অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনু আগা

অনু আগা (Anu Aga; জন্ম ১৯৪২) হৈছে এগৰাকী ভাৰতীয় বিলিয়নাৰ, উদ্যোগী মহিলা, এগৰাকী সমাজকৰ্মী, ৰাজ্যসভাৰ মনোনীত সাংসদ। শক্তি আৰু পৰিৱেশ অভিযান্ত্ৰিকৰ কোম্পানী থাৰ্মেক্স লিমিটেডৰ অধ্যক্ষা হিচাপে তেখেতে ১৯৯৬ চনৰ পৰা ২০০৪ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অনু আগা (Anu Aga; জন্ম ১৯৪২) হৈছে এগৰাকী ভাৰতীয় বিলিয়নাৰ, উদ্যোগী মহিলা, এগৰাকী সমাজকৰ্মী, ৰাজ্যসভাৰ মনোনীত সাংসদ। শক্তি আৰু পৰিৱেশ অভিযান্ত্ৰিকৰ কোম্পানী থাৰ্মেক্স লিমিটেডৰ অধ্যক্ষা হিচাপে তেখেতে ১৯৯৬ চনৰ পৰা ২০০৪ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল।১২ আঠগৰাকী ধনাঢ্য ভাৰতীয় নাৰীৰ তালিকাত তেখেতে স্থানলাভ কৰিছিল। ২০০৭ চনত ফ'ৰ্বছ্ আলোচনীয়ে যুগুত কৰা 'ভাৰতৰ ৪০ গৰাকী প্ৰতিপত্তিশালী ব্যক্তি'ৰ তালিকাতো অনু আগাই স্থান লাভ কৰিছিল।৩৪ ASSOCHAM (The Associated Chambers of Commerce of India)ৰ সৰ্বভাৰতীয় নাৰী গোটে তেখেতক 'দশকটোৰ সফল মুম্বাইৰ নাৰী' সন্মানেৰে বিভূষিত কৰে।৫

থাৰ্মেক্সৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত, অনু আগাই সামাজিক কৰ্মত আত্মপ্ৰকাশ কৰে। সামাজিক কৰ্মৰ বাবে ২০১০ চনত তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান যাঁচে।৬ বৰ্তমান তেখেত 'ভাৰতৰ কাৰণে শিকোৱা' (Teach For India) অনুষ্ঠানটোৰ অধ্যক্ষা।৭ ২০১২ চনৰ ২৬ এপ্ৰিলত তেখেত ৰাজ্যসভাৰ এগৰাকী সাংসদ হিচাপে মনোনীত হয়। মনোনীত কৰা ৰাষ্ট্ৰপতিগৰাকী হৈছে প্ৰতিভা পাটিল।৮

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪২ চনৰ ৩ আগষ্টত এটা পাৰ্চী পৰিয়ালত অনু আগাৰ জন্ম হৈছিল।৯জন্মস্থান আছিল মুম্বাই।১০১১ অনু আগাই মুম্বাইস্থিত চেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী অৰ্জন কৰে।১২ তাৰপিছত মুম্বাইৰে প্ৰসিদ্ধ টাটা সমাজ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা চিকিৎসা আৰু মনোবৈজ্ঞানিক সামাজিক কৰ্মত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তেখেত এগৰাকী ফুলব্ৰাইট স্কলাৰো আছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত চাৰিমাহ অধ্যয়ন কৰিছিল।১১

কৰ্মজীৱন

অনু আগাই ১৯৮৫ চনত থাৰ্মেক্সত যোগদান কৰে। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ তেখেতে এইটো প্ৰতিষ্ঠানত মানৱ কল্যাণ বিভাগটোৰ গুৰু দায়িত্ব চম্ভালে। পতি ৰোহিণ্টন আগাৰ মৃত্যুৰ পাছত অনু আগা থাৰ্মেক্সৰ অধ্যক্ষাৰ পদত অধিষ্ঠিত হয় আৰু ২০০৪ চনত সেই পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। অনু আগাৰ পাছত তেখেতৰ জীয়েক মেহেৰ পুদুমজী সেই পদত বহে। অনু আগা প্ৰতিষ্ঠানটোৰ পৰিচালনা পৰিষদৰ লগত সংযুক্ত হৈ থাকে আৰু ভিন্ন সামাজিক কৰ্মত জড়িত হৈ পৰে।৩

১৯৯০ চনত অনু আগাই "আকাংক্ষা" নামৰ এটা সংস্থা প্ৰতিষ্ঠা কৰিছিল। 'আকাংক্ষা' হৈছে এটা বেচৰকাৰী অলাভজনক সংস্থা যিয়ে মুম্বাইৰ বস্তি এলেকাত থকা দৰিদ্ৰ আৰু দুৰ্ভগীয়া শিশুক শিক্ষাদান কৰাৰ লগতে বৃত্তিমূলক সুবিধাৰ প্ৰদান কৰে। ২০০৮ চনত অনু আগাই 'ভাৰতৰ কাৰণে শিকোৱা' (Teach for India) প্ৰতিষ্ঠা কৰাত সহায় কৰে। তেখেত ইয়াৰ সহ-প্ৰতিষ্ঠাতা আছিল আৰু বৰ্তমান অনু আগা এই অনুষ্ঠানটোৰ অধ্যক্ষা। ২০১২ চনৰ ২৬ এপ্ৰিলত ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে অনু আগাক ৰাজ্য সভাৰ সাংসদৰূপে মনোনীত কৰে।১১

