বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী
২৪১ প্ৰবন্ধ
-
ইন্দ্ৰাণী বসু
ইন্দ্ৰাণী বসু (Indrani Bose জন্ম ১৫ আগষ্ট ১৯৫১) এগৰাকী ভাৰতীয় পদাৰ্থবিজ্ঞানী, কলকাতাৰ বসু ইনষ্টিটিউটৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক। তেওঁৰ বিশেষত্বৰ ক্ষেত্ৰবোৰ হৈছে তাত্ত্বিক ঘনীভূত পদাৰ্থ, কোৱাণ্টাম তথ্য তত্ত্ব, পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান, জৈৱিক পদাৰ্থ বিজ্ঞান আৰু প্ৰণালী।
-
এম. সাৰদা মেনন
মামবালিকালাথিল সাৰদা মেনন, চমুকৈ এম. সাৰদা মেনন, (M. Sarada Menon, জন্ম: ৫ এপ্ৰিল ১৯২৩) এগৰাকী ভাৰতীয় মনোৰোগ বিশেষজ্ঞ, সামাজিক কৰ্মী আৰু চিজোফ্ৰেনিয়া গৱেষণা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা।
-
কমলা সাহানী
কমলা সাহানী (১৪ ছেপ্তেম্বৰ ১৯১২ - ২৮ জুন ১৯৯৮) এগৰাকী অগ্ৰণী ভাৰতীয় জীববিজ্ঞানী আছিল, তেওঁ ১৯৩৯ চনৰ বৈজ্ঞানিক শৃঙ্খলাৰ পিএইচডি অৰ্জনকাৰি প্ৰথম ভাৰতীয় মহিলা। বাংগালোৰত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত তেওঁৰ এই স্বীকৃতিয়ে ইতিহাসত প্ৰথমবাৰলৈ এনে প্ৰতিষ্ঠানত মহিলাৰ অংশগ্ৰহণৰ পথ মুকলি কৰিছিল।
-
কান্তা গুপ্তা
চন্দেৰ কান্তা গুপ্তা (এফআৰচিএছ) (৮ অক্টোবৰ ১৯৩৮ – ২৭ মাৰ্চ ২০১৬) আছিল মেনিট'বা বিশ্ববিদ্যালয়ৰ গণিতশাস্ত্ৰৰ এগৰাকী বিশিষ্ট অধ্যাপক। বিমূৰ্ত বীজগণিত আৰু শ্ৰেণী তত্ত্বত কৰা গৱেষণাৰ বাবে তেওঁক জনা যায়। বিভিন্ন শ্ৰেণীত থকা স্বসমাকৃতিকতা (automorphism) তেওঁৰ অধিকাংশ গৱেষণাত চৰ্চাৰ বিষয় আছিল।
-
জয়তী ঘোষ
জয়তী ঘোষ (Jayati Ghosh; জন্ম ১৬ ছেপ্টেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় উন্নয়ন অৰ্থনীতিবিদ। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় প্ৰায় ৩৫ বছৰ ধৰি তেওঁ অৰ্থনীতিৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল আৰু ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাচুচেটছ এমহাৰ্ষ্ট বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ…
-
বিদিতা অশোক বৈদ্য
বিদিতা অশোক বৈদ্য (জন্ম: ১৫ নৱেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় স্নায়ুবিজ্ঞানী আৰু টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপক। ইয়াৰ আগতে তেওঁ ৱেলকাম ট্ৰাষ্টত জেষ্ঠ্য গৱেষণা ফেল' আৰু ভাৰতীয় বিজ্ঞান একাডেমীত সহকাৰী হিচাপে কৰ্মৰত আছিল। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰ হৈছে স্নায়ুবিজ্ঞান আৰু আণৱিক মনস্তত্ব।
-
ভামা শ্ৰীনিবাসন
ভামা শ্ৰীনিবাসন (জন্ম ২২ এপ্ৰিল ১৯৩৫) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতক সাধাৰণতে জনা যায় সসীম গোটৰ উপস্থাপনা তত্ত্বলৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেতৰ অৱদানসমূহক নিউথাৰ বক্ততাৰে ১৯৯০ চনত সন্মানীত কৰা হয়।
-
