ড° অন্নপূৰ্ণি সুব্ৰমণিয়াম (Annapurni Subramaniam) এগৰাকী জ্যোতিৰ্বিজ্ঞানী আৰু বৰ্তমান বাংগালুৰুৰ ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠানৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ উপৰিও তেওঁ এই প্ৰতিষ্ঠানটোৰ মুৰব্বী হোৱা প্ৰথমগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানী।১ তেওঁ তাৰকাৰাজ্য আৰু মেগেলেনিক ডাৱৰৰ তৰাৰ থুপ, নক্ষত্ৰৰ বিৱৰ্তন আৰু জনসংখ্যাৰ দৰে ক্ষেত্ৰত কাম কৰে।২৩
শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন
সুব্ৰমণিয়ামে পলাক্কাডৰ ভিক্টোৰিয়া কলেজৰ পৰা বিজ্ঞান বিষয়ত স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল।২ ১৯৯৬ চনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ'ফিজিক্সৰ পৰা "ষ্টাডিজ অৱ ষ্টাৰ ক্লাষ্টাৰ এণ্ড ষ্টেলাৰ ইভলিউচন" বিষয়ত পি.এইচডি. কৰে।৩৪ সুব্ৰমণিয়ামে ভায়লিনও বজায়, কেতিয়াবা কৰ্ণাটিক সংগীতজ্ঞ পিতৃৰ সংগী শিল্পী হিচাপেও বজায়।১
কেৰিয়াৰ
সুব্ৰমণিয়াম ১৯৯০ চনৰ পৰা ১৯৯৬ চনলৈ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্সৰ ৰিচাৰ্চ ফেলো আছিল। ইয়াৰ পাছত ১৯৯৮ চনত প্ৰতিষ্ঠানটোত পোষ্ট ডক্টৰেট ফেলো হয় আৰু বৰ্তমান প্ৰতিষ্ঠানটোৰ অধ্যাপিকা আৰু পৰিচালক হিচাপে কাম কৰি আছে।৩ ইয়াৰ পূৰ্বেও আই আই এত বিজ্ঞানী-চি হিচাপে কাম কৰিছিল। আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ সক্ৰিয় সদস্য। তেওঁ মেগেলানিক ক্লাউডৰ গঠন, বিৱৰ্তন আৰু ৰাসায়নিক সমৃদ্ধি অধ্যয়ন কৰিবলৈ বিভিন্ন নাক্ষত্ৰিক জনসংখ্যা অন্বেষণ কৰা এক গৱেষণা গোটৰ নেতৃত্ব দিয়ে।৫৬৭৮ সুব্ৰমনিয়াম ভাৰতীয় মহাকাশ গৱেষণা সংস্থা প্ৰথম বহু-তৰংগ দৈৰ্ঘ্যৰ মহাকাশ দূৰবীক্ষণ যন্ত্ৰ এষ্ট্ৰ'ছেট সৈতেও যথেষ্ট জড়িত আছিল, য'ত তেওঁ ইউভি ইমেজিং দূৰবীক্ষাৰ বাবে মানাংকন বিজ্ঞানী হিচাপে কাম কৰিছিল।৯১০১১১
গৱেষণাৰ ক্ষেত্ৰ
সুব্ৰমনিয়ামৰ গৱেষণাৰ প্ৰধান ক্ষেত্ৰসমূহ হ 'লঃ
- তৰা গোটসমূহ (মুকলি আৰু গোলকীয়)
- তৰা গঠন আৰু প্ৰাক-এম.এছ. তৰা
- ধ্ৰুপদী Be & Herbig Ae/Be তৰা ১২১৩
- গেলেক্টিক গঠন
- মেগেলানিক মেঘসমূহ ১৪
- নক্ষত্ৰীয় জনসংখ্যা ৩
তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ তালিকাখন এষ্ট্ৰন'মি ডাটাবেছত পোৱা যায়।
বৰ্তমানৰ প্ৰকল্পসমূহ
ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ'ফিজিক্সত তেওঁৰ বৰ্তমানৰ প্ৰকল্পসমূহৰ ভিতৰত আছেঃ
- তৰা গোটত নিৰ্গমন ৰেখা তৰা
- যুৱ তাৰকা গোটৰ তাৰকা গঠনৰ ইতিহাস
- পুৰণি মুকলি ক্লাষ্টাৰবোৰ-পুৰণি ডিস্কটো উলিয়াবলৈ চেষ্টা কৰক
- অধ্যয়ন নকৰা মুকলি গোটসমূহৰ সঠিক আলোকমিতিকৰণ
- সৰু মেগেলানিক মেঘৰ হালো
- বৃহৎ মেগেলানিক মেঘত নাক্ষত্ৰিক জনসংখ্যা
- বাহ্যিক সীমা জৰীপঃ মেগেলানিক মেঘ ৩
বঁটা
- ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ আঁচনিৰ অধীনত বিজ্ঞান শ্ৰী বঁটা (২০২৪) ১৫১৬
তথ্যসূত্ৰ
- ↑ Raju, Cris,Maria Teresa. (2024-02-01). I make my own space when it is denied to me: Astrophysicist Annapurni Subramaniam. The News Minute
- ↑ Women in Science - Annapurni S
- ↑ Profile - IIA Annapurni S
- ↑ Annapurni Subramaniam. Sheisanastronomer.org
