অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুৰাধা টি. কে.

অনুৰাধা টি.কে. (Anuradha T. K.) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় বিজ্ঞানী আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ISRO)ৰ বিশেষ যোগাযোগ উপগ্ৰহৰ কাৰ্যসূচী সঞ্চালক। তেওঁ জি এছ এ টি-১২ আৰু জি এছ এ টি-১০ উপগ্ৰহৰ উৎক্ষেপণৰ কামৰ সৈতেও জড়িত।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪৯৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

অনুৰাধা টি.কে. (Anuradha T. K.) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় বিজ্ঞানী আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ISRO)ৰ বিশেষ যোগাযোগ উপগ্ৰহৰ কাৰ্যসূচী সঞ্চালক। তেওঁ জি এছ এ টি-১২ আৰু জি এছ এ টি-১০ উপগ্ৰহৰ উৎক্ষেপণৰ কামৰ সৈতেও জড়িত। তেওঁ ১৯৮২ চনত মহাকাশ সংস্থাটোত যোগদান কৰা ইছৰোৰ আটাইতকৈ জ্যেষ্ঠ মহিলা বিজ্ঞানী,১২ আৰু ইছৰোৰ উপগ্ৰহ প্ৰকল্প পৰিচালক হোৱা প্ৰথম মহিলা।৩

ব্যক্তিগত পৰিচয়

অনুৰাধা টি কেৰ জন্ম হৈছিল ১৯৬০ চনত কৰ্ণাটকৰ বাংগালুৰুত। বাংগালুৰুৰ ইউনিভাৰ্চিটি বিশ্বেশ্বৰয়া কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা ইলেক্ট্ৰনিকছত স্নাতক ডিগ্ৰী লাভ কৰে। যিহেতু তেওঁ বিজ্ঞানৰ প্ৰতি আগ্ৰহী আছিল আৰু সদায় মহাকাশ কাৰ্যসূচীত যোগদান কৰিব বিচাৰিছিল, সেয়েহে তেওঁ ইণ্ডিয়া ইনষ্টিটিউট অৱ চাইন্স (আই আই এছ চি)ৰ পৰা বিজ্ঞান স্নাতকোত্তৰ অধ্যয়নৰ প্ৰস্তাৱ নাকচ কৰিছিল৪ আৰু বাংগালুৰুৰ ইউনিভাৰ্চিটি বিশ্বেশ্বৰয়া কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা ইলেক্ট্ৰনিক্সত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৫ অনুৰাধাৰ তিনিগৰাকী ভগ্নী আছে। তেওঁৰ দেউতাক সংস্কৃতৰ অধ্যাপক আছিল, মাক আছিল গৃহিণী। ১৯৬৯ চনত যেতিয়া নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত অৱতৰণ কৰিছিল, তেতিয়া তেওঁ মাত্ৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছিল। তেওঁৰ মাক-দেউতাকে তেওঁক বৰকৈ অনুপ্ৰাণিত কৰিছিল আৰু তেওঁলোকে অনুৰাধাক সদায় চন্দ্ৰ অভিযানৰ বিষয়ে বহুত কথা কৈছিল। তেওঁলোকে অনুৰাধাৰ লগতে ভনীয়েকহঁতক নিজৰ ইচ্ছামতে আগবাঢ়ি গৈ যিকোনো ক্ষেত্ৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। সেয়ে, তেওঁলোকৰ দুগৰাকী ভনীয়েক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হৈছিল আৰু আনগৰাকী অতি সাহসী আৰু খ্যাতনামা ডাক্তৰ হ’ব পাৰিছিল।

তদুপৰি অনুৰাধাই এনে এটা পৰিয়ালত বিবাহপাশত আবদ্ধ হয়, য’ত সকলোৱে ইলেক্ট্ৰনিকছৰ প্ৰতি অতি আকৰ্ষিত আছিল। তেওঁৰ স্বামী ভাৰত ইলেক্ট্ৰনিকছৰ জেনেৰেল মেনেজাৰ। তেওঁৰ ডাঙৰ ছোৱালীজনী আমেৰিকাৰ কম্পিউটাৰ বিজ্ঞানৰ অভিযন্তা, আৰু দ্বিতীয় কন্যা ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী। “মোৰ স্বামী আৰু শাহু আয়ে মোৰ সৈতে সদায় সহযোগিতা কৰিছিল, গতিকে মোৰ সন্তানৰ বাবে মই বিশেষ চিন্তা কৰিবলগীয়া হোৱা নাছিল ” তেওঁ কয়।৪