মংগলা নাৰ্লিকাৰ
মংগলা নাৰ্লিকাৰ হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে উচ্চ গণিত আৰু সাধাৰণ গণিত, দুয়োখনে ক্ষেত্ৰলৈকে অৱদান আগবঢ়াইছে। গণিতত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেখেতে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত কৰ্মত নিয়োজিত হয়। পৰৱৰ্তী পৰ্যায়ত তেখেতে মুম্বাই বিশ্ববিদ্যালয় আৰু পুনে বিশ্ববিদ্যালয়ত কৰ্মৰত হয়।
-
মণিবেন কাৰা
মণিবেন কাৰা (Maniben Kara, ১৯০৫-১৯৭৯) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ট্ৰেড ইউনিয়নৰ সদস্য আছিল।তেওঁ হিন্দ মাজদুৰ সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল আৰু ইয়াৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ অৱদানৰ বাবে ১৯৭০ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
-
মৌমিতা দত্ত
মৌমিতা দত্ত এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে মহাকাশ প্ৰয়োগ কেন্দ্ৰ (Space Applications Centre,SAC), আৰু আহমেদাবাদস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত বিজ্ঞানী/অভিযন্তা হিচাপে কৰ্মৰত। তেখেত আলোকীয় আৰু ইনফ্ৰাৰেড সংবেদক/সৰঞ্জামৰ বিকাশ আৰু পৰীক্ষণৰ লগত জড়িত(cameras and imaging spectrometers)।
-
লীলা গান্ধী
লীলা গান্ধী (Leela Gandhi; জন্ম ১৯৬৬) ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী সাহিত্যিক আৰু সাংস্কৃতিকতত্ত্ববিদ যিগৰাকী উত্তৰ ঔপনিৱেশিক তত্ত্ব বিষয়ত কৰা কামৰ বাবে বিখ্যাত। তেওঁ বৰ্তমান জন হকছৰ মানৱতা আৰু ইংৰাজীৰ অধ্যাপক আৰু ব্ৰাউন বিশ্ববিদ্যালয় পেমব্ৰোক চেণ্টাৰ ফৰ টিচিং এণ্ড ৰিচাৰ্চ অন উইমেনৰ সঞ্চালক।
-
শালিনী মোঘে
শালিনী মোঘে (১৯১৪ - ২০১১) এগৰাকী ভাৰতীয় শিক্ষাবিদ, সমাজকৰ্মী আৰু জনজাতীয় শিশুৰ বাবে কস্তুৰবা কন্যা স্কুল আৰু মধ্যপ্ৰদেশ ৰাজ্যৰ প্ৰথম মণ্টেছৰী বিদ্যালয় বাল নিকেতন সংঘৰ প্ৰতিষ্ঠাপক।, তেওঁ ভাৰতীয় গ্ৰামীণ মহিলা সংঘ, ইন্দোৰৰ অধ্যক্ষ আছিল, যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী সংস্থাটোৱে সমাজৰ বিশেষ…
-
শোভানা নৰসিংহ
শোভানা নৰসিংহ (Shobhana Narasimhan) হৈছে বাংগালোৰস্থিত 'জৱাহৰলাল নেহৰু উচ্চ বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ'ৰ এগৰাকী অধ্যাপিকা। তেখেতে তাত্ত্বিক বিজ্ঞানত অধ্যাপনা কৰে। তেখেতৰ গৱেষণাক্ষেত্ৰৰ মূল বিষয় হৈছে গণনামূলক নেনোবিজ্ঞান।
-
সবিতা বেহেন
সবিতা বেহেন (১৯১৯-২০০৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সমাজকৰ্মী, শিক্ষাবিদ আৰু দ্বিকক্ষীয় ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ প্ৰাক্তন সদস্য আছিল। তেওঁ মহিলা সৱলীকৰণ আৰু লিংগ সমতাৰ অধিবক্তা হিচাপে পৰিচিত আছিল আৰু ১৯৯০ চনত সমতা গণতন্ত্ৰ পৰিষদে তেওঁক বিশ্বৰ ৩৩০০ বিশিষ্ট জীৱিত মহিলাৰ ভিতৰত তালিকাভুক্ত…
