অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জানকী বড়িৱালা

জানকী বড়িৱালা (জন্ম: ৩০ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ গুজৰাটী ছবিত কাম কৰে। তেওঁ ছেল্লো দিৱস (২০১৫), ছুট্টি জাশে ছাক্কা (২০১৮), নাদী দোষ (২০২২) আৰু ৱাশ্ব (২০২৩) ছবিৰ বাবে পৰিচিত। ২০২৪ চনত চেইতান ছবিৰ জৰিয়তে তেওঁ হিন্দী চিনেমা জগতত আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জানকী বড়িৱালা (জন্ম: ৩০ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ গুজৰাটী ভাষা ছবিত কাম কৰে। তেওঁ ছেল্লো দিৱস (২০১৫), ছুট্টি জাশে ছাক্কা (২০১৮), নাদী দোষ (২০২২) আৰু ৱাশ্ব (২০২৩) ছবিৰ বাবে পৰিচিত। ২০২৪ চনত চেইতান ছবিৰ জৰিয়তে তেওঁ হিন্দী ভাষা চিনেমা জগতত আত্মপ্ৰকাশ কৰে।১২

প্ৰাৰম্ভিক জীৱন

বড়িৱালাই ১৯৯৫ চনৰ ৩০ অক্টোবৰত৩ আহমেদাবাদৰ ভাৰত আৰু কাশ্মীৰা বড়িৱালাৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।৪৫ তেওঁৰ ধ্ৰুপদ বড়িৱালা নামৰ এজন ভ্ৰাতৃ আছে।৬ তেওঁ আহমেদাবাদৰ এম কে চেকেণ্ডাৰী এণ্ড হায়াৰ চেকেণ্ডাৰী স্কুলৰপৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰিছে। তেওঁ গান্ধীনগৰৰ গোৱেংকা ৰিচাৰ্ছ ইনষ্টিটিউট অৱ ডেণ্টাল চাইন্সৰপৰা বেচেলৰ অৱ ডেণ্টাল চাৰ্জৰী (বিডিএছ) ডিগ্ৰী লাভ কৰে। তেওঁ ২০১৯ চনৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু মিছ ইণ্ডিয়া গুজৰাটৰ শীৰ্ষ ৩ গৰাকী প্ৰতিযোগীৰ মাজত স্থান লাভ কৰিছিল।৭

কেৰিয়াৰ

কৃষ্ণদেৱ যাজ্ঞিকৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত গুজৰাটী ছবি ছেল্লো দিৱসৰ জৰিয়তে বড়িৱালাই অভিনয় জগতত আত্মপ্ৰকাশ কৰে।৮ ২০১৫ চনৰ ২০ নৱেম্বৰত বিশ্বজুৰি ২৩১খন পৰ্দাত মুক্তি পোৱা ছবিখনে সমালোচকৰ ইতিবাচক সঁহাৰি লাভ কৰাৰ লগতে ব্যাৱসায়িকভাৱেও সফল হয়।৯

২০১৭ চনত তেওঁ অ'! তাৰী,১০ তাম্বুৰো১১ আৰু দাউড পাকাদত অভিনয় কৰে।১২ পৰৱৰ্তী সময়ত তেওঁ ছুট্টি জাশে ছাক্কা,১৩ তাৰী মাটে ৱানচ ম'ৰ (২০১৮) আৰু বাউ না বিচাৰ (২০১৯) আদি ছবিত অভিনয় কৰে।১৪ তেওঁ যশ ছনীৰ সৈতে কৃষ্ণদেৱ যাজ্ঞিকৰ ছবি নাদী দোষত (২০২২) অভিনয় কৰিছিল।১৫১৬ ২০২৩ চনত তেওঁ ব্লকবাষ্টাৰ ছবি ৱাশ্বত অভিনয় কৰে আৰু ছবিখনত বড়িৱালাৰ অভিনয়ে দৰ্শকৰ বিপুল প্ৰশংসা লাভ কৰে।

২০২৪ চনত তেওঁ অজয় দেৱগন, জ্যোতিকা আৰু আৰ. মাধৱনৰ সৈতে বিকাশ বাহলৰ ছবি চেইতানৰ জৰিয়তে হিন্দী চিনামাত আত্মপ্ৰকাশ কৰে। এই ছবিখন আছিল ৱাশ্বৰ পুনৰ্নিৰ্মাণ য’ত তেওঁ পূৰ্বৰ চৰিত্ৰটোকেই জাহ্নৱী ঋষি নামেৰে ৰূপায়ণ কৰিছিল।১৭

সংবাদ মাধ্যম

২০১৯ চনত দি টাইমছ অৱ ইণ্ডিয়াৰ "টাইমছ ৫০ গৰাকী আটাইতকৈ আকৰ্ষণীয় মহিলা"ৰ তালিকাত বড়িৱালাই ৫০সংখ্যক স্থান লাভ কৰিছিল।১৮

তথ্যসূত্ৰ

  1. ↑ Shaitaan Teaser: Ajay Devgn, Jyotika And Madhavan Tangled In A Spookfest. NDTV
  2. ↑ Janki Bodiwala filmography and details
  3. ↑ Masand, Taru. (2024-05-04). Shaitaan's Janki Bodiwala: From Chhello Divas to Bollywood debut. News9live
  4. ↑ Who is Shaitaan's Janki Bodiwala? Trained to be dentist, had superhit debut at 20, competed in Miss India but... DNA India
  5. ↑ Bharatvarsh, TV9. (2024-03-03). कौन हैं 'शैतान' में अजय देवगन की बेटी का रोल निभाने वाली जानकी बोड़ीवाला. TV9 Bharatvarsh
  6. ↑ Gujarati film celebrities and their equally attractive siblings
  7. ↑ (November 20, 2019). Janki Bodiwala – Everything You Need to Know. BollyBonda
  8. ↑ Movie Review: Chhello Divas
  9. ↑ (12 January 2016). After Recent Hits At The Box Office, 'Gollywood' Rises in Gujarat. NDTV.com
  10. ↑ O! Taareee movie review
  11. ↑ Tamburo Gujarati movie released on 18 August, 2017
  12. ↑ Janki Bodiwala strikes a pose in a stunning slit dress
  13. ↑ 'Chhutti Jashe Chhakka': 5 things you need to know about the upcoming Gujarati film
  14. ↑ Bau Na Vichaar Movie Review {3.0/5}: Critic Review of Bau Na Vichaar by Times of India. The Times of India
  15. ↑ Yash Soni and Janki Bodiwala wrap up the untitled venture
  16. ↑ આવી ગયું રોમેન્ટિક ગુજરાતી ફિલ્મ 'નાડી દોષ'નું ટ્રેલર, છવાઈ ગયા યશ અને જાનકી. I am Gujarat
  17. ↑ Shaitaan review: Vikas Bahl's raw yet tiring horror debut is salvaged by Madhavan, Janki Bodiwala's chilling acts. DNA India
  18. ↑ MEET THE TIMES 50 MOST DESIRABLE WOMEN 2019 – Times of India ►. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীগুজৰাটী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জানকী বড়িৱালা” প্ৰবন্ধৰ সংশোধন ৬৩৭১৫০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।