অধ্যাপক অনিনহল্লী আৰ. ভাছাভি (Aninhalli Vasavi) যাক, এ.আৰ.ভাছাভি বুলিও জনা যায়৷ তেওঁ বেংগালুৰুৰ বাহিৰৰ এজন সামাজিক নৃতত্ত্ববিদ আৰু এজন স্বতন্ত্ৰ গৱেষক; তেওঁৰ আগ্ৰহ বিষয় কৃষি অধ্যয়ন, ভাৰতৰ সমাজবিজ্ঞান আৰু শৈক্ষিক অধ্যয়ন। তেওঁ দিল্লী বিশ্ববিদ্যালয় পৰা সমাজবিজ্ঞানত স্নাতকোত্তৰ আৰু এম.ফিল ডিগ্ৰী লাভ কৰে আৰু ১৯৯৩ চনত মিচিগান ষ্টেট বিশ্ববিদ্যালয়ৰ পৰা সামাজিক নৃতত্ত্বত "দ্য হাৰ্বিংগাৰ্ছ অৱ ৰেইনঃ কালচাৰ এণ্ড ড্ৰট ইন বিজাপুৰ, ইণ্ডিয়া" বিষয়ত গৱেষণা কৰি পি.এইচডি. লাভ কৰে।১ তেওঁ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান ̶ আহমেদাবাদত আৰু বেংগালুৰুৰ নেচনেল ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজ (এন আই এ এছ)ত ১৪ বছৰ ধৰি কৰিছে আৰু তাৰে এবছৰ সমাজ বিজ্ঞানৰ ডীন হিচাপে কাম কৰি আহিছে।
জীৱনী
তেওঁ চেন্নাইৰ ষ্টেলা মেৰিছ কলেজৰ পৰা বি.এ. (সমাজবিজ্ঞান) ডিগ্ৰী লাভ কৰে আৰু দিল্লী বিশ্ববিদ্যালয়ৰ দিল্লী স্কুল অৱ ইকনমিক্সৰ সমাজবিজ্ঞান বিভাগৰ পৰা স্নাতকোত্তৰ আৰু এম.ফিল ডিগ্ৰী লাভ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ পৰা সামাজিক নৃতত্ত্বত পিএইচডি কৰে। ১৯৯৭ চনৰ পৰা ২০১১ চনলৈকে বেংগালুৰুৰ নেচনেল ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজৰ অধ্যাপক হিচাপে কাম কৰাৰ লগতে কেৰালাৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট কোজিকোডত এডজাণ্ট ফেকাল্টী আৰু আমেৰিকাৰ মেছাচুচেটছৰ টাফ্টছ বিশ্ববিদ্যালয়ত ১৯৯২–৯৩ চনত অতিথি অধ্যাপিকাও আছিল।।
বৰ্তমান তেওঁ কৰ্ণাটকৰ চামৰাজনগৰত গ্ৰাম্য যুৱক-যুৱতীসকলৰ বাবে বিকল্প শিক্ষণ স্থান পুনৰ্চিথ কালেকটিভৰ সৈতে কাম কৰি আছে।
ভাছাৱী কেৰেলাৰ কোঝিকোডত থকা চেণ্টাৰ ফৰ ৰিচাৰ্চ এণ্ড এডুকেচন ইন ছ’চিয়েল ট্ৰেন্সফৰ্মেচন (CREST)ৰ প্ৰতিষ্ঠাপক আৰু সক্ৰিয় সদস্য, যিটো প্ৰতিষ্ঠানে অনুসূচিত জাতি আৰু জনজাতিসকলৰ বাবে ব্যাপক শিক্ষণৰ সুবিধা প্ৰদান কৰে।তেওঁৰ ৰচনা একাডেমিক জাৰ্নেল (জাৰ্নেল অৱ দ্য ৰয়েল এণ্ট্ৰ'প'লজিকেল ইনষ্টিটিউট, চাউথ আফ্ৰিকান ৰিভিউ অৱ ছ'চিয়েলজি, কনট্ৰিবিউচনছ টু ইণ্ডিয়ান ছ'চিয়েলজি আৰু দ্য ইকনমিক এণ্ড পলিটিকেল উইকলি)ত প্ৰকাশ হৈছে, তেওঁ ৰচনা কৰা কিতাপ হ'ল হাৰ্বিংগাৰ্ছ অৱ ৰেইন; শ্বেড' স্পেচ: ছুইচাইডছ এণ্ড দ্য প্ৰিডিকমেণ্ট অৱ ৰুৰেল ইণ্ডিয়া আৰু কেৰল উপাধ্যাৰ সৈতে সম্পাদনা কৰা কিতাপ হ'ল ইন এ আউটপোষ্ট অৱ দ্য গ্ল'বেল ইকনমি; আৰু ইনাৰ মিৰ'ৰ: কানাড়া ৰাইটিঙচ অন ছ'চাইটি এণ্ড কালচাৰ৷
২০১১ চনত ভাছাৱীয়ে নিজাকৈ গৱেষণা কৰিবলৈ আৰু কৰ্ণাটকৰ চামৰাজনগৰ জিলাত স্থাপন কৰাত সহায় কৰা বিকল্প শিক্ষণৰ বাবে পুনৰ্চীথ নামৰ সংস্থাটো গঢ়ি তুলিবলৈ এন আই এ এছ এৰি থৈ যায়।
মূল প্ৰকাশনসমূহ
ৱৰ্ল্ডকেটৰ মতে, হাৰবিংগাৰ্ছ অৱ ৰেইন: লেণ্ড এণ্ড লাইফ ইন চাউথ ইণ্ডিয়া (অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ, ১৯৯৯) ১৪৪টা পুথিভঁৰালত ৰখা হৈছে;২ ইন এ আউটপোষ্ট অৱ দ্য গ্ল'বেল ইকনমি (কেৰল উপাধ্যাৰ সৈতে সহ-সম্পাদনা) (ৰ'টলেজ, ২০০৮); ইনাৰ মিৰ'ৰ: ট্ৰেন্সলেচন অৱ কানাড ৰাইটিংছ অন ছ'চাইটি এণ্ড কালচাৰ (দ্য বুক ৰিভিউ প্ৰেছ, ২০০৯), ভোলাগান্নাদি (কানাড়া সংস্কৰণ) (কানাড়া বিশ্ববিদ্যালয় প্ৰেছ, ২০১১); ছাঁয়া স্থান: আত্মহত্যা আৰু গ্ৰাম্য ভাৰতৰ দুৰ্দশা (তিনিটা ৰচনা সামূহিক: ২০১২)।
তথ্যসূত্ৰ
- ↑ WorldCat item record
- ↑ [www WorldCat item record]
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিনহল্লী ভাছাভি” প্ৰবন্ধৰ সংশোধন ৪৮৫২১৪ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।