- ↑ (7 January 2013). Annapurni Subramaniam. IAU
- ↑ Subramaniam. (February 2005). Reddening map of the Large Magellanic Cloud bar region. Astronomy & Astrophysics. পৃ. 421–426
- ↑ Subramanian; Subramaniam, Annapurni. (2011-12-22). [https://validate.perfdrive.com/9730847aceed30627ebd520e46ee70b2/?ssa=60bdbb27-841c-461f-be59-22d1252164ad&ssb=63244236337&ssc=https%3A%2F%2Fiopscience.iop.org%2Farticle%2F10.1088%2F0004-637X%2F744%2F2%2F128&ssi=d5e1d32d-cnvj-4b39-b666-b78d570acdff&ssk=botmanager_support@radware.com&ssm=55429009454844048108385746253932&ssn=904847e517674d21829aa93b8e3819593294af9ceb0e-bd2e-48bd-beaf67&sso=4bd313b5-2e23c374018e1f78ee8b055e71b5bfb1169f8dc8c24bebc2&ssp=73263502641740477096174047956767748&ssq=77412779073844422067590738810478268444988&ssr=MjA4LjgwLjE1NC43NQ==&sst=Mozilla/5.0 (Macintosh; Intel Mac OS X 10_15_7) AppleWebKit/537.36 (KHTML, like Gecko) Chrome/110.0.0.0 Safari/537.36 Citoid/WMF (mailto:noc@wikimedia.org)&ssu=&ssv=&ssw=&ssx=eyJfX3V6bWYiOiI3ZjYwMDBlYWVjNDA3ZC0zZjY2LTRhNzAtYTRhNC00YjIwYmE0MDZkNDAxNzQwNDkwNzM4MTg2MC0wYmQxOTMwNjllYjQwZj
- ↑ Hota; Subramaniam, Annapurni; Nayak, Prasanta K. (2024-12-01). UVIT Study of the MAgellanic Clouds (U-SMAC). II. A Far-UV Catalog of the Small Magellanic Cloud: Morphology and Kinematics of Young Stellar Population. The Astronomical Journal. পৃ. 255
- ↑ Singh; Tandon, S. N.; Agrawal, P. C. (2014-07-29). Space Telescopes and Instrumentation 2014: Ultraviolet to Gamma Ray. পৃ. 91441S
- ↑ Tandon; Subramaniam, Annapurni; Girish, V. (2017-09-01). In-orbit Calibrations of the Ultraviolet Imaging Telescope. The Astronomical Journal. পৃ. 128
- ↑ Tandon; Hutchings, J. B.; Ghosh, S. K. (June 2017). In-orbit Performance of UVIT and First Results. Journal of Astrophysics and Astronomy. পৃ. 28
- ↑ (2011-08-30)
- ↑ Mathew; Subramaniam, Annapurni; Bhatt, Bhuwan Chandra. (2008-08-21). Be phenomenon in open clusters: results from a survey of emission-line stars in young open clusters. Monthly Notices of the Royal Astronomical Society. পৃ. 1879–1888
- ↑ Indu; Subramaniam, A. (2011-11-01). The recent star-formation history of the Large and Small Magellanic Clouds. Astronomy & Astrophysics. পৃ. A115
- ↑ Rashtriya Vigyan Puraskar (RVP) - 2024: Final List of Awardees. awards.gov.in. CASU, Ministry of Home Affairs, Government of India
- ↑ (7 August 2024). Rashtriya Vigyan Puraskar: Chandrayaan-3 team and 32 others selected for first ever edition. economictimes.indiatimes.com. The Economic Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্নপূৰ্ণি সুব্ৰমণিয়াম” প্ৰবন্ধৰ সংশোধন ৬২১৬৯৯ (৩০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।