অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লীলা গান্ধী

লীলা গান্ধী (Leela Gandhi; জন্ম ১৯৬৬) ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী সাহিত্যিক আৰু সাংস্কৃতিকতত্ত্ববিদ যিগৰাকী উত্তৰ ঔপনিৱেশিক তত্ত্ব বিষয়ত কৰা কামৰ বাবে বিখ্যাত। তেওঁ বৰ্তমান জন হকছৰ মানৱতা আৰু ইংৰাজীৰ অধ্যাপক আৰু ব্ৰাউন বিশ্ববিদ্যালয় পেমব্ৰোক চেণ্টাৰ ফৰ টিচিং এণ্ড ৰিচাৰ্চ অন উইমেনৰ সঞ্চালক।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৩৭০ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

লীলা গান্ধী (Leela Gandhi; জন্ম ১৯৬৬) ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী সাহিত্যিক আৰু সাংস্কৃতিকতত্ত্ববিদ যিগৰাকী উত্তৰ ঔপনিৱেশিক তত্ত্ব বিষয়ত কৰা কামৰ বাবে বিখ্যাত।১২ তেওঁ বৰ্তমান জন হকছৰ মানৱতা আৰু ইংৰাজীৰ অধ্যাপক আৰু ব্ৰাউন বিশ্ববিদ্যালয় পেমব্ৰোক চেণ্টাৰ ফৰ টিচিং এণ্ড ৰিচাৰ্চ অন উইমেনৰ সঞ্চালক।৩ তেওঁ মহাত্মা গান্ধী নাতিনী।

গান্ধীয়ে পূৰ্বে চিকাগো বিশ্ববিদ্যালয়, লা ট্ৰব বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল। তেওঁ শৈক্ষিক আলোচনী পোষ্টক'লনিয়েল ষ্টাডিজৰ প্ৰতিষ্ঠাপক সহ-সম্পাদক, আৰু তেওঁ ইলেক্ট্ৰনিক আলোচনী পোষ্টক'লনিয়েল টেক্সটৰ সম্পাদকীয় বোৰ্ডতো সেৱা আগবঢ়ায়। তেওঁ কৰ্ণেল বিশ্ববিদ্যালয় স্কুল অৱ ক্ৰিটিচিজম এণ্ড থিওৰীৰ এগৰাকী জ্যেষ্ঠ ফেল'।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

গান্ধীয়ে মুম্বাই জন্মগ্ৰহণ কৰিছিল আৰু প্ৰয়াত ভাৰতীয় দাৰ্শনিক ৰামচন্দ্ৰ গান্ধীৰ কন্যা আৰু ভাৰতীয় স্বাধীনতা আন্দোলন নেতা মহাত্মা গান্ধী নাতিনী।৪ তেওঁ বিশ্লেষণ আগবঢ়াইছে যে মহাত্মা গান্ধীৰ কিছুমান দৰ্শন (উদাহৰণস্বৰূপে অহিংসা আৰু নিৰামিষভোজীৰ ওপৰত) আৰু নীতি আন্তঃৰাষ্ট্ৰীয়ৰ লগতে থলুৱা উৎসৰ দ্বাৰাও প্ৰভাৱিত হৈছিল। দিল্লীৰ হিন্দু কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু অক্সফৰ্ডৰ বেলিওল কলেজৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।৫

তেওঁ চি. ৰাজাগোপালাচাৰী নাতিও। তেখেতৰ ককাদেউতা দেৱদাস গান্ধী মহাত্মা গান্ধীৰ কনিষ্ঠ পুত্ৰ আৰু তেখেতৰ ককাক লক্ষ্মী চি. ৰাজাগোপালাচাৰী কন্যা আছিল।

সমালোচনা

১৯৯৮ চনত তেওঁৰ প্ৰথম গ্ৰন্থ পোষ্টক'লনিয়েল থিওৰীঃ এ ক্ৰিটিকেল ইনট্ৰ' ডাক্সন প্ৰকাশৰ লগে লগে গান্ধীক "উত্তৰ ঔপনিৱেশিক তত্ত্ব আৰু উত্তৰ গাঁথনিবাদ, উত্তৰ আধুনিকতাবাদ, মাৰ্ক্সবাদ আৰু নাৰীবাদৰ মাজত গুৰুত্বপূৰ্ণ সংযোগ আঁকি ক্ষেত্ৰখনৰ বহল দাৰ্শনিক আৰু বৌদ্ধিক প্ৰেক্ষাপটৰ ভিত্তিত মেপিং কৰা" বুলি বৰ্ণনা কৰা হয়।৬

