অপৰ্ণা দত্ত গুপ্তা (Aparna Dutta Gupta; ১১ মে ১৯৫৩ - ২৯ জুন ২০২০) এগৰাকী ভাৰতীয় প্ৰাণীবিজ্ঞানী আৰু শিক্ষাবিদ। তেওঁ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ স্কুল অৱ লাইফ ছায়েন্সৰ পশু জীৱবিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল।১ তেওঁৰ গৱেষণা প্ৰাণীবিজ্ঞান, বিকাশমূলক জীৱবিজ্ঞান আৰু অন্তঃস্ৰাৱী বিজ্ঞানত কেন্দ্ৰিত।তেওঁ কীট শৰীৰতত্ত্বৰ ক্ষেত্ৰত গৱেষণা কৰিছিল, কীট আৰু সেইবোৰৰ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ নতুন অৱদান আছিল এই আৱিষ্কাৰ যে পোক-পৰুৱাৰ চৰ্বিৰ শৰীৰে হেক্সামেৰিন জিন প্ৰকাশ কৰে আৰু প্ৰকাশ পোৱা প্ৰটিনবোৰ পুৰুষৰ আনুষংগিক-গ্ৰন্থিকে ধৰি বিভিন্ন কলাবোৰে আঁতৰাই ৰাখে আৰু প্ৰজননত ভূমিকা পালন কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
অপৰ্ণা দত্ত গুপ্তাই বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰ, ডক্টৰেট ডিগ্ৰী লাভ কৰে।
তেওঁ ১৯৮৪–১৯৮৫ চনলৈকে আমেৰিকাৰ মিলৱাকিৰ মাৰ্কেট বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ ফুলব্ৰাইট স্কলাৰ আৰু অতিথি বিজ্ঞানী আছিল। তেওঁ ইণ্ডো-জাৰ্মান এক্সচেঞ্জ প্ৰগ্ৰেমৰ (১৯৯১) ফেল' আছিল। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী (আইএনএছএ) আৰু ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী (এনএএছআই) ৰ নিৰ্বাচিত ফেল'।
কেৰিয়াৰ
গুপ্তাই চেণ্টাৰ ফৰ বায়’টেকন’লজিৰ সমন্বয়ক (২০০৩–২০০৬) আৰু হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ পশু বিজ্ঞান বিভাগৰ মুৰব্বী (২০০৩–২০০৭) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
বঁটা আৰু বৃত্তি
তেওঁ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা তলত দিয়া ফেল’শ্বিপ লাভ কৰিছে।
- এন. এছ. এ-জে. এছ. পি. এছ. দ্বিপাক্ষিক বিনিময় ফেল', মিয়াজাকি বিশ্ববিদ্যালয়, জাপান (২০১২)।
- আই. এন. এছ. এ-ডি. এফ. জি. আন্তঃৰাষ্ট্ৰীয় বিনিময় ফেল', হামবুৰ্গ বিশ্ববিদ্যালয়, জাৰ্মানী (২০০৮)।
- ডিএছটি-ডিএএডি এক্সচেঞ্জ ফেল', জাৰ্মানীৰ ৱুৰ্জবাৰ্গ বিশ্ববিদ্যালয় (১৯৯৯-২০০৩)।
- আই. এন. এছ. এ. এক্সচেঞ্জ ফেল'শ্বিপ, চেক একাডেমী অৱ চাইন্সেছ, চেক গণৰাজ্য (২০০০)।
- ইণ্ডো-জাৰ্মান এক্সচেঞ্জ প্ৰগ্ৰাম ফেল', ইউনিভাৰ্চিটি টুবিনজেন, জাৰ্মানী (১৯৯১)।১
তথ্যসূত্ৰ
- ↑ Rahul. Aparna Dutta Gupta. Uohyd.ac.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপৰ্ণা দত্ত গুপ্তা” প্ৰবন্ধৰ সংশোধন ৪৮৭৩৮৬ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।