কৰ্মজীৱন

আন বহু সহপাঠীৰ দৰে নকৰি তেওঁ নিজৰ কেৰিয়াৰ গঢ়িবলৈ ভাৰততে থকাটো পছন্দ কৰি লৈছিল। প্ৰথম কাম আছিল বাংগালুৰুৰ চেটেলাইট চেণ্টাৰত উপগ্ৰহ পৰীক্ষা কৰা, আৰু তেওঁৰ বছ আছিল অধ্যাপক ইউ আৰ ৰাও, যিয়ে পিছলৈ ১৯৮৪ চনৰ পৰা ১৯৯৪ চনলৈকে সংস্থাটোৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অনুৰাধাই উপগ্ৰহৰ বাবে ইলেক্ট্ৰনিক সঁজুলি নিৰ্মাণ কৰিছিল। অনুৰাধা টি কে হৈছে ৩৪ বছৰ ধৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ত কাম কৰা সকলোতকৈ জ্যেষ্ঠ মহিলা বিষয়া। কৰ্মক্ষেত্ৰত অনুৰাধা আদৰ্শ। তেওঁ সদায় কৈছিল “আপুনি নাৰী হোৱাৰ বাবে কোনো বিশেষ সুবিধা নাপায়, নাৰী হোৱাৰ বাবে আপোনাৰ লগত বৈষম্যও কৰা নহয়। ইয়াত আপোনাক সম-মৰ্যাদাৰে গ্ৰহণ কৰা হয়।" তেওঁ কয় “মই কেতিয়াও এনেকুৱা বিষয় নাপালোঁ, য’ত মই বহুত কথা মনত ৰখাৰ প্ৰয়োজন আছিল আৰু বিজ্ঞান মোৰ বাবে যুক্তিসংগত যেন লাগিছিল। মই বিশ্বাস নকৰোঁ যে, ভাৰতীয় ছোৱালীয়ে বিজ্ঞান তেওঁলোকৰ বাবে নহয় বুলি ভাবে আৰু মই ভাবোঁ গণিত তেওঁলোকৰ প্ৰিয় বিষয়।" মহিলা আৰু বিজ্ঞানৰ ৰাহি-জোৰা নাহে বুলি ভবাসকলৰ পৰিৱৰ্তে তেওঁৰ চেটেলাইট প্ৰজেক্ট ডাইৰেক্টৰে তেওঁক যথেষ্ট সমৰ্থন দিছে।৬ ভাৰতৰ কেইবাটাও মহাকাশ কাৰ্যসূচীত তেওঁ এগৰাকী আগশাৰীৰ ব্যক্তিত্ব হিচাপে কাম কৰি আহিছে।৭৮

অনুৰাধাৰ উদ্ভাৱন হ’ল তেওঁ জিঅ’-চিংক্ৰ’নাছ উপগ্ৰহসমূহ নিয়ন্ত্ৰণৰ এক অনন্য উপায় সৃষ্টি কৰে। অনুৰাধাই হাছানৰ নিয়ন্ত্ৰণ সুবিধাৰ পৰা সম্পন্ন কৰা জটিল অভিযানৰ জৰিয়তে জিএছএটি-১২ক চূড়ান্ত কক্ষপথলৈ সফলতাৰে পৰিচালনা কৰে। তেওঁৰ ইনোভেটেই GSAT-12ক সফল কৰি তুলিছিল। আজিও তেওঁৰ সেই পদ্ধতিৰ ব্যৱহাৰ অব্যাহত আছে। প্ৰথমবাৰৰ বাবে হাছানত সৰ্বমহিলাৰ দল এটাই এই কামটো কৰিলে। আৰু সেয়েহে, মহাকাশ সংস্থাটোৱে এতিয়া তেওঁলোকৰ বাবে আৰু বহু কামৰ আশা কৰিছে। প্ৰকল্প পৰিচালক হিচাপে তেওঁ জিএছএটি-৯, জিএছএটি-১৭ আৰু জিএছএটি-১৮ যোগাযোগ উপগ্ৰহৰ উৎক্ষেপণৰ কামো তদাৰক কৰিছিল। ভাৰতীয় ৰিম’ট চেন্সিং আৰু ভাৰতীয় আঞ্চলিক নেভিগেচন উপগ্ৰহ ব্যৱস্থা কাৰ্যসূচীৰ বাবে প্ৰকল্প পৰিচালক, উপ প্ৰকল্প সঞ্চালক আৰু সহযোগী প্ৰকল্প সঞ্চালক হিচাপেও কাম কৰি আহিছে। তেওঁৰ বিশেষত্ব হৈছে উপগ্ৰহ চেকআউট ব্যৱস্থা, যিয়ে মহাকাশত এবাৰ উপগ্ৰহ এটাৰ কাৰ্য্যক্ষমতা পৰ্যবেক্ষণ কৰে।