-
সুদীপ্তা সেনগুপ্তা
সুদীপ্তা সেনগুপ্তা (Sudipta Sengupta) এগৰাকী ভাৰতীয় ভূবিজ্ঞানী। তেওঁ কলকাতাত অৱস্থিত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ গাথঁনিক ভূবিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ এগৰাকী প্ৰশিক্ষিত পৰ্বতাৰোহী। তেওঁ সমুদ্ৰ বিজ্ঞানী আদিতি পণ্টৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম মহিলা।
-
ৰামন পৰিমালা
ৰামন পৰিমালা (জন্ম ২১ নৱেম্বৰ, ১৯৪৮) এগৰাকী ভাৰতীয় গণিতজ্ঞ। বীজগণিতৰ ক্ষেত্ৰত অৱদানৰ বাবে তেখেতে সুনাম অৰ্জন কৰিছে। বৰ্তমান তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এমৰী বিশ্ববিদ্যালয়ত গণিতৰ কলা আৰু বিজ্ঞান বিশিষ্ট অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ৰামাদেৱী চৌধুৰী
ৰামাদেৱী চৌধুৰী (Ramadevi Choudhury; ৩ ডিচেম্বৰ ১৮৯৯ – ২২ জুলাই ১৯৮৫), যাক ৰামা দেৱী বুলিও কোৱা হয়, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক আছিল। ওড়িশাৰ মানুহে তেওঁক মা বুলি কৈছিল। ভুৱনেশ্বৰৰ ৰামাদেৱী মহিলা বিশ্ববিদ্যালয়ৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।
-
ৰেণী বৰ্গিজ
ৰেণী মাৰিয়া বৰ্গিজ (Renee Maria Borges) (জন্ম ২৫ ফেব্ৰুৱাৰী, ১৯৫৯) এগৰাকী ভাৰতীয় জীৱবিজ্ঞানী (evolutionary biologist)৷ বৰ্তমান তেওঁ ভাৰতীয় জীৱবিজ্ঞান প্ৰতিষ্ঠানৰ ’চেন্টাৰ ফৰ ইক’ল’জিকেল চায়েন্সেছ’ বিভাগত অধ্যাপক ৰূপে কৰ্মৰত৷ তেওঁৰ জীৱন আৰু বৈজ্ঞানিক গৱেষণা সম্পৰ্কে ’ইণ্ডিয়া টুডে’ আলোচনীয়ে…
-
অঞ্জলি ৰয়
অঞ্জলি ৰয় (Anjali Roy; এপ্ৰিল ১৯৩০ – ২২ জানুৱাৰী ২০১৭) এগৰাকী বিশিষ্ট ভাৰতীয় মাইক’লজিষ্ট আৰু শিক্ষাবিদ আছিল। ভেঁকুৰ প্ৰজাতিৰ ৰয়’প’ৰাছৰ নাম তেওঁৰ সন্মানত ৰখা হৈছে।
-
অঞ্জু চদ্ধা
অঞ্জু চাধা (:Anju Chadha; জন্ম: ৪ মে' ১৯৫৫ আহমেদনগৰত) এজন ভাৰতীয় জৈৱ ৰসায়নবিদ। তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি মাদ্ৰাজৰ অধ্যাপিকা। তেওঁ জৈৱ অনুঘটক আৰু এনজাইম ব্যৱস্থা, জৈৱিক সংশ্লেষণত এনজাইম, এনজাইম ব্যৱহাৰ কৰি অসমতাপূৰ্ণ সংশ্লেষণ, চাইৰ'টেকন'লজী, সেউজ ৰসায়ন আৰু জৈৱচেন্সৰৰ ক্ষেত্ৰত কাম কৰে।
-
অনিনহল্লী ভাছাভি
অধ্যাপক অনিনহল্লী আৰ. ভাছাভি (Aninhalli Vasavi) যাক, এ.আৰ.ভাছাভি বুলিও জনা যায়৷ তেওঁ বেংগালুৰুৰ বাহিৰৰ এজন সামাজিক নৃতত্ত্ববিদ আৰু এজন স্বতন্ত্ৰ গৱেষক; তেওঁৰ আগ্ৰহ বিষয় কৃষি অধ্যয়ন, ভাৰতৰ সমাজবিজ্ঞান আৰু শৈক্ষিক অধ্যয়ন।
-
অনু আগা
অনু আগা (Anu Aga; জন্ম ১৯৪২) হৈছে এগৰাকী ভাৰতীয় বিলিয়নাৰ, উদ্যোগী মহিলা, এগৰাকী সমাজকৰ্মী, ৰাজ্যসভাৰ মনোনীত সাংসদ। শক্তি আৰু পৰিৱেশ অভিযান্ত্ৰিকৰ কোম্পানী থাৰ্মেক্স লিমিটেডৰ অধ্যক্ষা হিচাপে তেখেতে ১৯৯৬ চনৰ পৰা ২০০৪ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল।
-
অনুৰাধা টি. কে.
