জিলীক ভট্টাচাৰ্য এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে ওড়িয়া ভাষা আৰু বঙালী ভাষা চলচ্চিত্ৰ জগতত অভিনয় কৰে।১ তেওঁ টাৰ্গেট ছবিৰ জৰিয়তে ওড়িয়া চলচ্চিত্ৰত অভিষেক ঘটায়। ইয়াৰ পূৰ্বে তেওঁ অভিষেক বচ্চন অভিনীত ৰাৱন ছবিত সহকাৰী নৃত্য পৰিচালক হিচাপে কাম কৰিছিল।
প্ৰাৰম্ভিক জীৱন
ভট্টাচাৰ্যৰ জন্ম পশ্চিমবঙ্গত হৈছিল। তেওঁৰ পিতৃ মৃত্যুঞ্জয় ভট্টাচাৰ্য আৰু মাতৃ সুমনা ভট্টাচাৰ্য। তেওঁ ভাৰতনাট্যম আৰু কথক নৃত্যৰ এগৰাকী প্ৰশিক্ষিত নৃত্যশিল্পী। তেওঁ শিয়ামক দাভৰ ডান্স ইনষ্টিটিউটৰপৰা আধুনিক নৃত্যৰ শিক্ষাও গ্ৰহণ কৰিছে। তেওঁ মণি ৰত্নমৰ অধীনত এগৰাকী সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল।২
অভিনয় জীৱন
২০১৩ চনত ঝিলিকে ওড়িয়া ছবি টাৰগেট জৰিয়তে ওড়িয়া চলচ্চিত্ৰ জগতত অভিনয় আৰম্ভ কৰে।৩ এই ছবিখনত মিহিৰ দাসৰ পুত্ৰ অম্লান দাসেও অভিনয় আৰম্ভ কৰিছিল।৪ সেই বছৰেই ঝিলিকে এখন বাংলা ছবি “ক্লাছমেট”তো অভিনয় কৰিছিল। তাৰ পিছত ২০১৪ চনত ঝিলিকে সাৰ্থক মুভিজৰ ছবি আখিৰে আখিৰেত নায়ক বাবুশান মহান্তিৰ সৈতে অভিনয় কৰিছিল। পাছত তেওঁ বাবুশানৰ সৈতে লেখু লেখু লেখি দেলি, ছুপাৰ মিছুৱা, জবৰদস্ত প্ৰেমিকা আদি ছবিতো অভিনয় কৰে।
জিলীকে অভিনেতা অৰিন্দম ৰায়ৰ সৈতে লাভ ইউ হামেশাত অভিনয় কৰিছিল। অভিনেতা অনুভৱ মহান্তিৰ সৈতে তেওঁ জগা হাতৰে পঘা৫, অগস্ত্য৬, দেৱী৭ আদি ছবিত অভিনয় কৰিছিল।
২০১৭ চনত জিলীকে অভিনেতা সম্বিত আচাৰ্যৰ সৈতে তমকু দেখিলা পৰে ছবিত অভিনয় কৰিছিল।৮ তাৰ পিছত তেওঁ নায়ক জ্যোতি ৰঞ্জন নায়কৰ সৈতে তু মো হিৰো ছবিত অভিনয় কৰিছিল।৯ দেৱালীৰ সময়ত এই ছবিখনৰ মুক্তি লাভ কৰিছিল। এই ছবিখনত ঝিলিকে এগৰাকী মাকৰ ভূমিকাত অভিনয় কৰিছিল।১০
২০১৮ চনত ঝিলিক আৰু জ্যোতিৰ অভিনীত ছবি ওলে ওলে দিল বোলে পণা সংক্ৰান্তিৰ উপলক্ষ্যে মুক্তি লাভ কৰিছিল।১১ এই ছবিখনৰ পৰিচালনা কৰিছিল কৈলাস মহাপাত্ৰই।১২১৩ সিদ্ধান্ত মহাপাত্ৰ, মিহিৰ দাস, ৰাজীৱ, প্ৰিয়ংকা আদি শিল্পীয়ে এই ছবিখনত বিভিন্ন ভূমিকাত অভিনয় কৰিছিল।১৪
ব্যক্তিগত জীৱন
২০২০ চনৰ ১১ মাৰ্চত চিলিকাত এক ব্যক্তিগত বিবাহ অনুষ্ঠানৰ জৰিয়তে তেওঁ বিধায়ক প্ৰীতিৰঞ্জন ঘৰাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ শহুৰেক প্ৰাক্তন বিত্ত মন্ত্ৰী তথা বি জে ডিৰ উপ-সভাপতি শ্ৰী প্ৰফুল্ল চন্দ্ৰ ঘৰাই।১৫
