ৰাষ্ট্ৰীয় গণিত দিৱস ভাৰতত প্ৰতিবছৰে ২২ ডিচেম্বৰ তাৰিখে পালন কৰা হয়। ২০১২ চনৰ ২৬ ফেব্ৰুৱাৰীত ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে মাদ্ৰাজ বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিখ্যাত ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ ১২৫তম জন্মজয়ন্তী উদযাপন সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত ৰামানুজনৰ জন্মদিনটোক ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰিছিল। ইয়াৰ লগতে তেওঁ ২০১২ বৰ্ষটোক ৰাষ্ট্ৰীয় গণিত বৰ্ষ হিচাপে উদযাপন কৰিবলৈ ঘোষণা কৰিছিল।১
শ্ৰীনিবাস ৰামানুজন
১৮৮৭ চনৰ ২২ ডিচেম্বৰত শ্ৰীনিবাস ৰামানুজনৰ জন্ম হৈছিল। তেওঁ ভাৰতবৰ্ষৰ এজন শীৰ্ষস্থানীয় গণিতজ্ঞ আছিল। তেওঁৰ জীৱন কাল অতি কম হ’লেও তেখেতে গণিতত সুদূৰপ্ৰসাৰী অৱদান ৰাখি থৈ গৈছে। উচ্চ শিক্ষা নাথাকিলেও সম্পূৰ্ণ নিজ প্ৰচেষ্টাৰে তেওঁ গণিতৰ বিভিন্ন শাখাত বহুতো নতুন উপপাদ্য সৃষ্টি কৰে। তেওঁৰ টোকাবহী বা ডায়েৰীত পৰৱৰ্তী সময়ত অনেক নতুন সমাধান পোৱা গৈছে। ১৯২০ চনৰ ২৬ এপ্ৰিলত তেওঁৰ মৃত্যু হয়। তেওঁ লাণ্ডাউ ৰামানুজন ধ্ৰুবক, মক থিতা ফাংছন, ৰামানুজন কনজেকছাৰ, ৰামানুজন প্ৰাইম, ৰামানুজন ছোল্ডনাৰ ধ্ৰুবক, ৰামানুজন থিতা ফাংছন, ৰামানুজনৰ সমষ্টি, ৰামানুজন আইডেনটিটি আদিৰ বাবে জনাজাত। ৩১ বছৰ বয়সত ১৯১৮ চনত ৰামানুজনক ’ৰয়েল চছাইটি’ৰ ফেলোশিপ প্ৰদান কৰা হয় আৰু সেই একে বছৰতে, গণিতশাস্ত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ট্ৰিনিটি কলেজৰ ফেলো হিছাপে সন্মানিত কৰা হয়।
উদযাপন
২০১২ চনৰ পৰা ভাৰতত প্ৰতি বছৰে ২২ ডিচেম্বৰ দিনটো ৰাষ্ট্ৰীয় গণিত দিৱস পালন কৰি অহা হৈছে। এই দিনটোত বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠান সমূহত গণিত সম্পৰ্কীয় বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।২ ২০১৭ চনত এই দিনটোতেই অন্ধ্ৰপ্ৰদেশৰ চিত্তোৰৰ কুপ্পামত ৰামানুজন গণিত উদ্যান উদ্বোধন কৰে হৈছিল।৩
তথ্যসূত্ৰ
- ↑ PM's speech at the 125th Birth Anniversary Celebrations of ramanujan at Chennai. Prime Minister's Office, Government of India
- ↑ C Jaishankar. (27 December 2011). Ramanujan's birthday will be National Mathematics Day. দ্য হিন্দু
- ↑ "Math park set up government school to innovate teaching techniques" by Neel Kamal, দ্য টাইম্ছ অৱ ইণ্ডিয়া, October 24, 2017
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় গণিত দিৱস (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৬৪০৩৭৫ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।