তাৰা সুতাৰিয়া (ইংৰাজী ভাষা: Tara Sutaria; জন্ম: ১৯ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা যিয়ে মূলতঃ হিন্দী ভাষা চলচ্চিত্ৰত কাম কৰে।১ তেওঁ ডিজনী ইণ্ডিয়াৰ ৰিয়েলিটী শ্ব’ বিগ বড়া বুমৰ (২০১০) জৰিয়তে এগৰাকী গায়িকা হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত একেটা চেনেলৰ ছিটকয়ম দ্য চুইট লাইফ অৱ কৰণ এণ্ড কবীৰ (২০১২) আৰু অয়ে জাছীৰ (২০১৩) জৰিয়তে অভিনয়লৈ ৰূপান্তৰিত হয়। ২০১৯ চনত ষ্টুডেণ্ট অৱ দ্য ইয়াৰ ২ ছবিৰ জৰিয়তে সুতাৰিয়াই চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে, যাৰ বাবে তেওঁ জী চিনে বঁটাৰ শ্ৰেষ্ঠ নবাগত অভিনেত্ৰীৰ সন্মান লাভ কৰে। ইয়াৰ পিছত তেওঁ একচনধৰ্মী ছবি মৰজাঁৱা (২০১৯) আৰু এক ভিলেইন ৰিটাৰ্ণছত (২০২২) মুখ্য অভিনেত্ৰী হিচাপে কাম কৰে। ২০২৩ চনৰ ছাৰ্ভাইভেল থ্ৰিলাৰ ছবি অপূৰ্বাত তেওঁৰ বলিষ্ঠ অভিনয় বিশেষভাৱে চৰ্চিত হয়।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৯৫ চনৰ ১৯ নৱেম্বৰত মুম্বাইত তাৰা সুতাৰিয়াৰ জন্ম হৈছিল।১ তেওঁৰ পিতৃ হিমাংশু সুতাৰিয়া এজন হিন্দু আৰু মাতৃ টিনা সুতাৰিয়া পাৰ্চী সম্প্ৰদায়ৰ এগৰাকী জৰদস্তীয়ান।২৩৪ সংস্কৃত ভাষাত তেওঁৰ নামৰ অৰ্থ হ’ল "তৰা।" ৫ তেওঁৰ পিয়া নামৰ এগৰাকী যমজ ভগ্নী আছে।৬ তেওঁলোকে যুক্তৰাজ্যৰ ৰয়েল একাডেমী অৱ ডান্স আৰু ইম্পেৰিয়েল ছ’চাইটি ফৰ টিচাৰ্ছ অৱ ডান্সিংৰ অধীনৰ স্কুল অৱ ক্লাছিকেল বেলেট এণ্ড ৱেষ্টাৰ্ণ ডান্সত ক্লাছিকেল বেলেট, মডাৰ্ণ ডান্স আৰু লেটিন আমেৰিকান নৃত্যৰ প্ৰশিক্ষণ লৈছিল। সাত বছৰ বয়সৰপৰাই তেওঁ এগৰাকী পেছাদাৰী গায়িকা হিচাপে কাম কৰি আহিছে আৰু তেতিয়াৰপৰাই বিভিন্ন অপেৰা আৰু প্ৰতিযোগিতাত গীত গাইছে।৭৮ তেওঁ ছেইণ্ট এণ্ড্ৰিউজ কলেজ অৱ আৰ্টছ, চায়েঞ্চ এণ্ড কমাৰ্চৰপৰা মাছ মিডিয়া বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে।৯
সংবাদ মাধ্যমৰ ভাবমূৰ্তি
২০১৯ চনত সুতাৰিয়া ভাৰতত গুগলত অষ্টম সৰ্বাধিক ট্ৰেণ্ডিং ব্যক্তিত্ব হিচাপে পৰিগণিত হৈছিল।১০ দি টাইমছ অৱ ইণ্ডিয়াৰ "টাইমছ ৫০ গৰাকী আটাইতকৈ আকৰ্ষণীয় মহিলা"ৰ তালিকাত সুতাৰিয়া ২০১৯ চনত ১৩সংখ্যক আৰু ২০২০ চনত ১২সংখ্যক স্থানত আছিল।১১১২
সুতাৰিয়াই পশু কল্যাণ আৰু নাৰীবাদৰ দৰে কেইবাটাও সামাজিক কাৰ্যক সমৰ্থন কৰে।১৩ তেওঁ লেকমে ফেশ্বন উইকত ৰেম্প ৱাক কৰাৰ লগতে বিভিন্ন আলোচনীৰ কভাৰ মডেল হিচাপেও কাম কৰিছে।১৪১৫ সুতাৰিয়া ববি ব্ৰাউন কচমেটিকছ, হাজুৰীলাল লিগেচি জুৱেলাৰ্ছ আৰু নেচাৰ ৪ নেচাৰকে ধৰি কেইবাটাও ব্ৰেণ্ড আৰু সামগ্ৰীৰ চেলিব্ৰিটি এণ্ডোৰ্চাৰ।১৬ শেষৰটোৰ বিজ্ঞাপনত তেওঁক ঈশান খট্টৰৰ সৈতে দেখা গৈছিল।১৭
তথ্যসূত্ৰ
- ↑ (19 November 2021). Inside Tara Sutaria and her 'other half' Pia's birthday bash with buddies. See pics. The Indian Express
- ↑ Joginder Tuteja. (6 May 2019). Tiger Shroff is an incredible dance partner" – Tara Sutaria on her Student of the Year 2 co-star. বলিউড হাংগামা
- ↑ (18 November 2020). Happy Birthday, Tara Sutaria. Incredible@25. NDTV
- ↑ Kriti Sonali. (19 November 2018). Inside photos from SOTY 2 star Tara Sutaria's birthday bash. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Tara - Baby Name Meaning, Origin and Popularity. thebump.com
- ↑ Tara Sutaria And Twin Pia In A Precious Throwback. NDTV
- ↑ Pratibha Devasenapathy. (24 May 2018). Here are some facts about 'Student of the Year 4' debutante Tara Sutaria. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (11 April 2018). Who is Tara Sutaria?. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Chatterjee, Arundhati. (8 September 2013). The balancing act. হিন্দুস্তান টাইমছ
- ↑ See what was trending in 2019 – India. Google Trends
- ↑ MEET THE TIMES 50 MOST DESIRABLE WOMEN 2019 - Times of India ►. The Times of India
- ↑ The Times Most Desirable Women of 2020 - Times of India. The Times of India
- ↑ (3 November 2022). Tara Sutaria Feeds Starving Stray Dogs, Urges Fans To 'Do The Same'. News18 India
- ↑ Tara Sutaria turns up HEAT on ramp in black lehenga at Lakme Fashion Week 2022. Zee News
- ↑ (28 June 2022). Tara Sutaria enchants in an embellished number on Hello! Magazine cover. Bollywood Hungama
- ↑ (14 December 2022). Bobbi Brown India unveils Tara Sutaria as brand ambassador for skincare range. The Financial Express
- ↑ Tara Sutaria and Ishaan Khatter skip the concrete jungle in Nature 4 Nature campaign. The Economics Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাৰা সুতাৰিয়া” প্ৰবন্ধৰ সংশোধন ৬০২৩৪৭ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।