বিশ্ব পৰিসংখ্যা দিৱস প্ৰতি ৫ বছৰৰ মূৰে মূৰে ২০ অক্টোবৰ তাৰিখে পালন কৰা হয়। ফেব্ৰুৱাৰী ২০১০ৰ ইয়াৰ ৪১তম অধিবেশনত, ৰাষ্ট্ৰসংঘৰ পৰিসাংখ্যিক আয়োগে ২০ অক্টোবৰ ২০১০ক বিশ্ব পৰিসংখ্যা দিৱস হিচাপে উদযাপন কৰাৰ প্ৰস্তাৱ দিছিল।১ ইয়াৰ থিমটো আছিলে "কাৰ্য্যালয়ৰ পৰিসংখ্যাৰ বিভিন্ন প্ৰাপ্তিসমূহ উদযাপন কৰা"। ইয়াৰ পিছত ২০ অক্টোবৰ ২০১৫ চনত দ্বিতীয়বাৰৰ বাবে বিশ্ব পৰিসংখ্যা দিৱস পালন কৰা হয় যাৰ থিমটো আছিলে "উন্নত ডাটা, উন্নত জীৱন"। ২০২০ চনত তৃতীয় বাৰৰ বাবে পালন কৰিব লগা বিশ্ব পৰিসংখ্যা দিৱসৰ থিমটো হ'ল "আমি বিশ্বাস কৰিব পৰা ডাটাৰ সৈতে বিশ্বক সংযোগ কৰা"। এই থীমটোৱে ৰাষ্ট্ৰীয় পৰিসাংখ্যিক প্ৰণালীত বিশ্বাস, কৰ্তব্যবদ্ধ তথ্য, উদ্ভাৱন আৰু জনসাধাৰণৰ উপযোগিতাৰ গুৰুত্ব প্ৰতিফলিত কৰে।
তথ্যসূত্ৰ
- ↑ World Statistics Day 20 October. United Nations
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব পৰিসংখ্যা দিৱস” প্ৰবন্ধৰ সংশোধন ২৪৯৭৬৭ (১৮ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।