বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী
২৪১ প্ৰবন্ধ
-
অলকা কৃপালানী
অলকা কৃপলানী ( Alka Kriplani) এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, চিকিৎসা বিষয়ক লেখিকা আৰু শিক্ষাবিদ। তেওঁ প্ৰজনন এণ্ডক্ৰাইন'লজী আৰু স্ত্ৰীৰোগ বিশেষজ্ঞৰ এণ্ড'স্কপিৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে পৰিচিত।
-
অৰুন্ধতী বিৰমণি
অৰুন্ধতী বিৰমণি (Arundhati Virmani; জন্ম ১৯৫৭) এগৰাকী ভাৰতীয় ইতিহাসবিদ। ১৯৯২ চনলৈকে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক আছিল। তেওঁ মাৰ্চেইলৰ ইক’ল ডেছ হ’টছ এটুডছ এন চাইন্সেছ ছ’চিয়েলছত অধ্যাপনা কৰে। তেওঁ জিন বাউটিয়েৰৰ সৈতে বিয়েনালে ইউৰোপিয়ান ডি হিষ্ট’ৰ লোকেলৰ সহ-প্ৰতিষ্ঠাপক।
-
আভা সাক্সেনা
আভা সাক্সেনা (Abha Saxena) এগৰাকী জৈৱনীতিবিদ আৰু বিশ্ব স্বাস্থ্য বিশেষজ্ঞ। তেখেতে এনাস্থেচিয়া বিশেষজ্ঞ হিচাপে প্ৰশিক্ষণ লৈছিল, আৰু ২০০১ চনত বিশ্ব স্বাস্থ্য সংস্থালৈ যোৱাৰ আগতে কেইবাবছৰ ধৰি চিকিৎসা চৰ্চা কৰিছিল।
-
আভাবাই বোমাঞ্জী ৱাডিয়া
আভাবাই বোমাঞ্জী ৱাডিয়া (Avabay Bomanji Wadia; ১৮ ছেপ্টেম্বৰ ১৯১৩ – ১১ জুলাই ২০০৫) আছিল চিল'নত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় সমাজকৰ্মী, লেখক তেওঁ যৌন স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাৰ প্ৰসাৰৰ বাবে কাম কৰা দুটা বেচৰকাৰী সংস্থা আন্তঃৰাষ্ট্ৰীয় পৰিকল্পিত পিতৃ-মাতৃত্ব ফেডাৰেচন আৰু ভাৰতীয় পৰিয়াল…
-
আশা দেৱী আৰ্যনায়কম
আশা দেৱী আৰ্যনায়কম (১৯০১–১৯৭২) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ আৰু গান্ধীবাদী আছিল। মহাত্মা গান্ধীৰ সেৱাগ্ৰাম আৰু বিনোবা ভাৱেৰ ভূদান আন্দোলনৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।
-
আৰ. এছ. সুব্বলক্ষ্মী
আৰ. এছ. সুব্বলক্ষ্মী (R. S. Subbalakshmi; ১৮ আগষ্ট ১৮৮৬ - ২০ ডিচেম্বৰ ১৯৬৯) (কেতিয়াবা সুব্বলক্ষ্মী বা শুভলক্ষ্মী বুলি লিখা হয়) আছিল ভাৰতৰ এগৰাকী সমাজ সংস্কাৰক আৰু শিক্ষাবিদ।
-
ইন্দিৰা নাথ
ইন্দিৰা নাথ (Indira Nath; ১৪ জানুৱাৰী ১৯৩৮ – ২৪ অক্টোবৰ ২০২১ ) এগৰাকী ভাৰতীয় ইমিউন'লজিষ্ট। চিকিৎসা বিজ্ঞানত তেওঁৰ প্ৰধান অৱদান মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অপ্ৰতিক্ৰিয়াশীলতাৰ অন্তৰ্নিহিত ব্যৱস্থা, কুষ্ঠ ৰোগত প্ৰতিক্ৰিয়া আৰু স্নায়ুৰ ক্ষতি আৰু কুষ্ঠ বেচিলাছৰ জীৱনমুখীতাৰ বাবে চিহ্নিতকাৰীৰ সন্ধানৰ…