চলচ্চিত্ৰৰ তালিকা
| বছৰ | চলচ্চিত্ৰ | ভূমিকা | ভাষা | টোকা |
|---|---|---|---|---|
| ২০১৩ | টাৰ্গেট | ওড়িয়া ভাষা | ||
| ২০১৩ | এনকাউণ্টাৰ | বঙালী ভাষা | ||
| ২০১৩ | ক্লাছমেট | বাংলা | ||
| ২০১৪ | আখিৰে আখিৰে | ওড়িয়া | ||
| ২০১৪ | লেখু লেখু লেখি দেলি | ওড়িয়া | ||
| ২০১৪ | আমাৰ আমি | বাংলা | ||
| ২০১৪ | নীল’লোঁহিত | বাংলা | ||
| ২০১৫ | জগা হাতৰে পঘা | ওড়িয়া | ||
| ২০১৫ | লাভ ইউ হামেশা | ওড়িয়া | ||
| ২০১৫ | ছুপাৰ মিছুৱা | ওড়িয়া | ||
| ২০১৬ | আগস্তিয়া | ওড়িয়া | ||
| ২০১৬ | জবৰদস্ত প্ৰেমিকা | ওড়িয়া | ||
| ২০১৭ | তমকু দেখিলা পৰে | ওড়িয়া | ||
| ২০১৮ | ওলে ওলে দিল বোলে | ওড়িয়া | ||
| ২০১৮ | আমি শুধু তোৰ হলাম | বাংলা |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (30 May 2020). Actress Jhilik looked beautiful in traditional dress. News Track
- ↑ Singha, Minati. (17 June 2016). Looking forward to a long innings, says Odia actress Jhilik Bhattacharjee. The Times of India
- ↑ (27 September 2017). ଏହି ନିର୍ଦ୍ଦେଶକମାନଙ୍କ ସହ ଦ୍ୱିତୀୟ ଥର କାମ କରିନାହାନ୍ତି ଝିଲିକ୍!. ସମ୍ବାଦ
- ↑ (24 December 2012). Target odia movie mahurat. Incredible Orissa
- ↑ Jaga Hatare Pagha. Odia Movie Database
- ↑ Agastya. Odia Movie Database
- ↑ Baby. Odia Movie Database
- ↑ Tamaku Dekhila Pare. Odia Movie Database
- ↑ (15 October 2017). ଝିଲିକ୍-ଜ୍ୟୋତିଙ୍କ ପ୍ରେମ
- ↑ (22 October 2017). ଚୁଲ୍ବୁଲି ଝିଅ, ପତ୍ନୀ ଓ ଶେଷରେ ସ୍ନେହମୟୀ ମାଆ ଭୂମିକାରେ ଝିଲିକ୍!. sambad.in
- ↑ (15 April 2018). ଚର୍ଚ୍ଚାରେ ଯୋଡ଼ି. ସମାଜ
- ↑ (15 February 2018). ଏହି ନାୟକଙ୍କ ସହ ଝିଲିକଙ୍କ ଯୋଡି ସବୁଠାରୁ ପପୁଲାର୍. sambad.in
- ↑ (18 February 2018). ଝିଲିକଙ୍କ ଖୁସି. ସମାଜ
- ↑ (8 April 2018). ବାଃ ଝିଲିକ୍. ସମାଜ ৰବିବাৰ
- ↑ (12 March 2020). Actress Jhilik tied knot with BJD MLA - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝিলিক ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৬০৯৯৩৮ (৩০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।