তেখেতৰ পৰৱৰ্তী গ্ৰন্থ 'এফেকটিভ কমিউনিটিজ' লিখিছিল "প্ৰথমবাৰৰ বাবে প্ৰান্তীয় জীৱনশৈলী, উপসংস্কৃতি আৰু পৰম্পৰাৰ সৈতে জড়িতসকলে—যেনে সমকামিতা, নিৰামিষ, পশুৰ অধিকাৰ, আধ্যাত্মিকতাবাদ আৰু নান্দনিকতাবাদকে ধৰি—সাম্ৰাজ্যবাদৰ বিৰুদ্ধে একত্ৰিত হৈ উপনিবেশিক প্ৰজা আৰু সংস্কৃতিৰ সৈতে কেনেকৈ শক্তিশালী বন্ধন গঢ়ি তুলিছিল"।৭ গান্ধীয়ে ঊনবিংশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভণিতে এডৱাৰ্ড কাৰ্পেণ্টাৰৰ এম. কে. গান্ধীৰ সৈতে আৰু মিৰা আলফাছা শ্ৰী অৰবিন্দৰ সৈতে সংযোগ কৰা কৰ্মীসকলৰ সামাজিক নেটৱৰ্কসমূহৰ সন্ধান কৰে।

এই কামৰ জৰিয়তে গান্ধীয়ে আতিথ্য আৰু "জেন'ফিলিয়া"ৰ নৈতিক চৰ্তক কেন্দ্ৰ কৰি "উত্তৰ-ঔপনিৱেশিক নিয়োজিততাৰ ধাৰণাগত আৰ্হি" প্ৰস্তাৱ কৰাৰ বাবে আৰু উত্তৰ-ঔপনিৱেশিক তত্ত্বলৈ প্ৰথমবাৰৰ বাবে এক বিচিত্ৰ দৃষ্টিভংগী অনাৰ বাবে বিখ্যাত হৈছিল।

গান্ধীৰ তৃতীয়খন গ্ৰন্থ দ্য কমন কজ-ত বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ গণতন্ত্ৰৰ আন্তঃৰাষ্ট্ৰীয় ইতিহাসক নৈতিকতাৰ চশমাৰে অনুশাসিত আত্ম-ফেশ্বনিঙৰ বহল অৰ্থত উপস্থাপন কৰা হৈছে।৮ এই গ্ৰন্থখনক "ভ্ৰান্ত সম্পৰ্কৰ পৰিঘটনাসমূহক আগস্থান দিয়া গণতন্ত্ৰৰ বিকল্প ইতিহাস" আৰু "উত্তৰ-ঔপনিৱেশিক অধ্যয়নৰ বাবে অসীম অন্তৰ্ভুক্তিৰ মূল্যৰ আটাইতকৈ পুংখানুপুংখ প্ৰতিৰক্ষা" বুলি বৰ্ণনা কৰা হৈছে।৮৯১০

লীলা গান্ধীও এজন প্ৰকাশিত কবি। ২০০০ চনত ৰবি দয়ালে প্ৰকাশ কৰা তেওঁৰ প্ৰথম কবিতা সংকলন মেজাৰ্ছ অৱ হোম আৰু পৰৱৰ্তী কবিতা কেইবাটাও সংকলনত অন্তৰ্ভুক্ত কৰা হৈছে।১১১২১৩১৪

তথ্যসূত্ৰ

  1. ↑ Leela Gandhi speaks on postcolonial ethics in first Humanities Lecture. Cornell Chronicle
  2. ↑ (2015-04-24). 'Civil society is like a Socratic gadfly to the state'. The Indian Express
  3. ↑ Amesur, Akshay. (2021-09-10). Pembroke Center endowed with $5 million donation, welcomes new director. Brown Daily Herald
  4. ↑ IndiaPost.com: President, PM condole death of Ramachandra Gandhi Wednesday, 06.20.2007
  5. ↑ University of Chicago, Department of English faculty Web page
  6. ↑ Gandhi, Leela. Postcolonial Theory: A Critical Introduction. Columbia University Press:1998 . Back cover
  7. ↑ Gandhi, Leela, Affective Communities: Anticolonial Thought and the Politics of Friendship. New Delhi, Permanent Black, 2006, x, 254 p., $28. . (jacket)
  8. ↑ Gandhi. (2014). The Common Cause: Postcolonial Ethics and the Practice of Democracy, 1900–1955. University of Chicago Press. ISBN 9780226019901
  9. ↑ Mehta; Langley, Tom; Bayeh, Jumana. (2014-11-02). Reviews. Interventions. পৃ. 926–937
  10. ↑ The Common Cause. University of Chicago Press
  11. ↑ de Souza. (2013). The Penguin Book of Indian Poetry. Penguin. ISBN 9780143414537
  12. ↑ Thayil. (2008). 60 Indian Poets. Penguin. ISBN 9780143064428
  13. ↑ Sen. (2012). The HarperCollins Book of English Poetry. HarperCollins. ISBN 978-93-5029-041-5
  14. ↑ Watson. (2011). Domestic Cherry. Snove Books. ISBN 9781447660453

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীলা গান্ধী” প্ৰবন্ধৰ সংশোধন ৬৪০২০৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।