অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিশ্ব হস্তী দিৱস

বিশ্ব হস্তী দিৱস (World Elephant Day) হৈছে ১২ আগষ্টত অনুষ্ঠিত হোৱা এটি আন্তঃৰাষ্ট্ৰীয় বাৰ্ষিক অনুষ্ঠান। এই অনুষ্ঠানটি সমগ্ৰ বিশ্বৰ হাতীবোৰৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে উৎসৰ্গিত কৰা হয়।

হালনাগাদ: ১৪ আগষ্ট ২০২৫ ১৯৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ
বিশ্ব হস্তী দিৱস ২০১৮
বিশ্ব হস্তী দিৱস ২০১৮ছবি: Ministry of Environment, Forest and Climate Change · GODL-India

বিশ্ব হস্তী দিৱস (World Elephant Day) হৈছে ১২ আগষ্টত অনুষ্ঠিত হোৱা এটি আন্তঃৰাষ্ট্ৰীয় বাৰ্ষিক অনুষ্ঠান। এই অনুষ্ঠানটি সমগ্ৰ বিশ্বৰ হাতীবোৰৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে উৎসৰ্গিত কৰা হয়। ২০১১ চনত কানাডাৰ চলচ্চিত্ৰ নিৰ্মাতা পেট্ৰিচিয়া চিমছ আৰু কানাজৱেষ্ট পিকচাৰ্ছৰ মাইকেল ক্লাৰ্ক আৰু এলিফেণ্ট ৰিইনট্ৰ’ডচন ফাউণ্ডেশ্যনৰ সচিব প্ৰধান শিভাপৰ্ণ দাৰদাৰানন্দই থাইলেণ্ডত এই অনুষ্ঠানটিৰ পৰিকল্পনা কৰিছিল। ২০১২ চনৰ ১২ আগষ্ট তাৰিখে পেট্ৰিচিয়া চিমছ আৰু এলিফেণ্ট ৰিইনট্ৰ’ডচন ফাউণ্ডেশ্যনে আনুষ্ঠানিকভাৱে এই অনুষ্ঠানটিৰ প্ৰতিষ্ঠা, সমৰ্থন আৰু আৰম্ভণি কৰে।১ তেতিয়াৰপৰাই, পেট্ৰিচিয়া চিমছে বিশ্ব হস্তী দিৱসৰ নেতৃত্ব, সমৰ্থন আৰু পৰিচালনা কৰি আহিছে।২ বৰ্তমান বিশ্বৰ বিভিন্ন দেশত, ১০০ৰো অধিক বন্যপ্ৰাণী সংস্থা আৰু বহু ব্যক্তিৰদ্বাৰা এই অনুষ্ঠানটি স্বীকৃত আৰু উদযাপিত হয়।৩৪৫৬৭৮৯

উদ্দেশ্য

বিশ্ব হাতী দিৱসৰ লক্ষ্য হৈছে আফ্ৰিকা আৰু এছিয়াৰ হাতীৰ তৎপৰ দুৰ্দশাৰ প্ৰতি সজাগতা সৃষ্টি কৰা, আৰু বন্দী আৰু বনৰীয়া হাতীৰ উন্নত যত্ন আৰু ব্যৱস্থাপনাৰ বাবে জ্ঞান আৰু ইতিবাচক সমাধান উলিওৱা। আফ্ৰিকাৰ হাতীক বিপন্ন প্ৰজাতিৰ আই ইউ চি এন ৰঙা তালিকাত "অসুৰক্ষিত" আৰু এছিয়াৰ হাতীক "বিপন্ন" হিচাপে তালিকাভুক্ত কৰা হৈছে।১০১১ এজন সংৰক্ষণবিদে কয় যে আফ্ৰিকা আৰু এছিয়াৰ দুয়োবিধ হাতী প্ৰজাতি বাৰ বছৰৰ ভিতৰত বিলুপ্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।১২ বৰ্তমান আফ্ৰিকাৰ হাতীৰ জনসংখ্যা প্ৰায় ৪ লাখ আৰু এছিয়াৰ হাতীৰ জনসংখ্যা ৪০ হাজাৰ বুলি অনুমান কৰা হয় যদিও এই সংখ্যা বহুত বেছি বুলিও যুক্তি দিয়া হয়।১৩

তথ্যসূত্ৰ

  1. ↑ "Elephant Reintroduction Foundation", World Elephant Day website
  2. ↑ "Associates", World Elephant Day website
  3. ↑ Philip Mansbridge, "Is This Year's World Elephant Day the Last Chance for Elephants?", The Huffington Post, 2013
  4. ↑ Raj Phukan, "World Elephant Day celebrated at Nagaon", Assam Times, 2013
  5. ↑ Jennifer Viegas, "Elephants Get Unlikely Help -- But Is It Enough?", Discovery News, 2013
  6. ↑ "World Elephant Day - Thailand Must Shut Down Ivory Trade", Chiangrai Times, 2013
  7. ↑ "12 years until elephants are all wiped out as one dies every 15 minutes", Metro, 2013
  8. ↑ Bettina Wassener, "Mourning the Elephants", The New York Times, 2012
  9. ↑ Fidelis E. Satriastanti, "Sumatran Elephants Still Face Imminent Threats", Jakarta Globe, 2013
  10. ↑ "Loxodonta Africana (African elephant)", IUCN
  11. ↑ "Elephas maximus (Asian elephant, Indian elephant)", IUCN
  12. ↑ John Ingham, "Elephants 'extinct within 12 years'", Express, 2013
  13. ↑ "Status of Elephant Populations, Levels of Illegal Killing and the Trade in Ivory: A Report to the Standing Committee of CITES", CITES

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব হস্তী দিৱস” প্ৰবন্ধৰ সংশোধন ৫৩২৪০৫ (১৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।