আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস প্ৰতি বছৰে ১৮ মে' তাৰিখে বিশ্বব্যাপী পালন কৰা হয়।১ ১৯৮৩ চনৰ ১৮ মে' তাৰিখে ৰাষ্ট্ৰসংঘয়ে সংগ্ৰহালয়সমূহৰ বিশেষত্ব আৰু মহত্ত্ব উপলব্ধি কৰি আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উদযাপন কৰাৰ নিৰ্ণয় গ্ৰহণ কৰিছিল। এই দিৱসৰ মূল উদ্দেশ্য হৈছে সংগ্ৰহালয় সমূহৰ প্ৰতি জনসমাজত সচেতনতা বৃদ্ধি কৰা আৰু সংগ্ৰহালয় কাৰ্য-কলাপৰ বিষয়ে অৱগত কৰোৱা। মানুহে সংগ্ৰহালয়লৈ গৈ নিজৰ ঐতিহ্যপূৰ্ণ অতীতৰ সমৃদ্ধ সম্পদ আৰু পৰম্পৰাৰ বিষয়ে জানিবলৈ চেষ্টা কৰা ইয়াৰ অন্যতম উদ্দেশ্য।

আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদৰ মতে, " মানৱ সভ্যতাৰ স্থায়ী স্মৃতিচিহ্ন সমূহ আৰু মানৱ ইতিহাস সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যবাহী বিভিন্ন সামগ্ৰী সংগ্ৰহালয়ত সংৰক্ষিত ৰখা হয়। " ১৯৯২ চনত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে প্ৰতি বছৰে সংগ্ৰহালয় দিৱস উদযাপনৰ মত পোষণ কৰে। প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে বিভিন্ন সংস্থাৰ সহযোগত বিশ্বৰ বিভিন্ন দেশত ভিন ভিন কাৰ্যসূচীৰে এই দিৱস পালন কৰে।
External links
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস” প্ৰবন্ধৰ সংশোধন ৩৭৯৯৪৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।