বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী
২৪১ প্ৰবন্ধ
-
কৃষ্ণা ভৰদ্বাজ (অৰ্থনীতিবিদ)
কৃষ্ণা ভৰদ্বাজ ( Krishna Bharadwaj; ২১ আগষ্ট ১৯৩৫ – ৮ মাৰ্চ ১৯৯২)আছিল এগৰাকী ভাৰতীয় নব্য ৰিকাৰ্ডিয়ান অৰ্থনীতিবিদ যি মূলতঃ অৰ্থনৈতিক উন্নয়ন তত্ত্ব আৰু ধ্ৰুপদী অৰ্থনীতিৰ ধাৰণাসমূহৰ পুনৰুজ্জীৱনৰ বাবে অৱদানৰ বাবে পৰিচিত।
-
কোমাৰৰাজু আটচামম্বা
ড° কোমাৰাজু আটচামাম্বা (৬ ছেপ্টেম্বৰ ১৯০৬ – ২০ অক্টোবৰ ১৯৬৪) আছিল এজন ভাৰতীয় উকীল, প্ৰসূতি বিশেষজ্ঞ, স্ত্ৰীৰোগ বিশেষজ্ঞ, ৰাজনীতিবিদ আৰু এজন প্ৰাক্তন সংসদ সদস্য।
-
কৌমুদি জোশিপুৰা
কৌমুদি জিনৰাজ জোশিপুৰা (Kaumudi Jinraj Joshipura ) এজন ভাৰতীয় আমেৰিকান মহামাৰী বিজ্ঞানী, জৈৱ পৰিসংখ্যাবিদ, দন্ত চিকিৎসক, আৰু বিজ্ঞানী। তেওঁ হাৰ্ভাৰ্ডৰ টি.এইচ. তেওঁ এজন সহকাৰী পূৰ্ণ অধ্যাপক।
-
খাদিজা মমতাজ
খাদিজা মমতাজ (জন্ম ১৯৫৫) ভাৰতৰ কেৰালা ৰাজ্যৰ এগৰাকী মালয়ালম লেখিকা। তেওঁ পেশাগতভাৱে এগৰাকী চিকিৎসক আৰু সম্ভৱতঃ কেৰালা সাহিত্য চক্ৰত তেওঁৰ দ্বিতীয়খন উপন্যাস বৰষাৰ বাবে আটাইতকৈ বেছি পৰিচিত যিখনে ২০১০চনত কেৰালা সাহিত্যি অকাডেমী বঁটা লাভ কৰিছিল।
-
গাইটি হাছান
গাইটি হাছান (Gaiti Hasan; ১৯ নৱেম্বৰ ১৯৫৬) এগৰাকী ভাৰতীয় বিজ্ঞানী। আণৱিক জীৱবিজ্ঞান, জেনেটিক্স, স্নায়ুবিজ্ঞান আৰু কোষ সংকেত তেওঁৰ গৱেষণাক্ষেত্ৰ। হাছান ভাৰতীয় বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলৰ শীৰ্ষ সংস্থা ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ (আই.এন.এছ.এ.) এগৰাকী ফেল'।
-
গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক
গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক (Gayatri Chakravorty Spivak; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৪২) এগৰাকী ভাৰতীয় পণ্ডিত, সাহিত্য তত্ত্ববিদ আৰু নাৰীবাদী সমালোচক। তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু প্ৰতিষ্ঠানটোৰ ইনষ্টিটিউট ফৰ কম্পাৰেটিভ লিটাৰেচাৰ এণ্ড ছ'চাইটিৰ প্ৰতিষ্ঠাপক সদস্য।
-
গীতা কাপুৰ (কলা সমালোচক)
গীতা কাপুৰ (Geeta Kapur; জন্ম ১৯৪৩) হ'ল নতুন দিল্লীত বসবাস কৰা এগৰাকী বিশিষ্ট ভাৰতীয় কলা সমালোচক, কলা ইতিহাসবিদ আৰু কিউৰেটৰ। সমালোচনামূলক কলা লিখনিৰ তেওঁ হ'ল ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ ব্যক্তি; ইণ্ডিয়ান এক্সপ্ৰেছ মতে তেওঁ, "তিনি দশক ধৰি ভাৰতীয় সমসাময়িক কলা তত্ত্বৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰি…
-
গুৰুবাই কৰ্মৰকাৰ
