোসলা কুমাৰ
তথ্যসূত্ৰ
- ↑ My husband is smart, strict producer: Divya Khosla Kumar. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ I came to Mumbai to achieve something and not to get married: Divya Khosla Kumar - Times of India. The Times of India
- ↑ Indian Express (17 December 2013). Retrieved 24 December 2015
- ↑ I enjoy direction more than acting: Divya Khosla - Indian Express. archive.indianexpress.com
- ↑ My scripts were rejected by Bhushan, reveals Divya Khosla Kumar who turns director with 'Yaariyan' . DNA India (14 December 2013)
- ↑ Director Divya Khosla Kumar choreographs five songs for Yaariyan: Bollywood, News – India Today . India Today.intoday.in (8 January 2014). Retrieved 24 December 2015
- ↑ Divya Kumar. (8 April 2012). Divya Kumar to focus on new penchant. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ 'My husband said, 'Why make a film? I can gift you anything worth Rs 10 crore' . rediff.com (8 January 2014)
- ↑ Saif Ali Khan was really generous, says Divya Khosla Kumar . CNN-IBN.in.com (8 December 2013). Retrieved 24 December 2015
- ↑ I enjoy direction more than acting: Divya Khosla Kumar . Mid-day.com (18 December 2013). Retrieved 24 December 2015
- ↑ (17 March 2021). John Abraham starrer Satyameva Jayate 2 to release on May 13, 2021. Bollywood Hungama
- ↑ Have a look at the MULTI-talented and versatile Divya Khosla!. in.news.yahoo.com
- ↑ World would be so dry without women: 'Yaariyan' director Divya Khosla Kumar. The New Indian Express
- ↑ Divya Khosla Kumar does a hot dance in 'Sanam Re' - Times of India. The Times of India
- ↑ WATCH | Bulbul star Divya Khosla Kumar finds filmmaking 'very tough'. The New Indian Express
- ↑ (6 December 2017). Full Movie: Bulbul (Short Film) – Divya Khosla Kumar – Shiv Pandit – Elli AvrRam. T-Series
- ↑ (2017-12-05). Actor-producer Divya Khosla Kumar learns Kathak for 'Bulbul'. Zee News
- ↑ (2020-11-20). Divya Khosla Kumar celebrates her birthday on Satyameva Jayate 2 sets in Lucknow with John Abraham, see pics. Hindustan Times
- ↑ Exclusive! Divya Khosla Kumar: It is not easy to be a filmmaker and it has nothing to do with my gender - Times of India. The Times of India
- ↑ (2016-01-28). I don't miss acting: Sanam Re director Divya Khosla Kumar. Hindustan Times
- ↑ (2016-06-07). Divya Khosla Kumar: The Stunner, the Producer, the Yummy Mummy. dailybhaskar
- ↑ (31 October 2018). Sidharth Malhotra shares first look poster of Marjaavaan, the film will also star Tara Sutaria. See pic. Hindustan times
- ↑ (19 October 2020). Abhishek, Aditya Roy Kapur, Rajkummar, Pankaj Tripathi & others lives go beyond one's understanding. DNA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিব্যা খোসলা কুমাৰ” প্ৰবন্ধৰ সংশোধন ৫০৭৬৩৯ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।