থাৰ্মেক্সৰ সামাজিক পদক্ষেপমূলক সংস্থা (Thermax Social Initiative Foundation,TSIS)ৰ লগতো অনু আগা ঘনিষ্ঠভাৱে জড়িত। এই সংস্থাটোৱে "আকাংক্ষা" আৰু পৌৰ এলেকাৰ লগত সহযোগিতামূলকভাৱে নিম্ন-আয়বৰ্গীয় লোকৰ দুখনকৈ বিদ্যালয় তত্ত্বাৱধান কৰে।১৩

বঁটা আৰু সন্মান

  • পদ্মশ্ৰী সন্মান, ২০১০ চনত।
  • ২০১৫ চনত MAEER’s MIT groupৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা।
  • ২০১১ চনত ফ'ৰ্বছ্ আলোচনীয়ে যুগুতোৱা "প্ৰতিপত্তিশালী ভাৰতীয়"ৰ তালিকাত ৭৯তম স্থান দখল।১৩
  • থাৰ্মেক্সৰ বিকাশ, উদ্ভাৱনশীলতা আৰু নেতৃত্বৰ বাবে Frost & Sullivanৰ পৰা বঁটা লাভ।১৪
  • ২০১৯ চনত ইটিপ্ৰাইমৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা।১৫

ব্যক্তিগত জীৱন

হাৰ্ভাৰ্ড বিজিনেছ স্কুলৰ স্নাতক ৰোহিণ্টন আগাৰ সৈতে অনু আগাৰ বৈবাহিক জীৱন আৰম্ভ হয়। কন্যা মেহেৰ আৰু ল'ৰা কুৰুষ তেওঁলোকৰ সন্তান। ১৯৯৬ চনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ স্বামী ৰোহিণ্টন আগাৰ হঠাতে মৃত্যু ঘটে। তাৰ ঠিক এক-ডেৰ বছৰৰ পাছতেই তেওঁৰ পঁচিশ বছৰীয়া পুত্ৰ কুৰুষেও অকাল মৃত্যুক সাবটি লয়।১৬১৭ বৰ্তমান তেখেত মহাৰাষ্ট্ৰৰ পুণেত বাস কৰে।১৮

তেখেতৰ জীয়েক মেহেৰ পুদুমুজী হৈছে থাৰ্মেক্সৰ বৰ্তমানৰ অধ্যক্ষা। মাকে অৱসৰ লোৱাৰ পাছত ২০০৪ চনত মেহেৰ এই পদত বহে। লণ্ডনৰ ইম্পিৰিয়েল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা কলেজৰ পৰা মেহেৰে ৰাসায়নিক অভিযান্ত্ৰিকত স্নাতকোত্তৰ ডিগ্ৰী লৈ ১৯৯০ চনৰ ছেপ্টেম্বৰত থাৰ্মেক্সত যোগদান কৰে।১৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (March 6, 2018). Anu Aga. Forbes
  2. ↑ (5 October 2004). Anu Aga passes Thermax baton to new chairperson. Indian Express
  3. ↑ (14 November 2007). India's Richest. Forbes.com. পৃ. 2
  4. ↑ Vashisht, Pooja. (9 February 2004). Anu Aga and triumph of the spirit. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ Women of the Decade
  6. ↑ (25 January 2010). This Year's Padma Awards announced. Ministry of Home Affairs
  7. ↑ Archived copy
  8. ↑ Nominated (Rajya Sabha) - Statement as on 03/02/2014. Govt. of India
  9. ↑ On Anu Aga’s Birthday, a Message From Her Close Friend Rahul Bajaj. The Quint
  10. ↑ archive.india.gov.in/govt/rajyasabhampbiodata.ph link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
  11. ↑ Anu Aga
  12. ↑ (5 January 2010). St Xavier’s past, present, future... দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  13. ↑ (27-04-2012). Who is Anu aga. NDTV
  14. ↑ আৰ্কাইভ কপি
  15. ↑ economictimes.indiatimes.com/news/company/corpor
  16. ↑ (21 July 2009). Anu Aga: A House by the River. Forbes India
  17. ↑ (26 October 2002). Fitness – executive style. Business Line
  18. ↑ Silk & steel: Anu Aga Harmony India
  19. ↑ prabook.com/web/meher.pudumjee/725848

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ব্যৱসায়ীসমাজকৰ্মীপদ্মশ্ৰী বঁটা বিজয়ীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনু আগা” প্ৰবন্ধৰ সংশোধন ৬৩৮৪২০ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।