অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অঞ্জু চদ্ধা

অঞ্জু চাধা (:Anju Chadha; জন্ম: ৪ মে' ১৯৫৫ আহমেদনগৰত) এজন ভাৰতীয় জৈৱ ৰসায়নবিদ। তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি মাদ্ৰাজৰ অধ্যাপিকা। তেওঁ জৈৱ অনুঘটক আৰু এনজাইম ব্যৱস্থা, জৈৱিক সংশ্লেষণত এনজাইম, এনজাইম ব্যৱহাৰ কৰি অসমতাপূৰ্ণ সংশ্লেষণ, চাইৰ'টেকন'লজী, সেউজ ৰসায়ন আৰু জৈৱচেন্সৰৰ ক্ষেত্ৰত কাম কৰে।

হালনাগাদ: ১৬ জুন ২০২৬ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অঞ্জু চাধা (:Anju Chadha; জন্ম: ৪ মে' ১৯৫৫ আহমেদনগৰত) এজন ভাৰতীয় জৈৱ ৰসায়নবিদ। তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি মাদ্ৰাজৰ অধ্যাপিকা।১ তেওঁ জৈৱ অনুঘটক আৰু এনজাইম ব্যৱস্থা, জৈৱিক সংশ্লেষণত এনজাইম, এনজাইম ব্যৱহাৰ কৰি অসমতাপূৰ্ণ সংশ্লেষণ, চাইৰ'টেকন'লজী, সেউজ ৰসায়ন আৰু জৈৱচেন্সৰৰ ক্ষেত্ৰত কাম কৰে।

প্ৰাৰম্ভিক জীৱন

চাধা ভাৰতৰ আহমেদনগৰত ৪ মে' ১৯৫৫ চনত জন্মগ্ৰহণ কৰিছিল।২

শিক্ষা

হাইস্কুলত তাই শ্ৰেষ্ঠ ছাত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। নৌৰ’ছজী ৱাদিয়া মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়তে মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰৰ বৃত্তি লাভ কৰে। কলেজৰ পৰা ৰসায়ন বিজ্ঞানৰ পুৰস্কাৰো লাভ কৰে। ৩১৯৭৫ চনত ৰসায়ন বিজ্ঞানত ডিগ্ৰী লাভ কৰে।৩ ১৯৭৭ চনত পুনা বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত বিশেষ গুৰুত্ব দি বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৮৪ চনত বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ পৰা পি এইচ ডি সম্পূৰ্ণ কৰে। তেওঁ জৈৱ-জৈৱিক ৰসায়ন বিজ্ঞানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।

কৰ্ম

চাধা ইণ্ডিয়ান ছ’চাইটি অৱ বায়’-অৰ্গেনিক কেমিষ্ট, কেমিকেল ৰিচাৰ্চ ছ’চাইটি অৱ ইণ্ডিয়া, আৰু আই আই এছ চি এলুমনি এছ’চিয়েচন, বাংগালুৰুৰ আজীৱন সদস্য। তেওঁ মাদ্ৰাজ বিজ্ঞান ফাউণ্ডেশ্যনৰ নিৰ্বাচিত সদস্যও।৪

স্বীকৃতি

  • ১৯৭৫ - ভাৰতৰ পুনা চহৰৰ নৌৰ'ছজী ৱাডিয়া কলেজৰ ৰসায়ন বিজ্ঞান বঁটা
  • ১৯৮৫ - ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালুৰু, ভাৰতৰ শ্ৰীমতী হনুমন্ত ৰাও পদক
  • ১৯৮৫ চনত ফেলো, ফ'গাৰ্টী ইণ্টাৰনেশ্যনেল চেণ্টাৰ, নেচনেল ইনষ্টিটিউট অৱ হেল্থ, ৱাশ্বিংটন, ডি.চি.৩
  • ১৯৯২ - ফেলো, আলেকজেণ্ডাৰ ভন হামবল্ড ফাউণ্ডেশ্যন৩
  • ২০১১ - মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা আন্তৰ্জাতিক নাৰী দিৱসৰ বঁটা

তথ্যসূত্ৰ

  1. ↑ Anju Chadha
  2. ↑ Science – a joyous playing field
  3. ↑ Anju Chadha
  4. ↑ Career profile

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঞ্জু চদ্ধা” প্ৰবন্ধৰ সংশোধন ৬১২৫০৩ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।