-
ইন্দু বংগ
ইন্দু বংগ এজন ভাৰতীয় ইতিহাসবিদ, যিয়ে পঞ্জাৱৰ ইতিহাস বিশ্লেষণ কৰে৷ তেওঁ চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগত কৰ্মৰত৷
-
ইন্দুমতী গোপীনাথন
ইন্দুমতী গোপীনাথন ( Indumati Gopinathan; জন্ম ২৩ মাৰ্চ ১৯৫৬) এগৰাকী বিখ্যাত ভাৰতীয় পেথ’লজিষ্ট। তেওঁ ডায়েগনষ্টিক মেডিচিন, চকুৰ অংকোপেথ'লজী আৰু গাইনেক'লজিকেল হিষ্ট'পেথ'লজীৰ বিশেষজ্ঞ।
-
ইন্দ্ৰিৰা হিন্দুজা
ইন্দিৰা হিন্দুজা মুম্বাইত বাস কৰা এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ, প্ৰসূতি আৰু বন্ধ্যাত্ব বিশেষজ্ঞ। তেখেত গেমেট ইণ্ট্ৰাফেলপিয়ান ট্ৰেন্সফাৰ (GIFT) কৌশলৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰিছিল যাৰ ফলত ১৯৮৮ চনৰ ৪ জানুৱাৰীত ভাৰতৰ প্ৰথমটো GIFT শিশুৰ জন্ম হয়।
-
ইলা ঘোষ
ইলা ঘোষ (২৪ জুলাই ১৯৩০ - ১১ ডিচেম্বৰ ২০১৯) এগৰাকী মেকানিকেল ইঞ্জিনীয়াৰ আৰু বাংলা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা প্ৰাক্তন ছাত্ৰী।
-
ইলা পাটনায়ক
ইলা পাটনায়ক (Ila Patnaik) এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ। আৰু ভাৰত চৰকাৰৰ প্ৰাক্তন প্ৰধান অৰ্থনৈতিক উপদেষ্টা। এই সময়ছোৱাত তেওঁ ভাৰতৰ অৰ্থনৈতিক জৰীপ, ২০১৩-১৪ প্ৰস্তুত কৰিছিল আৰু ভাৰত চৰকাৰৰ অসংখ্য সমিতি আৰু টাস্ক ফ’ৰ্চত অৰিহণা যোগাইছিল।
-
ইৰাৱতী কাৰ্ৱে
ইৰাৱতী কাৰ্ৱে (Irawati Karve; ১৫ ডিচেম্বৰ ১৯০৫– ১১ আগষ্ট ১৯৭০) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী অগ্ৰণী ভাৰতীয় সমাজবিজ্ঞানী, নৃতত্ত্ববিদ, শিক্ষাবিদ আৰু লেখক আছিল। তেওঁ Indian Sociology & Sociology ৰ প্ৰতিষ্ঠাপক জি এছ ঘূৰেৰ ছাত্ৰী আৰু প্ৰথমগৰাকী মহিলা ভাৰতীয় সমাজবিজ্ঞানী বুলি দাবী কৰা হৈছে।
-
উপিন্দৰজিৎ কৌৰ
উপিন্দৰজিৎ কৌৰ (Upinderjit Kaur) হ'ল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু শাসকীয় শিৰোমণি আকালি দলৰ সদস্য।
-
উমা তুলি
উমা তুলি (Uma Tuli) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষাবিদ আৰু দিল্লীস্থিত বেচৰকাৰী সংস্থা অমৰ জ্যোতি চেৰিটেবল ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক, যিয়ে শাৰীৰিকভাৱে অক্ষম লোকসকলৰ পুনৰ্বাসনৰ বাবে কাম কৰে। ২০১২ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল।
-
উৎস পাটনায়ক
