অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰামন পৰিমালা

ৰামন পৰিমালা (জন্ম ২১ নৱেম্বৰ, ১৯৪৮) এগৰাকী ভাৰতীয় গণিতজ্ঞ। বীজগণিতৰ ক্ষেত্ৰত অৱদানৰ বাবে তেখেতে সুনাম অৰ্জন কৰিছে। বৰ্তমান তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এমৰী বিশ্ববিদ্যালয়ত গণিতৰ কলা আৰু বিজ্ঞান বিশিষ্ট অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৫ ২৯৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰামন পৰিমালা (জন্ম ২১ নৱেম্বৰ, ১৯৪৮)১ এগৰাকী ভাৰতীয় গণিতজ্ঞ। বীজগণিতৰ ক্ষেত্ৰত অৱদানৰ বাবে তেখেতে সুনাম অৰ্জন কৰিছে। বৰ্তমান তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এমৰী বিশ্ববিদ্যালয়ত গণিতৰ কলা আৰু বিজ্ঞান বিশিষ্ট অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।২ বহু বছৰ ধৰি তেখেতে মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান অধ্যাপক হিচাপে কাম কৰিছিল। তেওঁৰ গৱেষণাত সংখ্যা তত্ত্ব, বীজগণিতীয় জ্যামিতি, আৰু ট'প'লজিৰ ব্যৱহাৰ হয়৷৩

পৰিচিতি

ভাৰতৰ তামিলনাডুত পৰিমালাৰ জন্ম আৰু শৈশৱকাল পাৰ হৈছিল।৪ তেখেতে চেন্নাইৰ সাৰদা বিদ্যালয় ছোৱালী হাই স্কুল আৰু ষ্টেলা মাৰিচ কলেজত শিক্ষাগ্ৰহণ কৰিছিল। তেখেতে ১৯৭০ চনত মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰি ১৯৭৬ মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ উপদেষ্টা আছিল টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ (TIFR) ৰামায়েনগৰ শ্ৰীধৰন।৫ সংখ্যাতত্ব, টপোগণিত আৰু বীজগাণিতিক জ্যামিতিৰ সহায় লৈ ঘাইকৈ তেখেতে বীজগণিতৰ ক্ষেত্ৰত গৱেষণা কৰিছে। বীজগণিতৰ কেইবাটাও দীৰ্ঘদিনীয়া তত্ব সমৰ্থন বা নাকচ কৰি তেখেতে নানা গৱেষণাপত্ৰ প্ৰকাশ কৰিছে।

বঁটা আৰু সন্মান

  • ১৯৯৪ চনত পৰিমলাক জুৰিখত অনুষ্ঠিত "আন্তৰাষ্ট্ৰীয় গণিতজ্ঞ কংগ্ৰেছ"লৈ বক্তা হিচাপে আমন্ত্ৰিত কৰা হৈছিল ৷ ৬
  • ২০১০ চনত হাইদৰাবাদত অনুষ্ঠিত গাণিতিক কংগ্ৰেছৰ সভাতো তেওঁ বক্তৃতা ৰাখে ৷ বক্তৃতাৰ বিষয় আছিল- "দ্বিমাত্ৰিক ক্ষেত্ৰৰ ওপৰত ৰৈখিক বীজগণিতীয় গোটৰ অংক"(Arithmetic of Linear Algebraic Groups over Two-dimensional Fields)৭
  • ভাৰতীয় বিজ্ঞান একাডেমীৰ সভ্য ৷ ১
  • ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য ৷ ১
  • ১৯৮৭ চনত শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ ৷১
  • লাউছেন বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৯ চনত সন্মানীয় ডক্তৰেট ডিগ্ৰী লাভ ৷ ১
  • ২০০৩ চনত শ্ৰীনিবাস ৰামানুজন জন্মশতবাৰ্ষিকী বঁটা লাভ ৷১
  • ২০০৫ চনত গণিতত "বিজ্ঞানৰ গোলকীয় একাডেমী"(The World Academy of Science) বঁটা লাভ ৷১৮
  • ২০১২ চনত আমেৰিকান গাণিতিক সমাজৰ সভ্য ৷৯

নিৰ্বাচিত প্ৰকাশনসমূহ

  • Failure of a quadratic analogue of Serre's conjecture, Bulletin of the AMS, vol. 82, 1976, pp. 962–964
  • Quadratic spaces over polynomial extensions of regular rings of dimension 2, Mathematische Annalen, vol. 261, 1982, pp. 287–292
  • Galois cohomology of the Classical groups over fields of cohomological dimension≦2, E Bayer-Fluckiger, R Parimala - Inventiones mathematicae, 1995 - Springer
  • Hermitian analogue of a theorem of Springer, R Parimala, R. Sridharan, V Suresh - Journal of Algebra, 2001 - Elsevier
  • Classical groups and the Hasse principle, E Bayer-Fluckiger, R Parimala - Annals of Mathematics, 1998 - jstor.org১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Riddle, Larry. Raman Parimala. Biographies of Young Women Mathematicians. Agnes Scott College
  2. ↑ Math/CS. www.mathcs.emory.edu
  3. ↑ www.agnesscott.edu/lriddle/women/parimala.htm
  4. ↑ (September 2015). Biographies of Candidates 2015. Notices of the AMS. American Mathematical Society. পৃ. 940
  5. ↑ The Mathematics Genealogy Project - Raman Parimala. www.genealogy.ams.org
  6. ↑ আৰ্কাইভ কপি
  7. ↑ www.worldscientific.com/doi/abs/10.1142/97898143
  8. ↑ (2016). Prizes and Awards. The World Academy of Sciences
  9. ↑ List of Fellows of the American Mathematical Society, retrieved 2013-05-05
  10. ↑ Google scholar

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় গণিতজ্ঞভাৰতীয় মহিলা গণিতজ্ঞবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামন পৰিমালা” প্ৰবন্ধৰ সংশোধন ৫৪০১৬২ (২৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।