গুৰুবাই কৰ্মৰকাৰ (Gurubai Karmarkar; মৃত্যু ১৯৩২) ১৮৮৬ চনত পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা।
-
চন্দা জ'গ
চন্দা জয়ন্ত জ'গ (Chanda Jayanth Jog) হৈছে এগৰাকী ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞানী। তেখেতে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান অৰ্থাৎ আইআইএছচিত কৰ্মৰত। তেখেতৰ গৱেষণাক্ষেত্ৰ হৈছে-তাৰকাপুঞ্জীয় গতিবিজ্ঞান(Galactic Dynamics), ইণ্টাৰএক্টিং এণ্ড ষ্টাৰ বাষ্ট তাৰকাৰাজ্য, আৰু অন্তৱৰ্তী আণৱিক মেঘ।
-
চন্দাবাই
পণ্ডিত ব্ৰহ্মচাৰিনী চন্দাবাই (১৮৮০–১৯৭৭) এগৰাকী জৈন পণ্ডিত আৰু ভাৰতৰ নাৰী শিক্ষাৰ পথ প্ৰদৰ্শক। তেওঁ আছিল ভাৰতৰ আটাইতকৈ পুৰণি মহিলা প্ৰকাশন জৈন মহিলাদৰ্শৰ প্ৰতিষ্ঠাপক।
-
চাঈদা ফয়েজ
মুহতাৰামে চাঈদা ফয়েজ চাহিবা (Saeeda Faiz; ৯ জুন ১৯২৫ - ১৪ ছেপ্টেম্বৰ ২০১০) উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এগৰাকী শিক্ষাবিদ আৰু সমাজ সংস্কাৰক। তেওঁ বিশেষকৈ গাজীপুৰৰ মহিলাসকলৰ শৈক্ষিক সংস্কাৰৰ বাবে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
-
চিত্ৰা দত্ত
চিত্ৰা দত্ত এগৰাকী প্ৰাক্তন মুখ্য বিজ্ঞানী আৰু ভাৰতৰ কলকাতাস্থিত চি এছ আই আৰ-ৰসায়ন জীৱবিজ্ঞানৰ ভাৰতীয় প্ৰতিষ্ঠানৰ গঠনমূলক জীৱবিজ্ঞান আৰু জৈৱ তথ্যবিজ্ঞান বিভাগৰ মুৰব্বী। তেওঁ জৈৱ তথ্যবিজ্ঞান আৰু কম্পিউটেচনেল জীৱবিজ্ঞানৰ ক্ষেত্ৰত কাম কৰা এগৰাকী পদাৰ্থবিজ্ঞানী।
-
চিত্ৰা নায়ক
চিত্ৰা জয়ন্ত নায়ক (Chitra Naik; ১৯১৮–২০১০) এজন ভাৰতীয় শিক্ষাবিদ, সাহিত্যিক, সমাজকৰ্মী, ভাৰতীয় শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু ভাৰতীয় পৰিকল্পনা আয়োগৰ বিশেষজ্ঞ সদস্য। তেওঁ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় গঠন কৰা অনানুষ্ঠানিক শিক্ষা সমিতিৰ অধ্যক্ষ আছিল আৰু ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ সদস্য আছিল।
-
চুনি কোটাল
চুনি কোটাল (Chuni Kotal) হ'ল ভাৰতৰ অনুসূচিত জনজাতি লোধা শবৰ জনগোষ্ঠীৰ দলিত আদিবাসী মহিলা আৰু ১৯৮৫ চনত লোধা শবৰৰ ভিতৰৰ প্ৰথম মহিলা স্নাতক। বছৰ বছৰ ধৰি বিষয়াসকলৰ হাৰাশাস্তিৰ পিছত ১৯৯২ চনৰ ১৬ আগষ্টত আত্মহত্যাৰ জৰিয়তে তেওঁৰ মৃত্যুৱে লোধা শবৰ সম্প্ৰদায়ক এক বৃহৎ ৰূপত একত্ৰিত কৰি তুলিছিল।
-
চেল্লাপ্পান নিৰ্মলা
চেল্লাপ্পান নিৰ্মলা (Sellappan Nirmala; জন্ম ১৯৫২ বা ১৯৫৩) এগৰাকী ভাৰতীয় চিকিৎসক যিগৰাকীয়ে ১৯৮৬ চনত ভাৰতত এইচ. আই. ভি.ৰ প্ৰথমটো ঘটনা আৱিষ্কাৰ কৰিছিল।
-
চেৰিং লেণ্ডল