উৎস পাটনায়ক (Utsa Patnaik) এজন ভাৰতীয় মাৰ্ক্সীয় অৰ্থনীতিবিদ।১৯৭৩ চনৰ পৰা ২০১০ চনত অৱসৰ লোৱালৈকে তেওঁ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ) স্কুল অৱ ছ'চিয়েল ছায়েন্সত চেণ্টাৰ ফৰ ইকনমিক ষ্টাডিজ এণ্ড প্লেনিঙত অধ্যাপনা কৰিছিল। তেওঁৰ স্বামী মাৰ্ক্সীয় অৰ্থনীতিবিদ প্ৰভাত পাটনায়ক।
-
ঊষা থোৰাট
ঊষা থোৰাট (Usha Thorat; জন্ম ২০ ফেব্ৰুৱাৰী ১৯৫০)-এ ২০০৫ চনৰ ১০ নৱেম্বৰৰ পৰা ২০১০ চনৰ ৮ নৱেম্বৰলৈকে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই) (ভাৰতৰ কেন্দ্ৰীয় বেংক)ৰ উপ-গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ আৰবিআইৰ কাৰ্যবাহী সঞ্চালক আছিল।
-
এডিথ হেলেন পল
এডিথ হেলেন পল (Edith Helen Paull; ১৪ জানুৱাৰী ১৯০২ – ১৯৭৫) ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটিৰ সৈতে জড়িত উত্তৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় চিকিৎসা নাৰ্ছ আছিল।
-
এম. ভি. পদ্মা শ্ৰীবাস্তৱ
মদাকাশিৰা বসন্ত পদ্মা শ্ৰীবাস্তৱ (M. V. Padma Srivastava; জন্ম ১৯৬৫) এগৰাকী ভাৰতীয় স্নায়ু বিশেষজ্ঞ, চিকিৎসা শিক্ষাবিদ, প্ৰাক্তন অধ্যাপক, লেখক আৰু গুৰুগ্ৰামৰ পাৰস হেল্থকেয়াৰত স্নায়ুবিজ্ঞানৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
কবিতা সিং (পণ্ডিত)
কবিতা সিং (Kavita Singh; ৫ নৱেম্বৰ ১৯৬৪ – ৩০ জুলাই ২০২৩) এগৰাকী ভাৰতীয় শিল্পকলা ইতিহাসবিদ। শিল্পকলা ইতিহাসৰ অধ্যাপিকা কবিতা সিঙে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শিল্পকলা আৰু নান্দনিক বিদ্যালয়ৰ ডীন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
কমলাবাঈ হস্পেট
কমলাবাঈ হস্পেট (Kamalabai Hospet; ১৮৯৬–১৯৮১) (কমলাটাই হস্পেট নামেৰেও পৰিচিত) ভাৰতৰ মহাৰাষ্ট্ৰৰ নাগপুৰত অৱস্থিত অলাভজনক সামাজিক সংস্থা মাত্ৰু সেৱা সংঘৰ সহ-প্ৰতিষ্ঠাপক আছিল। ভেনুটাই নেনে (১৮৯৬–১৯৭৩)ৰ সৈতে মিলি ১৯২১ চনত মাত্ৰু সেৱা সংঘ প্ৰতিষ্ঠা কৰে।
-
কমৰ ৰহমান
কমৰ ৰহমান (Qamar Rahman) এজন ভাৰতীয় বিজ্ঞানী যিয়ে যোৱা ৪০ বছৰত নেনোকণাৰ শাৰীৰিক প্ৰভাৱ বুজিবলৈ ব্যাপকভাৱে কাম কৰি আহিছে। এছবেষ্টছিছ, স্লেটৰ ধূলি আৰু অন্যান্য ঘৰুৱা আৰু পৰিৱেশৰ কণা প্ৰদূষণৰ প্ৰভাৱ আৰু বৃত্তিগত স্বাস্থ্য উন্নত কৰাৰ উপায়ৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত।
-
কস্তুৰী ৰাজাধ্যাক্ষ
