জয়তী ঘোষ (Jayati Ghosh; জন্ম ১৬ ছেপ্টেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় উন্নয়ন অৰ্থনীতিবিদ। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় প্ৰায় ৩৫ বছৰ ধৰি তেওঁ অৰ্থনীতিৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল আৰু ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাচুচেটছ এমহাৰ্ষ্ট বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক হিচাপে কাম কৰি আহিছে। তেওঁৰ অধ্যয়নৰ মূল ক্ষেত্ৰসমূহৰ ভিতৰত আছে আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতি আৰু গোলকীকৰণ, উন্নয়নশীল দেশসমূহ নিযুক্তিৰ ধৰণ, বৃহৎ অৰ্থনৈতিক নীতি, আৰু লিংগ আৰু উন্নয়ন।
প্ৰাৰম্ভিক জীৱন
জয়তী ঘোষৰ জন্ম হৈছিল ১৯৫৫ চনৰ ১৬ ছেপ্টেম্বৰত।১ ঘোষে স্নাতক ডিগ্ৰীৰ বাবে দিল্লী বিশ্ববিদ্যালয় মিৰাণ্ডা হাউচত অধ্যয়ন কৰিছিল আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত এম.এ. ডিগ্ৰী লাভ কৰিছিল। ইনলাকছ বৃত্তি লাভ কৰাৰ পিছত তেওঁ এম.ফিল. আৰু পি.এইচডি.ৰ বাবে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত যোগদান কৰিছিল।২ ১৯৮৪ চনত ড° টেৰেন্স জে. বাইৰ্ছ, জেফ্ৰী চি. হাৰ্কোৰ্ট আৰু চুজেন পাইন তত্ত্বাৱধানত দ্য নন কেপিটেলিষ্ট লেণ্ড ৰেণ্ট থিঅ'ৰিজ এণ্ড দ্য কেছ অৱ নৰ্থ ইণ্ডিয়া বিষয়ত কেমব্ৰিজ বিশ্ববিদ্যালয় তেওঁৰ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।
কেৰিয়াৰ
তেওঁৰ শিক্ষাদানৰ উপৰিও ঘোষে ২১খন কিতাপ আৰু ২২০খনতকৈও অধিক পাণ্ডিত্যপূৰ্ণ প্ৰবন্ধ ৰচনা আৰু/বা সম্পাদনা কৰিছে। শেহতীয়া গ্ৰন্থসমূহৰ ভিতৰত আছে দ্য মেকিং অৱ এ কেষ্ট্ৰোফিঃ ক'ভিড-১৯ এণ্ড দ্য ইণ্ডিয়ান ইকনমি, আলেফ বুকছ ২০২২; হোৱেন গৱৰ্ণমেণ্ট ফেইলঃ ক'ভিড-১৯ এণ্ড দি ইকনমি, তুলিকা বুকছ এণ্ড কলম্বিয়া ইউনিভাৰ্চিটি প্ৰেছ ২০২১ (সহ-সম্পাদিত); উইমেনছ ৱৰ্কাছ ইন দি ইনফৰমেল ইকনমি, ৰুটলেজ ২০২১ (সম্পাদিত); নেভাৰ ডন এণ্ড পুৰলি পেইড° উইমেনছ ৱৰ্ক ইন গ্ল'বেলাইজিং ইণ্ডিয়া, উইমেন আনলিমিটেড, নতুন দিল্লী ২০০৯; সহ-সম্পাদিত এলগাৰ হেণ্ডবুক অৱ অল্টাৰ্নেটিভ থিঅ'ৰিজ অৱ ইকনমিক ডেভেলপমেণ্ট, ২০১৪; সহ-সম্পাদনা আফটাৰ ক্ৰাইচিছ, তুলিকা, ২০০৯; সহ লেখক ডিমোনেটাইজেচন ডিকোডেড, ৰুটগেজ ২০১৭।
ঘোষে ২০০৪ চনত অন্ধ্ৰ প্ৰদেশ কৃষক কল্যাণ আয়োগৰ অধ্যক্ষ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ সদস্যৰূপে ভাৰত আৰু অন্যান্য দেশৰ চৰকাৰক পৰামৰ্শ দিছে। ২০০২ চনৰ পৰা ২০২১ চনলৈকে হেটেৰ’ডক্স উন্নয়ন অৰ্থনীতিবিদৰ আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক আন্তঃৰাষ্ট্ৰীয় উন্নয়ন অৰ্থনীতি এছ’চিয়েটছৰ কাৰ্যবাহী সচিব আছিল। আই এল অ’, ইউ এন ডি পি, ইউ এন চি টি এ ডি, ইউ এন-ডি এছ এ, ইউ এন আৰ আই এছ ডি আৰু ৰাষ্ট্ৰসংঘৰ মহিলাকে ধৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ বাবে পৰামৰ্শ আগবঢ়াইছে আৰু ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ পৰামৰ্শদাতা ব’ৰ্ড, আই এন ই টিৰ গ্ল’বেল ইকনমিক ট্ৰেন্সফৰ্মেচন আয়োগ, আৰু আন্তঃৰাষ্ট্ৰীয় কৰ্পৰেট কৰ সংস্কাৰ সংস্কাৰ আয়োগ (আই চি আৰ আই চি টি)কে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ব’ৰ্ড আৰু আয়োগৰ সদস্য। ২০২১ চনত মাৰিয়ানা মাজুকাটোৰ অধ্যক্ষতাত ডব্লিউ এইচ অ’ কাউন্সিল অন দ্য ইকনমিক্স অৱ হেল্থ ফৰ অলত নিযুক্তি লাভ কৰে। তেওঁ ক্লাব অৱ ৰোমৰ সদস্য। ২০২২ চনৰ মাৰ্চ মাহত তেওঁক ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ ফলপ্ৰসূ বহুপক্ষীয়তাবাদৰ উচ্চ পৰ্যায়ৰ পৰামৰ্শদাতা ব’ৰ্ডত নিযুক্তি দিয়া হয়, যিটোৱে বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে এক দৃষ্টিভংগী প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে। প্ৰজেক্ট চিণ্ডিকেট, ফ্ৰণ্টলাইন, দ্য গাৰ্ডিয়ান আৰু হিন্দু বিজনেছলাইনকে ধৰি বাতৰি কাকত, জাৰ্নেল আৰু ব্লগকে ধৰি জনপ্ৰিয় সংবাদ মাধ্যমৰ বাবেও নিয়মিতভাৱে লিখে।
ব্যক্তিগত জীৱন
ঘোষে অৱসৰপ্ৰাপ্ত পৰিকল্পনা আয়োগ সদস্য অৰ্থনীতিবিদ অভিজিৎ সেনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ২০২২ চনত তেওঁৰ মৃত্যু হয়। তেখেতৰ এগৰাকী কন্যা আছে, তেওঁৰ নাম জাহ্নাৱী সেন। ৩
তথ্যসূত্ৰ
- ↑ Curriculum Vitae. জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
- ↑ Jayati Ghosh. জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
- ↑ Nandy, Chandan. (2022-08-30). Saluting Abhijit Sen, one of India's greatest experts on rural economy. The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়তী ঘোষ” প্ৰবন্ধৰ সংশোধন ৪৮৫১২২ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।