ৰেণী মাৰিয়া বৰ্গিজ (Renee Maria Borges) (জন্ম ২৫ ফেব্ৰুৱাৰী, ১৯৫৯) এগৰাকী ভাৰতীয় জীৱবিজ্ঞানী (evolutionary biologist)৷ বৰ্তমান তেওঁ ভাৰতীয় জীৱবিজ্ঞান প্ৰতিষ্ঠানৰ ’চেন্টাৰ ফৰ ইক’ল’জিকেল চায়েন্সেছ’ বিভাগত অধ্যাপক ৰূপে কৰ্মৰত৷১২ তেওঁৰ জীৱন আৰু বৈজ্ঞানিক গৱেষণা সম্পৰ্কে ’ইণ্ডিয়া টুডে’ আলোচনীয়ে প্ৰকাশ কৰিছে ৷৩ বৰ্গিজৰ গৱেষণাৰ মূল বিষয় হ’ল জীৱৰ আচৰণ (behavioural and sensory ecology)৷ তাৰোপৰি তেওঁ সংৰক্ষণ জীৱবিজ্ঞান (conservation biology) আৰু বিজ্ঞানৰ ইতিহাস আৰু দৰ্শন সম্পৰ্কেও গৱেষণা কৰে৷ ৪
শিক্ষা
বৰ্গিজে ১৯৭৯ চনত মুম্বাইৰ চেইন্ট জেভিয়াৰ্ছ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷ তেওঁ ১৯৮২ চনত বম্বে বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণী শৰীৰতত্ত্ব (animal physiology) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী পায়৷ তেওঁ পৰৱৰ্ত্তী কালত ফ্ল’ৰিডাৰ মায়ামি বিশ্ববিদ্যালয়ৰ পৰা "Resource heterogeneity and the foraging ecology of the Malabar Giant Squirrel, Ratufa indica" বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে৷৫
কৰ্মজীৱন
বৰ্গিজে বৰ্তমানলৈকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কাৰ্য্যনিৰ্বাহ কৰিছে৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য সমূহ হৈছে-
- সভাপতি, চেন্টাৰ ফৰ ইক’লজিকেল চায়েন্সেছ, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (২০১২-২০১৬)
- অধ্যাপক, চেন্টাৰ ফৰ ইক’লজিকেল চায়েন্সেছ, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (২০১১)
- সহকাৰী অধ্যাপক, চেন্টাৰ ফৰ ইক’লজিকেল চায়েন্সেছ, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (১৯৯৭-২০০৫)
- সহকাৰী ডিৰেক্টৰ, ব’ম্বে নেচাৰেল হিষ্ট’ৰি চ’ছাইটি (১৯৯২-১৯৯৫)
- অস্থায়ী অধ্যাপক (Visiting Faculty) বন্যজীৱবিজ্ঞান প্ৰতিষ্ঠান, ডেৰাডুন (১৯৯০-২০০৩)৬
গৱেষণা
Borges has contributed a chapter to the book Battles Over Nature: Science and the Politics of Conservation৭ as well as being cited in the Journal of Moral Theology.৮ interested in the evolutionary ecology of species interactions. We investigate the sensory biology of these interactions, especially their chemical and visual ecology. We integrate behavioural ecology at the organism level with mechanisms influencing such behaviour. Our major current interaction systems are: figs and fig wasps, ant–plant mutualisms, fungus-growing termites and pollination systems in the Western Ghats. We are engaged in fundamental research which can have valuable practical applications৯. তেওঁ বৰ্তমানলৈকে এই বিষয়সমূহৰ ওপৰত শতাধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে৷১০
স্বীকৃতি
Borges' contributions have been recognized in the following ways, Some of her appointments are:
- Fellow, Indian Academy of Sciences১১
- J. C Bose National Fellowship (2016)১২
- Fellow, Indian National Science Academy১৩
- Chairperson of the DST-Program Advisory Committee on Animal Sciences (2016-19)১৪
- Member, Western Ghat Ecology Expert Panel (WGEEP), Government of India, 2010–2011১৫
- Fellow of the Indian Academy of Sciences, Bangalore, 2009.১৬
তথ্যসূত্ৰ
- ↑ IISc - Profile at Centre for Ecological Sciences
- ↑ 59-62.pdf
- ↑ Subramanyam, Chitra. (7 May 2008). Chalk it up. India Today
- ↑ http://ces.iisc.ernet.in/renee/Complete%20publications%20updated%20on%2028-04-2017.pdf
- ↑ Borges, Renee. Resource heterogeneity and the foraging ecology of the Malabar giant squirrel, Ratufa indica. University of Miami
- ↑ ces.iisc.ernet.in/renee/Complete%20publications%
- ↑ Saberwal; Rangarajan, Mahesh. (2005). Battles Over Nature: Science and the Politics of Conservation. Orient Blackswan
- ↑ McCarthy, David M. (2016-03-11). Homes for Conviviality. Journal of Moral Theology
- ↑ ces.iisc.ernet.in/renee/
- ↑ ces.iisc.ernet.in/renee/Complete%20publications%
- ↑ Indian Academy of Sciences-Fellows
- ↑ J C Bose fellowship awardees 2016
- ↑ Indian National Science Academy- Fellow
- ↑ DST-PAC Animal Sciences
- ↑ Western Ghats Ecology Expert Panel
- ↑ Indian Academy of Sciences, Bangalore
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেণী বৰ্গিজ” প্ৰবন্ধৰ সংশোধন ৪৮৫০২৮ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।