অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমলা সাহানী

কমলা সাহানী (১৪ ছেপ্তেম্বৰ ১৯১২ - ২৮ জুন ১৯৯৮) এগৰাকী অগ্ৰণী ভাৰতীয় জীববিজ্ঞানী আছিল, তেওঁ ১৯৩৯ চনৰ বৈজ্ঞানিক শৃঙ্খলাৰ পিএইচডি অৰ্জনকাৰি প্ৰথম ভাৰতীয় মহিলা। বাংগালোৰত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত তেওঁৰ এই স্বীকৃতিয়ে ইতিহাসত প্ৰথমবাৰলৈ এনে প্ৰতিষ্ঠানত মহিলাৰ অংশগ্ৰহণৰ পথ মুকলি কৰিছিল।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ২৬০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কমলা সাহানী (১৪ ছেপ্তেম্বৰ ১৯১২ - ২৮ জুন ১৯৯৮) এগৰাকী অগ্ৰণী ভাৰতীয় জীববিজ্ঞানী আছিল, তেওঁ ১৯৩৯ চনৰ বৈজ্ঞানিক শৃঙ্খলাৰ পিএইচডি অৰ্জনকাৰি প্ৰথম ভাৰতীয় মহিলা।১ বাংগালোৰত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত তেওঁৰ এই স্বীকৃতিয়ে ইতিহাসত প্ৰথমবাৰলৈ এনে প্ৰতিষ্ঠানত মহিলাৰ অংশগ্ৰহণৰ পথ মুকলি কৰিছিল।১

তেওঁৰ গৱেষণাৰ বিষয় আছিল ভিটামিনৰ প্ৰভাৱ তথা ভাৰতীয় দৰিদ্ৰ জনসাধাৰণৰ দ্বাৰা উৎপাদিত বিভিন্ন খাদ্যজাত যেনে বিভিন্ন মাহ, ধান আদিৰ পৌষ্টিক মূল্যায়ন। তাল গছৰ পৰা নিষ্কাশিত "নীৰ"ৰ পৌষ্টিক মূল্যায়নৰ ওপৰত তেওঁ কৰা গবেষণা তেতিয়াৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ অনুপ্ৰেৰণাৰ ফল আছিল।২

জীৱনৰ আদিচোৱা

১৯১২ চনত মধ্য প্ৰদেশৰ ইন্দোৰত কমলা সাহানীৰ জন্ম হয়। দেউতাক নাৰায়ণৰাও ভাগৱত আৰু খুৰাৱক মাধুভ্ৰো ভাগৱত, টাটা ইনষ্টিটিউট অফ চাইন্স (যি পিছলৈ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান হয়)-ৰ ৰসায়নবিদ ও প্ৰাক্তন ছাত্ৰ আছিল। কমলাই 'পাৰিবাৰিক ঐতিহ্য' অনুসৰণ কৰি ১৯৩৩ চনত ব'ম্বে বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান (প্ৰধান) আৰু পদাৰ্থ বিজ্ঞান (সাধাৰণ) বিষয়ত স্নাতক ডিগ্ৰি অৰ্জন কৰে। ইয়াৰ পিছত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত গৱেষণাৰ বাবে আবেদন কৰে৩যদিও সেই সময়ত গৱেষণাৰ বাবে নাৰী উপযুক্ত নহয় বুলিয়ে তেওঁৰ এই আবেদন সেই সময়ৰ সঞ্চালক তথা ন'বেল বঁটা বিজয়ী অধ্যাপক চি.ভি. ৰমনৰ দ্বাৰা আগ্ৰাহ্য হয়। এই আগ্ৰাহ্যতাৰ প্ৰতিবাদত কমলাই অধ্যাপক চি.ভি. ৰমনৰ কাৰ্যালয়ৰ বাহিৰত সত্যাগ্ৰহ আন্দোলন কৰে। ফলত অধ্যাপকে তেওঁক কিছু চৰ্তৰ পৰিপ্ৰেক্ষিতত গৱেষণাৰ বাবে অনুমতি দিবলৈ বাধ্য হয়।

পেচা আৰু গবেষণা

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত কামলাৰ গৱেষণাৰ পৰামৰ্শক আছিল শ্ৰী শ্ৰীনিবাসায়। তেখেতৰ তত্ত্বাৱধানত কমলাই গাখীৰ, মাহ তথা চিমত থকা মাংসসাৰ সম্পৰ্কে গৱেষণা কৰে। তেওঁৰ গৱেষণাৰ বিষয় আৰু গৱেষণাৰ প্ৰতি উৎসৰ্গা দেখি অধ্যাপক ৰমনে ১৯৩৬ চনত কমলা সাহানীয়ে এমএসচি ডিগ্ৰী সম্পন্ন কৰাৰ এবছৰ পিছতেই ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নাৰীৰ অংশগ্ৰহণৰ সম্পূৰ্ণ অনুমতি প্ৰদান কৰে।

মৃত্যু তথা উত্তৰাধিকাৰ

কামাল ভাৰতৰ কনজিউমাৰ গাইডেন্স চোচাইটি (চি জি এচ আই)-ৰ সক্ৰিয় সদস্য আছিল। তেওঁ ১৯৮২-৮৩ বৰ্ষত চি জি এচ আইৰ সভাপতি নিৰ্বাচিত হয় আৰু 'কেমাত' নামৰ সংগঠনটিৰ সাংগঠনিক পত্ৰিকাৰ বাবে ভোক্তা সকলৰ নিৰাপত্তা সম্পৰ্কিত বহু নিবন্ধ ৰচনা কৰে। ১৯৯৮ চনত দিল্লীত অনুষ্ঠিত ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ (আই চি এম আৰ)-ৰ দ্বাৰা আয়োজিত এটি বিশেষ অনুষ্ঠানৰ সময়ত কমলা সোহানীৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ (10 March 2017). How Kamala Sohonie Defied Gender Bias & Became the First Indian Woman PhD in Science. The Better India
  2. ↑ Kamala Sohonie - Woman, Who Established the Nutritive Value of the Plants, Consumed by Poor People
  3. ↑ Gupta, Aravind. Kamala Sohonie. Indian National Science Academy

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা সাহানী” প্ৰবন্ধৰ সংশোধন ৪৮৫২৭৪ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।