অনুৰাধা টি.কে. (Anuradha T. K.) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় বিজ্ঞানী আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ISRO)ৰ বিশেষ যোগাযোগ উপগ্ৰহৰ কাৰ্যসূচী সঞ্চালক। তেওঁ জি এছ এ টি-১২ আৰু জি এছ এ টি-১০ উপগ্ৰহৰ উৎক্ষেপণৰ কামৰ সৈতেও জড়িত।
-
অন্নপূৰ্ণি সুব্ৰমণিয়াম
ড° অন্নপূৰ্ণি সুব্ৰমণিয়াম (Annapurni Subramaniam) এগৰাকী জ্যোতিৰ্বিজ্ঞানী আৰু বৰ্তমান বাংগালুৰুৰ ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠানৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ উপৰিও তেওঁ এই প্ৰতিষ্ঠানটোৰ মুৰব্বী হোৱা প্ৰথমগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানী।
-
অন্বিতা অব্বী
অন্বিতা অব্বী (Anvita Abbi; জন্মঃ ৯ জানুৱাৰি ১৯৪৯) এগৰাকী ভাৰতীয় ভাষাতত্ত্ববিদ আৰু সংখ্যালঘু ভাষাৰ পণ্ডিত। তেওঁ দক্ষিণ এছিয়াৰ জনজাতীয় ভাষা আৰু অন্যান্য সংখ্যালঘু ভাষা বিষয়ক অধ্যয়নৰ বাবে পৰিচিত।
-
অপৰাজিতা দত্ত
অপৰাজিতা দত্ত (Aparajita Datta), ১৯৭০ চনত জন্ম গ্ৰহণ কৰা এগৰাকী ভাৰতীয় বন্যপ্ৰাণী পৰিৱেশ বিজ্ঞানী, যিয়ে প্ৰকৃতি সংৰক্ষণ ফাউণ্ডেশ্যনৰ বাবে কাম কৰে। অৰুণাচল প্ৰদেশৰ ঘন গ্ৰীষ্মমণ্ডলীয় অৰণ্যত কৰা তেওঁৰ গৱেষণাই সফলতাৰে ধনেশ পক্ষীৰ ওপৰত গুৰুত্ব আৰোপ কৰি চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰিছে।
-
অপৰ্ণা দত্ত গুপ্তা
অপৰ্ণা দত্ত গুপ্তা (Aparna Dutta Gupta; ১১ মে ১৯৫৩ - ২৯ জুন ২০২০) এগৰাকী ভাৰতীয় প্ৰাণীবিজ্ঞানী আৰু শিক্ষাবিদ। তেওঁ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ স্কুল অৱ লাইফ ছায়েন্সৰ পশু জীৱবিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল।
-
অপৰ্ণা হিগিনছ্
অপৰ্ণা ডব্লিউ হিগিনছ্ (Aparna W. Higgins) এগৰাকী গণিতজ্ঞ। গণিতৰ বিষয়ত গৱেষণা কৰিবলৈ নতুন চাম গণিতজ্ঞক উৎসাহিত কৰাৰ ক্ষেত্ৰত তেখেতে অগ্ৰণী ভূমিকা পালন কৰিছে। তেখেতৰ মূল গৱেষণাক্ষেত্ৰ "সাধাৰণ বীজগণিত" যদিও শেহতীয়াকৈ লেখ তত্ত্ব, গ্ৰাফ পেবলিং, আৰু ৰেখা লেখ আদিৰ বিষয়তো তেখেতে গৱেষণাৰ পৰিসৰ বঢ়াইছে।
-
অমিতা আগৰৱাল
অমিতা আগৰৱাল (Amita Aggarwal, জন্ম ১৯৬০) এগৰাকী ভাৰতীয় ক্লিনিকেল ইমিউন’লজিষ্ট, বাত বিশেষজ্ঞ আৰু লক্ষ্ণৌৰ সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ক্লিনিকেল ইমিউন’লজী আৰু বাতবিজ্ঞান বিভাগৰ অধ্যাপক আৰু মুৰব্বী।
-
অমৃত তিৱাৰী
অমৃত কৌৰ তিৱাৰী (Amrit Tewari; ৫ ছেপ্টেম্বৰ, ১৯৩৮ – ১৩ জানুৱাৰী, ২০১৮) এজন ভাৰতীয় দন্ত চিকিৎসক আৰু চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (পিজিআইএমইআৰ)ৰ প্ৰাক্তন ডীন আছিল। তেওঁ পিজিআইৰ মৌখিক স্বাস্থ্য বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।