অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঝৰণা দাস

ঝৰণা দাস (ଝରଣା ଦାସ, ১৯৪৫ – ২ ডিচেম্বৰ ২০২২) এগৰাকী ভাৰতীয় ওলিউড অভিনেত্ৰী আৰু সাংবাদিক আছিল। তেওঁ ওড়িয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত আছিল।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ঝৰণা দাস (ଝରଣା ଦାସ, ১৯৪৫ – ২ ডিচেম্বৰ ২০২২) এগৰাকী ভাৰতীয় ওলিউড অভিনেত্ৰী আৰু সাংবাদিক আছিল। তেওঁ ওড়িয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত আছিল।১২৩৪

জীৱন আৰু কেৰিয়াৰ

ঝৰণা দাসে ১৯৬০-ৰ দশকত আকাশবাণী কটকৰ এজন শিশু শিল্পী আৰু ঘোষক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, য’ত তেওঁ নাটক, গীত আৰু চলচ্চিত্ৰৰ সৃষ্টিশীল সমল প্ৰস্তুত কৰিছিল।৩ পৰৱৰ্তী সময়ত তেওঁ কটক দূৰদৰ্শনৰ সহকাৰী ষ্টেচন সঞ্চালক হিচাপেও কাম কৰিছিল।৫

টাইমছ নাও-এ উল্লেখ কৰিছে যে দাসে "চলচ্চিত্ৰজগতত এনে এক সময়ত কেৰিয়াৰ বাছি লৈছিল যেতিয়া বহুতে এই পথত খোজ দিবলৈ কুণ্ঠাবোধ কৰিছিল"৩ আৰু তেওঁ নিজৰ এই ইচ্ছাক আগুৱাই নিবলৈ পৰিয়ালৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ভাৰতীয় বায়ুসেনাত কৰ্মৰত তেওঁৰ ভাতৃয়ে পৰিয়ালক ঝৰণাৰ পছন্দ অনুসৰি কাম কৰিবলৈ অনুমতি দিবলৈ মান্তি কৰাইছিল।৩ তেওঁ কলকাতাত ভইচ কালচাৰৰ প্ৰশিক্ষণ লৈছিল যিয়ে তেওঁৰ চলচ্চিত্ৰৰ অভিনয়ত এক নতুন মাত্ৰা যোগ কৰিছিল।৩

যেতিয়া তেওঁ অভিনয়লৈ আহে, তেতিয়া তেওঁ অমাড়া বাট, বাৰী, শ্ৰী জগন্নাথ, অদিন মেঘ আৰু অভিনেত্ৰীৰ দৰে চলচ্চিত্ৰত আগবঢ়োৱা অভিনয়ৰ বাবে জনপ্ৰিয় হৈ পৰে।১৬২৭ তেওঁৰ অন্যান্য উল্লেখযোগ্য চৰিত্ৰসমূহৰ ভিতৰত আছিল হিচাপ-নিকাচ, পূজাফুল, মালাজহ্ন আৰু হীৰা নীল, যাৰ বাবে তেওঁ বহু বঁটা লাভ কৰিছিল।৫ সামগ্ৰিকভাৱে তেওঁ প্ৰায় ৪০খন ছবিত মহিলাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।২

স্বাধীনতা সংগ্ৰামী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী হৰেকৃষ্ণ মাহতাবৰ ওপৰত এখন জীৱনীমূলক তথ্যচিত্ৰ পৰিচালনা কৰাৰ কৃতিত্বও তেওঁক দিয়া হয়।৫

তেওঁ ১৯৭৭ চনত জয়দেৱ পুৰস্কাৰৰ 'জীৱনজোৰা সাধনা বঁটা' আৰু ২০১৬ চনত জীৱনজোৰা সাধনাৰ বাবে 'গুৰু কেলুচৰণ মহাপাত্ৰ বঁটা' লাভ কৰিছিল।৮

তেওঁ কটক দূৰদৰ্শনৰ সহকাৰী ষ্টেচন সঞ্চালক হোৱাৰ লগতে এগৰাকী প্ৰশিক্ষিত ধ্ৰুপদী নৃত্যশিল্পীও আছিল।৭৯১০১১

তেওঁৰ স্বামী তেওঁৰ ছবি মালাজহ্নৰ কেমেৰামেন আছিল।১০

মৃত্যু

২০২২ চনৰ ২ ডিচেম্বৰত কটকৰ নিজা বাসভৱনত দাসৰ মৃত্যু হয়।১১ তেওঁৰ মৃত্যুত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শোক প্ৰকাশ কৰে।১২৭ ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও অভিনেত্ৰীগৰাকীৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰে আৰু ঘোষণা কৰে যে তেওঁৰ শেষ কৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব। পাটনায়কে এক বিবৃতিত কয়,

মঞ্চ আৰু চলচ্চিত্ৰত তেওঁৰ প্ৰভাৱশালী অভিনয় সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ আত্মাই শান্তি পাওক আৰু শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।৫

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও দাসৰ মৃত্যুত শোক প্ৰকাশ কৰে।৫

তথ্যসূত্ৰ

  1. ↑ (2 December 2022). Veteran Odia film actor Jharana Das dies at 77, President Murmu remembers her 'outstanding contribution' to films. Hindustan Times
  2. ↑ Pradhan, Hemanta. (3 December 2022). Jharana Das, Doyen Of Odia Cinema, Passes Away At 82 · Bhubaneswar News. The Times of India
  3. ↑ (2 December 2022). Who is Jharana Das, the 'legendary actress' whose death President Droupadi Murmu condoled. TimesNow
  4. ↑ (2 December 2022). Veteran Odia actress Jharana Das passes away at 82. India Today
  5. ↑ Veteran Odia Actor Jharana Das Dies At 77. NDTV.com
  6. ↑ 'Amada Bata' actress Jharana Das passes away at 82. The Economic Times
  7. ↑ PTI. (2 December 2022). Veteran Odia film actress Jharana Das dies at 77. The Hindu
  8. ↑ (1 September 2016). Guru Kelucharan Awards for 2016 announced. The Pioneer
  9. ↑ (December 2022). Veteran Odia film actress Jharana Das dies at 77 – The New Indian Express. The New Indian Express
  10. ↑ Pradhan, Hemanta. (2 December 2022). Jharana Das Death News: Noted Odisha actress, singer Jharana Das passes away at 77. The Times of India
  11. ↑ Veteran Odia film actress Jharana Das dies at 77. Tribune India News Service
  12. ↑ (2 December 2022). Veteran Odia film actress Jharana Das dies at 77, CM Naveen Patnaik condoles death. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝৰণা দাস” প্ৰবন্ধৰ সংশোধন ৫৯৪৫৬৪ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।