ইন্দ্ৰাণী বসু (Indrani Bose জন্ম ১৫ আগষ্ট ১৯৫১) এগৰাকী ভাৰতীয় পদাৰ্থবিজ্ঞানী, কলকাতাৰ বসু ইনষ্টিটিউটৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক। তেওঁৰ বিশেষত্বৰ ক্ষেত্ৰবোৰ হৈছে তাত্ত্বিক ঘনীভূত পদাৰ্থ, কোৱাণ্টাম তথ্য তত্ত্ব, পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান, জৈৱিক পদাৰ্থ বিজ্ঞান আৰু প্ৰণালী। ১ বিজ্ঞানৰ গৱেষণা আৰু শিক্ষা জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০০০ চনত 'স্ত্ৰী শাক্তবিজ্ঞান সন্মান বঁটা'ৰে সন্মানিত কৰা হয়।
শিক্ষা
ইন্দ্ৰানী বসুৱে ১৯৮১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পিএইচডি (পদাৰ্থ বিজ্ঞান) লাভ কৰিছিল।
কেৰিয়াৰ
বসুৱে গৱেষণাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰদৰ্শন কৰা বিষয় সমূহৰ ভিতৰত আছে কোৱাণ্টাম মেনি বডী চিষ্টেম, কোৱাণ্টাম তথ্য তত্ত্ব, পৰিসাংখ্যিক বলবিজ্ঞান আৰু প্ৰণালীগত জীৱবিজ্ঞান। ২ তেওঁ বাংগালোৰৰ ভাৰতীয় বিজ্ঞান একাডেমী৩ আৰু এলাহাবাদৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ফেলো।৪ তেওঁ বসু ইনষ্টিটিউটত এক শক্তিশালী কঠিন-অৱস্থাতত্ত্ব গোটৰ বিকশৰ সৈতেও জড়িত আছিল।৫
বঁটা সম্বন্ধীয়
কণ্ডেন্সড মেটাৰ ফিজিক্সত চুম্বকত্বৰ সৈতে প্ৰাসংগিক, নিম্ন মাত্ৰাত মডেল হেমিল্টনিয়ানসকলৰ সঠিক সমাধানৰ বাবে তেওঁক পুৰস্কৃত কৰা হয়। তেওঁৰ আৰ্হি আৰু সেইবোৰৰ সমাধানবোৰত কেৱল গাণিতিক কঠোৰতা নাই, কিন্তু শেহতীয়া বছৰবোৰত এই মডেলবোৰ আৰু সেইবোৰৰ সমাধানবোৰ পৰীক্ষামূলক সম্প্ৰদায়ৰ ওপৰত তেওঁলোকৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ই গুৰুত্বপূৰ্ণ হৈ পৰিছে। প্ৰযুক্তিৰ উন্নতিৰ বাবে আৰু নিম্ন মাত্ৰিক সামগ্ৰীৰ বাবে তত্ত্বটোৰ ভৱিষ্যতবাণী পৰীক্ষা কৰিবলৈ এক অত্যন্ত নিম্ন তাপমাত্ৰাত উপনীত হোৱাটো সম্ভৱ হৈছে। অধ্যাপক বসুৱে
কেৱল কলিকতাত কাম কৰাৰ সময়তহে তেওঁ সকলো ধৰণৰ বৈজ্ঞানিক প্ৰশিক্ষণ আদি লাভ কৰিবলৈ সক্ষম হৈছিল, এই ধৰণৰ যথেষ্ট কঠিন পৰিস্থিতিৰ মাজেৰে তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োধৰণৰ স্বীকৃতি লাভ কৰিছিল।
অধ্যাপক বসুক স্ত্ৰীশক্তি বিজ্ঞান সন্মানৰ বাবে ২০০০ চনৰ "বছৰটোৰ মহিলা বিজ্ঞানী" হিচাপে বাছনি কৰা হৈছিল। চুম্বকীয় প্ৰণালীৰ সন্দৰ্ভত মডেল হেমিল্টনিয়ানৰ (নিম্ন মাত্ৰা) সঠিক সমাধানৰ ওপৰত কৰা কামৰ বাবে বসু আছিল স্ত্ৰী শাক্তবিজ্ঞান সন্মান বঁটা (২০০০) প্ৰাপক প্ৰথম গৰাকী মহিলা।৬ এই বঁটা ভাৰতত বিজ্ঞানলৈ মূল অৱদান আগবঢ়োৱা এগৰাকী মহিলা বিজ্ঞানীক জনোৱা সন্মান। উচ্চ মানদণ্ডৰ গৱেষণাৰ সৈতে যি সমাজৰ বাবে প্ৰাসঙ্গিক আৰু লাভজনক। বঁটাটোৱে অভিনৱ আৰু উচ্চ মানদণ্ডৰ গৱেষণা আৰু কামৰ ওপৰত গুৰুত্ব দিয়ে; গৱেষণাৰ কাম নিশ্চিত ৰূপত ভাৰতত কৰা হ'ব লাগে। এই বঁটাত আছে নগদ ৫১,০০০ টকাৰ মাননি আৰু এখন প্ৰশংসাপত্ৰ।
তথ্যসূত্ৰ
- ↑ Bose, Indrani. Affiliation,Research Interest
- ↑ Dr. Indrani Bose - Bose Institute, Kolkata. boseinst.ernet.in
- ↑ (2016). Fellow profile. Indian Academy of Sciences
- ↑ (2016). NASI fellows. National Academy of Sciences, India
- ↑ StreeShakti - The Parallel Force. www.streeshakti.com
- ↑ Bose, Indrani. SSSS Award
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দ্ৰাণী বসু” প্ৰবন্ধৰ সংশোধন ৪৮৫০৮৩ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।