কস্তুৰী ৰাজাধ্যাক্ষ (Kasturi Rajadhyaksha) এগৰাকী ভাৰতীয় চিকিৎসক আৰু সমাজকৰ্মী আছিল। তেওঁ বিশেষভাৱে ভাৰতীয় বা দক্ষিণ এছিয়াৰ লোকসকলৰ বাবে কেইবাটাও সমৰ্থন গোটক সহায় কৰিছিল, আৰু বিশেষকৈ ঘৰুৱা হিংসাৰ অন্ত পেলোৱা আৰু দক্ষিণ এছিয়াৰ ব্যৱসায়ীসকলক সহায় কৰাত মনোনিৱেশ কৰিছিল।
-
কান্তা ত্যাগী
কান্তা ত্যাগী (Kanta Tyagi) মধ্য প্ৰদেশৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী।
-
কামিনী এ ৰাৱ
ডা⦂ কামিনী এ. ৰাৱ ভাৰতৰ সহায়ক প্ৰজননৰ ক্ষেত্ৰৰ এগৰাকী আগৰণুৱা। প্ৰজনন এণ্ডক্ৰাইন’লজী, অভেৰিয়ান ফিজিঅ’লজী আৰু সহায়ক প্ৰজনন প্ৰযুক্তিৰ বিশেষজ্ঞতা লাভ কৰা তেখেতে ভাৰতৰ অন্যতম সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত হৈছে।
-
কাশ্মীৰা কাকতি
কাশ্মীৰা কাকতি (Kashmira Kakati) হ'ল ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চলত কাম কৰা এগৰাকী বন্যপ্ৰাণী জীৱবিজ্ঞানী আৰু পৰিৱেশ কৰ্মী। ২০১০ চনত তেওঁ অসমৰ জয়পুৰ-দিহিং অভয়াৰণ্যত মেকুৰী পৰিয়ালৰ অন্তৰ্গত সাতবিধ প্ৰজাতিৰ মেকুৰীজাতীয় প্ৰাণীৰ উপস্থিতি আৱিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছিল।
-
কাৰ্তিকা থিৰুণাল লক্ষ্মী বাই
মহাৰাণী কাৰ্তিকা থিৰুণাল লক্ষ্মী বাই (Karthika Thirunal Lakshmi Bayi; ১৯১৬-২০০৮) আছিল ট্ৰাভাংকুৰৰ শেষ শাসক মহাৰাজ শ্ৰী চিথিৰা থিৰুণাল বালাৰামা বৰ্মা আৰু তেওঁৰ উত্তৰাধিকাৰী শ্ৰী উথ্ৰাডম থিৰুণাল মাৰ্থাণ্ডা বৰ্মাৰ একমাত্ৰ ভগ্নী।
-
কুদচিয়া তাহচিন
কুদচিয়া তাহচিন (Qudsia Tahseen; জন্ম ১৫ ডিচেম্বৰ ১৯৬৪) আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞানৰ অধ্যাপিকা আৰু স্নাতকোত্তৰ কাৰ্যসূচীৰ ছাত্ৰ-ছাত্ৰীসকলক পশু পৰিৱেশ বিজ্ঞানৰ লগতে নেমেট’লজীৰ শিক্ষা দিয়ে।
-
কুশলা ৰাজেন্দ্ৰন
কুশলা ৰাজেন্দ্ৰন (Kusala Rajendran) এগৰাকী ভাৰতীয় ভূমিকম্পবিজ্ঞানী আৰু বৰ্তমান ভাৰতৰ বেংগালুৰুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সৰ চেণ্টাৰ ফৰ আৰ্থ ছায়েন্সৰ অধ্যাপক। তেওঁ নিজকে পৃথিৱী বিজ্ঞানী বুলি ক’বলৈ বেছি পছন্দ কৰে। তেওঁ মূলতঃ ভূমিকম্প আৰু ইয়াৰ উৎস ব্যৱস্থাৰ ওপৰত কাম কৰি আহিছে।
-
কৃতি কৰন্থ
ড° কৃতি কৰন্থ (Krithi Karanth) হ'ল মুখ্য সংৰক্ষণ বিজ্ঞানী আৰু বন্যপ্ৰাণী অধ্যয়ন কেন্দ্ৰ, বাংগালোৰৰ সঞ্চালক; ডিউক বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰৰ এডজাংক্ট ফেকাল্টি।