মহাত্মা গান্ধীয়ে ১৯৪৭ চনৰ ১২ নৱেম্বৰত কুৰুক্ষেত্ৰ ভ্ৰমণ কৰাৰ কথা আছিল আৰু তাত শিবিৰ পাতি থকা ২.৫ লাখ ভাৰতীয় শৰণাৰ্থীক সম্বোধন কৰাৰ কথা আছিল। অনিবাৰ্য কাৰণবশতঃ তেওঁ সেইদিনা কুৰুক্ষেত্ৰত উপস্থিত হ'ব নোৱাৰিলে। তদুপলক্ষে তেওঁলোকৰ বাবে আকাশবাণীৰ পৰা গান্ধীজীৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছিল। ফলস্বৰূপে, গান্ধীজীয়ে ব্ৰডকাষ্টিং হাউচ পৰিদৰ্শন কৰে আৰু আবেলি ৩.০০ বজাত শৰণাৰ্থীসকলক সম্বোধন কৰে।
আকাশবাণীলৈ ৰাষ্ট্ৰপিতাৰ এই ঐতিহাসিক ভ্ৰমণৰ ৫০ বছৰ উপলক্ষ্যে, ১৯৯৭ চনৰ ১২ নৱেম্বৰত আবেলি ৩.০০ বজাত আকাশবাণীৰ চৌহদত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। পিছলৈ, ২০০১ চনত, এই দিনটো আনুষ্ঠানিকভাৱে লোকসেৱা সম্প্ৰসাৰণ দিৱস হিচাপে ঘোষণা কৰা হয়।১
তথ্যসূত্ৰ
- ↑ Public Service Broadcasting Day. prasarbharati.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোকসেৱা সম্প্ৰসাৰণ দিৱস” প্ৰবন্ধৰ সংশোধন ৩৩৭৫০১ (১২ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।