চেৰিং লেণ্ডল (Tsering Landol) এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু ভাৰতৰ লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মহিলা স্বাস্থ্যৰ অন্যতম পথ প্ৰদৰ্শক। তেওঁ লেহৰ সোণম নৰ্বু মেম'ৰিয়েল চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়াইছিল আৰু অন্যান্য শিক্ষানুষ্ঠানৰ সৈতেও জড়িত।
-
জগন্নাথন বিজয়া
জগন্নাথন বিজয়া (Jagannathan Vijaya; ১৯৫৯–১৯৮৭) হ'ল ভাৰতৰ প্ৰথম মহিলা হাৰ্পেট’লজিষ্ট। তেওঁ সমগ্ৰ দেশতে কচ্ছপৰ গতিবিধি নথিভুক্ত কৰিছিল আৰু বিশ্ব সংৰক্ষণ ইউনিয়নৰ ফ্ৰেছৱাটাৰ চেলোনিয়ান স্পেচেলিষ্ট গ্ৰুপৰ অধ্যক্ষ এডৱাৰ্ড মলৰ সহায়ক হিচাপে কাম কৰিছিল।
-
জয়তী বসু
জয়তী বসু (Joyoti Basu; জন্মঃ ১৭ ডিচেম্বৰ ১৯৫৭) এগৰাকী ভাৰতীয় জৈৱ ৰসায়নবিদ, কোষ জীৱবিজ্ঞানী আৰু বসু প্ৰতিষ্ঠানৰ জ্যেষ্ঠ অধ্যাপক। ৰক্তকণিকাৰ আৱৰণৰ গঠনৰ অধ্যয়নৰ বাবে পৰিচিত বসু ভাৰতৰ তিনিটা প্ৰধান ভাৰতীয় বিজ্ঞান একাডেমী ক্ৰমে নেচনেল একাডেমী অৱ চাইন্সেছ, ইণ্ডিয়ান একাডেমী অৱ চায়েন্সেছ আৰু…
-
জয়াশ্ৰী ৰামাদাস
জয়াশ্ৰী ৰামাদাস (Jayashree Ramadas) (তাছকাৰ) এগৰাকী ভাৰতীয় শিক্ষাবিদ। তেওঁ ভাৰতৰ মুম্বাইস্থিত টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (টিআইএফআৰ)ৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ হোমি ভাভা চেণ্টাৰ ফৰ চাইন্স এডুকেচন (এইচবিচিএছই)ৰ কেন্দ্ৰ সঞ্চালিকা (২০১১–২০১৬) আছিল।
-
জে. দেৱিকা
জয়কুমাৰী দেৱিকা (J. Devika; ജെ. ദേവിക) কেৰালাৰ এগৰাকী মালয়ালী ইতিহাসবিদ, নাৰীবাদী, সমাজ সমালোচক আৰু শিক্ষাবিদ। বৰ্তমান তেওঁ তিৰুৱনন্তপুৰমৰ চেণ্টাৰ ফৰ ডেভেলপমেণ্ট ষ্টাডিজত অধ্যাপিকা হিচাপে গৱেষণা আৰু অধ্যাপনা কৰে। কেৰালাৰ পুৰণি সমাজৰ লিংগ সম্পৰ্কৰ বিষয়ে তেওঁ কেইবাখনো গ্ৰন্থ আৰু প্ৰবন্ধ লিখিছে।
-
জেচি পাল
জেচি পাল (Jessie Paul) এগৰাকী ভাৰতীয় বিপণনকাৰী, বিপণন পৰামৰ্শদাতা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা বক্তা, আৰু লেখক। তেওঁ তেওঁ উইপ্ৰ' আই টি বিজনেছৰ মুখ্য বিপণন বিষয়া আৰু ইনফোচিছৰ গ্ল'বেল ব্ৰেণ্ড মেনেজাৰ আছিল।।
-
জেছলিন ধমিজা
জেছলিন ধমিজা ( ইংৰাজী: Jasleen Dhamija; ১৯৩৩ – ৪ মাৰ্চ ২০২৩) এগৰাকী ভাৰতীয় বস্ত্ৰশিল্প ইতিহাসবিদ, শিল্প বিশেষজ্ঞ আৰু ৰাষ্ট্ৰসংঘৰ কৰ্মী। দিল্লীত ভিত্তি কৰি তেওঁ হস্ততাঁত আৰু হস্তশিল্প উদ্যোগ বিশেষকৈ বস্ত্ৰ আৰু সাজ-পোছাকৰ ইতিহাসৰ ওপৰত অগ্ৰণী গৱেষণাৰ বাবে বেছিকৈ পৰিচিত আছিল।
-
জেৰুছা ঝিৰাদ
