ছানায়া ইৰাণী (ইংৰাজী ভাষা: Sanaya Irani; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৮৩১২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। ভাৰতৰ এগৰাকী আগশাৰীৰ আৰু জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী হিচাপে পৰিগণিত৩৪৫ ইৰাণীয়ে এটা আই টি এ বঁটা, এটা ইণ্ডিয়ান টেলি বঁটা আৰু তিনিটা গ’ল্ড বঁটা লাভ কৰিছে।
ইৰাণীয়ে ২০০৬ চনত হিন্দী ছবি ‘ফানা’ৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে আৰু ২০০৭ চনত ‘লেফ্ট ৰাইট লেফ্ট’ৰ জৰিয়তে টেলিভিছনত আত্মপ্ৰকাশ কৰে। ‘মিলি যখন হাম তুম’ত গুঞ্জন ভূষণ শেৰগিল, ‘ইছ প্যাৰ কো ক্যা নাম দুন?’-ত খুছী গুপ্তা ৰায়জাদা আৰু ‘ৰংগৰাচীয়া’ত পাৰ্বতী চৌহান ৰানাৱাটৰ চৰিত্ৰ ৰূপায়ণৰ বাবে ইৰাণী আটাইতকৈ বেছি পৰিচিত। ২০১৫ চনত তেওঁ ‘ঝলক দিখলা যা’ত অংশগ্ৰহণ কৰি প্ৰথম ৰানাৰ্ছ আপ হয়। পৰৱৰ্তী সময়ত ২০১৭ চনত তেওঁ স্বামী মোহিত চেহগলৰ সৈতে ‘নাচ বলিয়ে’ত অংশ লৈ দ্বিতীয় ৰানাৰ্ছ আপ হিচাপে প্ৰতিযোগিতা শেষ কৰে।৬৭
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ইৰাণীৰ জন্ম ১৯৮৩ চনৰ ১৭ ছেপ্টেম্বৰত মুম্বাইত এটা ইৰাণী (জাৰথুষ্ট্ৰীয়) পৰিয়ালত হৈছিল।৮ ইৰাণীয়ে উটীৰ দ্য লৰেন্স স্কুল, লাভডেলত সাত বছৰ পঢ়া-শুনা কৰিছিল। তেওঁ মুম্বাইৰ চিডেনহাম কলেজ অৱ কমাৰ্চ এণ্ড ইক'নমিক্সৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু মডেলিং আৰম্ভ কৰাৰ পূৰ্বে এম বি এ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি আছিল।৯
ব্যক্তিগত জীৱন

‘মিলি যখন হাম তুম’ৰ ছেটত ইৰাণীয়ে অভিনেতা মোহিত চেহগলক লগ পায় আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। ধাৰাবাহিকখনৰ শ্বুটিং অন্ত পৰা অন্তিম দিনটোত অৰ্থাৎ ২০১০ চনৰ ১৯ নৱেম্বৰত তেওঁলোকে নিজৰ সম্পৰ্কৰ কথা ঘোষণা কৰিছিল।১০ ২০১৫ চনৰ ডিচেম্বৰ মাহত তেওঁলোকৰ আঙঠি পিন্ধোৱা পৰ্ব (engagement) সম্পন্ন হয়।১১ ২০১৬ চনৰ ২৫ জানুৱাৰীত গোৱাত এক পৰম্পৰাগত হিন্দু বিবাহ অনুষ্ঠানৰ জৰিয়তে ইৰাণীয়ে মোহিত চেহগলৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১২
তথ্যসূত্ৰ
- ↑ (17 September 2017). Happy Birthday Sanaya Irani: Lesser known facts about the Iss Pyaar Ko Kya Naam Doon actor. The Indian Express
- ↑ (17 September 2016). Sanaya Irani turns 33 today: Lesser known facts about 'Iss Pyaar Ko Kya Naam Doon' actress. The Times of India
- ↑ Highest paid television actors in India. Yahoo
- ↑ Times of India. These TV actresses are more popular than Bollywood actresses
- ↑ Roy, Deb. List of Top 35 Hottest TV Actresses in India
- ↑ (2 June 2017). I want to win Nach Baliye for Mohit: Sanaya Irani. Times Of India
- ↑ Naithani, Priyanka. (18 October 2012). From reel to real life jodis. The Times of India
- ↑ (17 September 2016). Sanaya Irani turns 33 today: Lesser known facts about 'Iss Pyaar Ko Kya Naam Doon' actress. Times Of India
- ↑ Sydenham College of Commerce and Economics - Our Profile
- ↑ (14 August 2011). We are opposites who attract: Sanaya, Mohit. The Times of India
- ↑ See pics: Sanaya Irani and Mohit Sehgal gets engaged. India Today
- ↑ (27 January 2016). Sanaya Irani and Mohit Sehgal ties the knot in Goa. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছানায়া ইৰাণী” প্ৰবন্ধৰ সংশোধন ৬০২২৪৬ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।