সুদীপ্তা সেনগুপ্তা (Sudipta Sengupta) এগৰাকী ভাৰতীয় ভূবিজ্ঞানী। তেওঁ কলিকতাত অৱস্থিত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ গাথঁনিক ভূবিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ এগৰাকী প্ৰশিক্ষিত পৰ্বতাৰোহী। তেওঁ সমুদ্ৰ বিজ্ঞানী আদিতি পণ্টৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম মহিলা। তেওঁলোক ১৯৮৩ চনৰ ভাৰতৰ এণ্টাৰ্কটিকা প্ৰগ্ৰেমৰ সহায়ত এণ্টাৰ্কটিকা অভিযানৰ সুযোগ লাভ কৰিছিল।১২ তেওঁ তেওঁৰ বঙালী ভাষাত ৰচিত এণ্টাৰ্কটিকা গ্ৰন্থ আৰু ভূবিজ্ঞান বিষয়ক বিভিন্ন প্ৰবন্ধ আৰু দূৰদৰ্শনৰে সাক্ষাৎকাৰৰ বাবে জনা যায়।৩ ১৯৯১ চনত তেওঁ ভূবিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পৃথিৱী, বায়ুমণ্ডল সমুদ্ৰ আৰু গ্ৰহ বিজ্ঞান শিতানত ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে।
প্ৰাৰম্ভিক জীৱন
১৯৪৬ চনৰ ২৮ অক্টোবৰত কলিকতাত সুদীপ্তা সেনগুপ্তাৰ জন্ম হৈছিল। তেওঁ জ্যোতি ৰঞ্জন সেনগুপ্তা আৰু পুষ্পা সেনগুপ্তাৰ কণিষ্ঠ কন্যা। তেওঁৰ পিতৃ এগৰাকী বতৰবিজ্ঞানী আছিল আৰু সেইবাবে তেওঁলোকৰ পৰিয়ালে ভাৰত আৰু নেপালত সময় কটাবলগীয়া হৈছিল। তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত সন্মানসহ প্ৰথম হৈছিল। ১৯৭২ চনত তেওঁ ডঃ সুবীৰ ঘোষৰ তত্বাৱধানত যাদৱপুৰ বিশ্ববিদ্যালয়ৰে পৰা পিএইছডি ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
১৯৭০ চনত তেওঁ ভাৰতীয় ভূবৈজ্ঞানিক সৰ্বেক্ষণত এগৰাকী ভূবিজ্ঞানী হিচাপে যোগদান কৰে। ১৯৭৩ চনত তেওঁ যুক্তৰাজ্যৰ ৰয়েল কমিচন ফৰ দা এক্সিবিচন অফ ১৮৫১ জলপানি লাভ কৰে। তাৰপিছত তেওঁ তিনিবছৰৰ বাবে লণ্ডনৰ ইম্পেৰীয়েল কলেজত নিজৰ পোষ্ট ডক্টৰেল গৱেষণা কৰে। ১৯৭৭ চনত তেওঁ ছুইডেনৰ উপাশালা বিশ্ববিদ্যালয়ৰ ভুবিজ্ঞান প্ৰতিষ্ঠানত ডচেণ্ট হিচাপে ছয়মাহৰৰ বাবে যোগদান কৰে আৰু আৰু আন্তৰ্জাতিক ভূগতিবিজ্ঞান প্ৰকল্পৰ অধীনত অতিথি বিজ্ঞানী হিচাপে অধ্যাপক হান্স ৰামবাৰ্গৰ তত্বাৱধানত গৱেষণা কৰিছিল। ১৯৭৯ চনত তেওঁ ভাৰতলৈ ঘূৰি আহে আৰু ভাৰতীয় ভূবৈজ্ঞানিক সৰ্বেক্ষণত জেষ্ঠ্য ভূবিজ্ঞানী হিচাপে যোগদান কৰে। ১৯৮২ চনত তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে আৰু ইয়াৰ পৰা তেওঁ অধ্যাপক পদত থাকোতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।৩৪৫
পৰ্বতাৰোহণ
সুদীপ্তা সেনগুপ্তা এগৰাকী দক্ষ পৰ্বতাৰোহী আছিল। তেওঁ হিমালয় পৰ্বতাৰোহণ প্ৰতিষ্ঠানত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ব্যক্তি টেনজিং নৰ্গেৰ পৰা পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লাভ কৰিছিল। তাৰপিছত তেওঁ ভাৰত আৰু ইউৰোপত কেইবাটাও পৰ্বতাৰোহণ অভিযানত যোগদান কৰিছিল। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল লাহাউল অঞ্চলৰ নামবিহীন ভাৰ্জিন পিক, পিছলৈ ইয়াৰ নাম মাউণ্ট লাহাউল ৰখা হয়।৫