জেৰুছা জেকব ঝিৰাদ এফআৰচিঅ'জি, এমবিই (Jerusha Jhirad; ২১ মাৰ্চ ১৮৯১ - ২ জুন ১৯৮৪) হ'ল এগৰাকী ভাৰতীয় চিকিৎসক।
-
টি এন সীমা
টি এন সীমা (T. N. Seema) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষক আৰু ৰাজনীতিবিদ৷ তেওঁ ২০১০ চনৰ পৰা ২০১৬ চনলৈকে কেৰালাৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সাংসদ আছিল।
-
টি কল্পনা দেৱী
টি কল্পনা দেৱী (T. Kalpana Devi) (১৯৪১–২০১৬) অন্ধ্ৰ প্ৰদেশৰ এগৰাকী চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ অষ্টম লোকসভাৰ সদস্য আছিল।
-
টি.এছ. কনক
টি.এছ. কনক ( T. S. Kanaka or Thanjavur Santhanakrishna Kanaka; জন্ম: ৩১ মাৰ্চ ১৯৩২ – মৃত্যু: ১৪ নৱেম্বৰ ২০১৮) বা থাঞ্জাভুৰ সন্থানাকৃষ্ণ কনক, যাক থাঞ্জাভুৰ সন্থানা কৃষ্ণ কনক বুস্নায়ুচাৰ্জন। এছিয়াৰ প্ৰথম মহিলা স্নায়ুচাৰ্জন, আৰু বিশ্বৰ প্ৰথম কেইগৰাকীমান মহিলা স্নায়ুচাৰ্জনৰ ভিতৰত অন্যতম।
-
টি.এছ. সৌন্দৰম ৰামচন্দ্ৰন
টি.এছ.সৌন্দৰম ৰামচন্দ্ৰন (T. S. Soundaram) (জন্ম: ১৮ আগষ্ট ১৯০৪ – মৃত্যু: ২১ অক্টোবৰ ১৯৮৪) এগৰাকী ভাৰতীয় চিকিৎসক, সমাজ সংস্কাৰক আৰু ৰাজনীতিবিদ আছিল আৰু ভাৰতৰ অন্যতম বৃহৎ ঔদ্যোগিক সংঘ টি ভি এছ গ্ৰুপ অৱ কোম্পানী বুলি জনাজাত জনপ্ৰিয় টি ভি সুন্দৰাম আয়েংগাৰ এণ্ড সন্স লিমিটেডৰ প্ৰতিষ্ঠাপক টি ভি…
-
তানিকা সৰকাৰ
তানিকা সৰকাৰ (Tanika Sarkar) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতৰ এগৰাকী ইতিহাসবিদ৷ সৰকাৰৰ কামবোৰে ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিকা দক্ষিণ এছিয়াৰ ধৰ্ম, লিংগ আৰু ৰাজনীতিৰ সংযোগস্থলত আৰোপ কৰে আৰু বিশেষকৈ মহিলা আৰু হিন্দুৰ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
-
দীপা কুমাৰ
দীপা কুমাৰ (Deepa Kumar) এগৰাকী ভাৰতীয় আমেৰিকান পণ্ডিত আৰু সক্ৰিয় কৰ্মী। তেওঁ ৰাটজাৰ্ছ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু মিডিয়া অধ্যয়নৰ অধ্যাপক। মিডিয়া এডুকেশ্বন ফাউণ্ডেশ্যনে কুমাৰক "ইছলাম ফ'বিয়াৰ বিষয়ত দেশৰ অন্যতম আগশাৰীৰ পণ্ডিত" বুলি উল্লেখ কৰিছে আৰু আৰু নিউয়ৰ্ক টাইমছৰ দ্বাৰা "ইছলামোফ'বিয়া…
-
দীপালী পন্ত যোশী
দীপালী পন্ত যোশী (Deepali Pant Joshi) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এগৰাকী প্ৰাক্তন কাৰ্যবাহী সঞ্চালক (২০১৭ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে)। তেওঁ এগৰাকী উন্নয়ন অৰ্থনীতিবিদ আৰু অৰ্থনৈতিক বিষয়ৰ লেখিকা। তেওঁৰ পেছাদাৰী দায়িত্বসমূহৰ ভিতৰত আছে মুদ্ৰা ব্যৱস্থাপনা বিভাগ, আইনী বিভাগ আৰু প্ৰিমিচেছ বিভাগ।