অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিদিতা অশোক বৈদ্য

বিদিতা অশোক বৈদ্য (জন্ম: ১৫ নৱেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় স্নায়ুবিজ্ঞানী আৰু টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপক। ইয়াৰ আগতে তেওঁ ৱেলকাম ট্ৰাষ্টত জেষ্ঠ্য গৱেষণা ফেল' আৰু ভাৰতীয় বিজ্ঞান একাডেমীত সহকাৰী হিচাপে কৰ্মৰত আছিল। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰ হৈছে স্নায়ুবিজ্ঞান আৰু আণৱিক মনস্তত্ব।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

বিদিতা অশোক বৈদ্য (জন্ম: ১৫ নৱেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় স্নায়ুবিজ্ঞানী আৰু টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপক। ইয়াৰ আগতে তেওঁ ৱেলকাম ট্ৰাষ্টত জেষ্ঠ্য গৱেষণা ফেল' আৰু ভাৰতীয় বিজ্ঞান একাডেমীত সহকাৰী হিচাপে কৰ্মৰত আছিল। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰ হৈছে স্নায়ুবিজ্ঞান আৰু আণৱিক মনস্তত্ব।১ ২০১৫ চনত তেওঁ চিকিৎসাশাস্ত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

১৯৭০ চনৰ ১৫ নৱেম্বৰ তাৰিখে বিদিতা অশোক বৈদ্যৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এগৰাকী ঔষধ বিজ্ঞানী আৰু মাতৃ আন্তঃস্ৰাবীবিজ্ঞানী। তেওঁৰ খুড়াকো এগৰাকী মেলেৰিয়া পৰাজীৱীবিজ্ঞানী। সৰুৰে পৰা তেওঁ পিতৃ, মাতৃ আৰু খুড়াকৰ পৰা অনুপ্ৰাণিত হৈছিল। কৈশোৰকালত তেওঁ স্তন্যপায়ীবিজ্ঞানী ডিয়ান ফচি আৰু জেন গডেলৰ পৰা প্ৰভাৱিত হৈছিল।২

শিক্ষা

তেওঁ মুম্বাইৰ চেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা জীৱবিজ্ঞান আৰু জৈৱ ৰসায়ন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ য়েল বিশ্ববিদ্যালয়ৰ পৰা স্নায়ুবিজ্ঞান বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ পোষ্টডক্টৰেল গৱেষণাৰ বাবে ছুইডেনৰ কাৰলীনস্ক ইনষ্টিটিউট আৰু যুক্তৰাজ্যৰ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়লৈ যায়। ২০০০ চনৰ মাৰ্চ মাহত তেওঁৰ পোষ্ট ডক্টৰেল গৱেষণা সমাপ্ত হয়।১৩

কৰ্মজীৱন

তেওঁ ২০০০ চনৰ মাৰ্চ মাহত ২৯ বছৰ বয়সত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ জীৱবিজ্ঞান বিভাগত মুখ্য পৰিদৰ্শক হিচাপে যোগদান কৰিছিল।৪ তেওঁ ২০০০ চনৰ পৰা ২০০৫ চনলৈ ৱেলকাম ন্যাসৰ বিদেশী জ্যেষ্ঠ গৱেষণা ফেল' আৰু ভাৰতীয় বিজ্ঞান একাডেমীৰ সহকাৰী আছিল।৫ তেওঁ স্নায়ুবৰ্তনীৰ গৱেষণাৰ লগত জড়িত। জীৱনৰ অভিজ্ঞতা আৰু এন্টিডিপ্ৰেছেন্ট সমূহে স্নায়ুবৰ্তনীৰ ওপৰত পেলোৱা প্ৰভাৱ আৰু এই পৰিঘটনা সমূহে কৰা অনুভৱ নিয়ন্ত্ৰণৰ ওপৰত তেওঁ গৱেষণা কৰিছে। ইয়াৰ লগতে তেওঁ হতাশাগ্ৰস্ততা আৰু জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত লাভ কৰা অভিজ্ঞতায়ে মগজুৰ বৰ্তনীৰ ওপৰত পেলোৱা প্ৰভাৱ আৰু ব্যৱহাৰিক পৰিৱৰ্তনৰ ওপৰতো গৱেষণা কৰিছে। ২০১৫ চনত তেওঁ চিকিৎসা বিজ্ঞান শিতানত ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰে।৬৭

তেওঁ ইণ্টাৰনেচনেল কলেজ অফ নিউৰ'চাইক'ফাৰ্মাক'লজিৰ ছ'চাইটি ফৰ নিউৰ'চাইন্স৮ আৰু এণ্ডক্ৰাইন ছ'চাইটিৰো অংশ।৯

বঁটা আৰু সন্মান

২০১৫ চনত তেওঁ চিকিৎসাশাস্ত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ ২০১২ চনত কেৰিয়াৰ উন্নয়নৰ ৰাষ্ট্ৰীয় জীৱবিজ্ঞান বঁটা লাভ কৰিছিল।১০

তথ্যসূত্ৰ

  1. ↑ TIFR - Principal Investigator
  2. ↑ Vaidya, Vidita. Interview with AsianScientist. Asian Scientist
  3. ↑ Vidita A Vaidya - Info. www.researchgate.net
  4. ↑ TLoS. (2016-05-30). Vidita Vaidya Gets Into Your Head. The Life of Science
  5. ↑ Former Associates. Indian Academy of Sciences
  6. ↑ List of recipients. Shanti Swarup Bhatnagar Prize (SSB) for Science and Technology 2015. Shanti Swarup Bhatnagar Prize
  7. ↑ junoontheatre. (2015-04-26). The Social Brain: Discoveries and Shared Delights with Prof. Vidita Vaidya
  8. ↑ (2016-10-01). The International Journal of Neuropsychopharmacology. Wikipedia
  9. ↑ Vaidya, Vidita. ResearchGate profile
  10. ↑ Awardees of N-BIOS for the year 2012. AWARDEES OF NATIONAL BIOSCIENCE AWARDS FOR CAREER DEVELOPMENT. Department of Biotechnology, India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় বিজ্ঞানীভাৰতীয় মহিলা বিজ্ঞানীজীৱবিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদিতা অশোক বৈদ্য” প্ৰবন্ধৰ সংশোধন ৪৮৫২১৬ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।