ৰকেট বিজ্ঞানী হোৱাৰ আকাংক্ষিত মহিলাসকললৈ তেওঁৰ পৰামৰ্শ সহজ: “ব্যৱস্থা কৰক।” "এবাৰ ছোৱালীবোৰে যদি দেখে যে মহাকাশ কাৰ্যসূচীত বহুত মহিলা আছে, তেওঁলোকেও অনুপ্ৰাণিত হয়, তেওঁলোকে ভাবে যে যদি তেওঁ কৰিব পাৰে, তেন্তে তেওঁলোকেও কৰিব পাৰিব।" অনুৰাধাৰ বৃদ্ধি আৰু কাহিনীয়ে আজি বহু লোকক অনুপ্ৰাণিত কৰিছে। তেওঁৰ উৎসাহত অধিক সংখ্যক মহিলাই বৈজ্ঞানিক কেৰিয়াৰত যোগদান কৰিবলৈ বাছি লৈছিল।৯১০১১ ২০জন অভিযন্তাৰ কাৰিকৰী গোটটোৰ তত্ত্বাৱধান আৰু নেতৃত্ব দিছিল।৭ সৰ্বমহিলা গৱেষণা দলৰ অংশ হিচাপে প্ৰমোদা হেজ আৰু অনুৰাধা প্ৰকাশৰ সৈতে মিলি তেওঁ হাছানৰ ইছৰোৰ মাষ্টাৰ কণ্ট্ৰল ফেচিলিটি (এমচিএফ)ৰ পৰা জিএছএটি-১২ক চূড়ান্ত কক্ষপথলৈ লৈ যায়।১২১০১১

জিএছএটি-১২ৰ সৈতে কাম কৰাৰ পিছত অনুৰাধা টি কে ২০১২ চনৰ ছেপ্টেম্বৰ মাহত যথেষ্ট কাৰ্যসূচী উপগ্ৰহ জিএছএটি-১০ উৎক্ষেপণৰ নেতৃত্ব দিয়ে।১১৪

প্ৰকল্প পৰিচালক হিচাপে তেওঁ জিএছএটি-৯, জিএছএটি-১৭ আৰু জিএছএটি-১৮ যোগাযোগ উপগ্ৰহৰ উৎক্ষেপণৰ কামো তদাৰক কৰিছিল। তেওঁ ভাৰতীয় ৰিম'ট চেন্সিং আৰু ভাৰতীয় আঞ্চলিক নেভিগেচন উপগ্ৰহ ব্যৱস্থা কাৰ্যসূচীৰ বাবে প্ৰকল্প পৰিচালক, উপ প্ৰকল্প সঞ্চালক আৰু সহযোগী প্ৰকল্প সঞ্চালক হিচাপেও কাম কৰি আহিছে।২৫ তেওঁৰ বিশেষত্ব হৈছে উপগ্ৰহ চেকআউট ব্যৱস্থা যিয়ে উপগ্ৰহ মহাকাশত থকাৰ পিছত ইয়াৰ কাৰ্য্যক্ষমতা পৰ্যবেক্ষণ কৰে।১২

বঁটা

  • ২০০৩ চনত মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত কৰা সেৱাৰ বাবে ভাৰতীয় মহাকাশ সমাজৰ দ্বাৰা মহাকাশ সোণৰ পদক প্ৰদান।
  • ২০১১ চনত আই ই আইৰ নেশ্যনেল ডিজাইন এণ্ড ৰিচাৰ্চ ফ’ৰাম (এন ডি আৰ এফ)ৰ দ্বাৰা সুমন শৰ্মা বঁটা।
  • ২০১২ চনত খিলঞ্জীয়া যোগাযোগ মহাকাশযানৰ বাস্তৱায়নৰ বাবে আছি- ইছৰো মেৰিট বঁটা।
  • ২০১২ চনৰ ইছৰো দল বঁটা ২০১২ GSAT-12৭ বাস্তৱায়িত কৰাৰ বাবে দলৰ নেতা হোৱাৰ বাবে।

তথ্যসূত্ৰ

  1. ↑ (2016-12-12). The women scientists who took India into space. BBC News
  2. ↑ (5 August 2011). Meet ISRO's 'Space Girls'. Deccan Herald
  3. ↑ Bihar Reporter. Meet the lady behind success of RISAT I. The Biharprabha News
  4. ↑ ISS. Reaching out to the skies. indianspacestation.com
  5. ↑ (2014-02-21). T K ANURADHA
  6. ↑ (2017-02-26). India's rocket women. Deccan Herald
  7. ↑ Smt T K Anuradha – IEEE WIE Global Summit 2016. wiesummit.ieeer10.org
  8. ↑ Hands that rock the space missions at yuyuISRO. The Week
  9. ↑ ISRO successfully launches latest communication satellite GSAT-12. The Economic Times
  10. ↑ Martin, Max. (23 July 2011). ISRO banks on womanpower for GSAT-12. India Today
  11. ↑ Only the sky is the limit. www.mea.gov.in
  12. ↑ Woman's hand in India's latest satellite. Sify

সম্পৰ্কিত শ্ৰেণী

মহিলা বিজ্ঞানীমহাকাশবিজ্ঞানবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাধা টি. কে.” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৬৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।