এণ্টাৰ্কটিকা অভিযান
১৯৮৩ চনত ভাৰতৰ তৃতীয় এণ্টাৰ্কটিকা অভিযানত তেওঁ সদস্য হিচাপে নিৰ্বাচিত হয়। এই অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূব এণ্টাৰ্কটিকাৰ স্কীমাৰ্চ্চাৰ পাহাৰত ভূবৈজ্ঞানিক গৱেষণা কৰা। তেওঁ আৰু সমুদ্ৰ বিজ্ঞানী আদিতি পণ্ট এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা।৬৭ ১৯৮৯ চনত তেওঁ ভাৰতৰ নৱম এণ্টাৰ্কটিকা অভিযানৰ সদস্য হিচাপে আকৌ এণ্টাৰ্কটিকালৈ যাবলৈ সুযোগ লাভ কৰিছিল। স্কীমাৰ্চ্চাৰ পাহাৰত তেওঁৰ গৱেষণায়ে এই অঞ্চলৰ ন ন তথ্য উদ্ঘাটন কৰিবলৈ সহায় কৰে। ইয়াৰ লগতে ভাৰতীয় উপমহাদেশ, দা স্কটিছ হাইলেণ্ড আৰু স্কেন্দিনেভীয়ান কেলডনীদেছ আৰু পূব এণ্টাৰ্কটিকাত ভৌগোলিক গঠন আৰু পেৰাকেম্ব্ৰিয়াম গাঁথনিৰে ওপৰতো গৱেষণা কৰিছিল। ৫৪
প্ৰকাশন
অধ্যাপক সুদীপ্তা সেনগুপ্তাৰ কেইবাখনো গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশিত হৈছে। ইয়াৰ উপৰিও তেওঁ গাঁথনিক ভূবিজ্ঞান বিষয়ক এখন গ্ৰন্থ সম্পাদনা কৰিছে। তেওঁৰ এণ্টাৰ্কটিকা অভিযানৰ কাহিনী সম্বলিত 'এণ্টাৰ্কটিকা' নামৰ গ্ৰন্থখন পশ্চিম বংগত সৰ্বোচ্চ বিক্ৰী হোৱা গ্ৰন্থত পৰিগণিত হৈছিল।
বঁটা আৰু সন্মান
১৯৯১ চনত ভূবিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পৃথিৱী, বায়ুমণ্ডল সমুদ্ৰ আৰু গ্ৰহ বিজ্ঞান শিতানত ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য নিৰ্বাচিত হৈছিল। ইয়াৰ লগতে তেওঁ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় খনিজ বঁটা আৰু এণ্টাৰ্কটিকা বঁটা লাভ কৰিছিল। তেওঁ লেডী ষ্টাডি গ্ৰুপৰ প্ৰফেচন এণ্ড কেৰিয়াৰ বঁটাও লাভ কৰিছিল।
তথ্যসূত্ৰ
- ↑ Sharma, Sathya. (January 2001). Breaking the ice in Antarctica: The first Indian wintering in Antarctica. New Age International. পৃ. 38. ISBN 9788122412901
- ↑ (2015-05-18). Smart Women Scientist who made India proud - Dr. Aditi Pant. ww.itimes.com
- ↑ Sengupta, Sudipta. Antarctica. Ananda Publisher, 1989
- ↑ Doney, Anjali. (August 20, 2019). Exclusive: From Physicists to Geologists, Meet 6 Amazing Antarctic Women of India. The Better India
- ↑ Aishwarya, Tripathi. (November 2, 2019). Sudipta Sengupta's Journey in Geology to the Ends of the Earth. The Wire
- ↑ Chaturvedi, Arun. (2004). Indian Women in Antarctic Expeditions: A Historical Perspective. Department of Ocean Development, Technical Publication. পৃ. 277–279
- ↑ Tiwari, Anju. (2008). Story of Antarctica. National Centre for Antarctic and Ocean Research. ISBN 978-81-906526-0-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুদীপ্তা সেনগুপ্তা” প্ৰবন্ধৰ সংশোধন ৬১০৭৫৪ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।