দিশা পাণ্ডে (ইংৰাজী ভাষা: Disha Pandey) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তামিল ভাষা চলচ্চিত্ৰত অভিনয় কৰিছে, বিশেষকৈ ব্যাৱসায়িকভাৱে সফল ছবি তামিল পড়ম (২০১০) আৰু তেলুগু ভাষা, কন্নড় ভাষা তথা হিন্দী ভাষা ভাষাৰ ছবিত অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
২০১১ চনত দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এটা প্ৰবন্ধত পাণ্ডেই উল্লেখ কৰিছিল যে তেওঁৰ পিতৃ শিক্ষা বিভাগৰ এজন গেজেটেড বিষয়া আছিল আৰু মাতৃয়ে হিন্দুস্তান কপাৰত কাম কৰিছিল। তেওঁ লগতে প্ৰকাশ কৰিছিল যে তেওঁৰ এগৰাকী বায়েক আৰু এজন ভায়েক আছে।১
পাণ্ডেই দ্বাদশ শ্ৰেণীত পঢ়ি থকাৰ সময়তে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল, কিন্তু অভিনয় অব্যাহত ৰখাৰ আগতে তেওঁক স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। দ্বাদশ শ্ৰেণীত গণিতৰ সৈতে জীৱবিজ্ঞান বিষয় বাছি লোৱা সত্ত্বেও ডিগ্ৰীটো অধিক সহজে সম্পূৰ্ণ কৰিবলৈ দিশাই কলা শাখাত পঢ়াৰ সিদ্ধান্ত লৈছিল। ২০১১ চনত তেওঁ মানৱ অধিকাৰ বিষয়ত কলা শাখাৰ প্ৰথম বৰ্ষ সম্পূৰ্ণ কৰাৰ কথা জনাইছিল।১
কৰ্মজীৱন
পাণ্ডেই প্ৰিন্স জুৱেলৰী আৰু আমূল লাচ্চীকে ধৰি বিভিন্ন ব্যাৱসায়িক বিজ্ঞাপনৰ বাবে মডেলিং কৰিছে।১
পাণ্ডেই ২০১০ চনৰ সফল কমেডী ছবি তামিল পড়মৰ জৰিয়তে অভিনেত্ৰী হিচাপে প্ৰাৰম্ভিক সফলতা লাভ কৰিছিল।১
তেওঁ নিতিন সাথিয়াৰ বিপৰীতে তামিল ছবি মায়ানগিনেন থায়ানগিনেন (২০১২) আৰু শ্ৰীকান্ত ভেমুলাপল্লীৰ পৰিচালনাত তেলেগু ভৌতিক ছবি মোক্ষত (২০১৩) অভিনয় কৰিছিল। মায়ানগিনেন থায়ানগিনেনত তেওঁ এগৰাকী অতি ঘৰুৱা ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল— যি এখন কল টেক্সী কোম্পানীত কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ হিচাপে নিয়োজিত আছিল।২
তেওঁ ২০১৪ চনত জয় ললিতাৰ জৰিয়তে কানাড়া চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে, যিখন ২০১২ চনৰ মালয়ালম সফল ছবি মায়া-মোহিনীৰ কানাড়া ৰিমেক আছিল। এই ছবিখনত তেওঁ সেই চৰিত্ৰটোত অভিনয় কৰিছিল যিটো মূল ছবিত মালয়ালম অভিনেত্ৰী মৈথিলীয়ে কৰিছিল।৩ তেওঁ আন এখন কানাড়া ছবি বোম্বাই মিঠাইতো (২০১৫) অভিনয় কৰিছে, য’ত তেওঁ ভ্ৰমণ আৰু ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী এটা চৰিত্ৰ ৰূপায়ণ কৰিছে।৪
তথ্যসূত্ৰ
- ↑ (13 June 2011). 'Tamizh Padam' Disha Pandey. The New Indian Express
- ↑ Bharathan, Bijoy. (16 November 2010). Ready for more 'Tamizh Padams'. The Times of India
- ↑ CR, Sharanya. (1 July 2013). Disha and Aishwarya make their Kannada debut. The Times of India
- ↑ (2 April 2014). Love for Travel Made Disha Sign 'Bombay Mittai'. The New Indian Express. Indo-Asian News Service
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিশা পাণ্ডে” প্ৰবন্ধৰ সংশোধন ৫৯৯১৪৮ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।