ৰাষ্ট্ৰীয় শিক্ষা দিৱস হৈছে স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিনৰ দিনা ভাৰতত উদযাপন কৰা এক বাৰ্ষিক অনুষ্ঠান।১২৩ মৌলানা আবুল কালাম আজাদে ১৫ আগষ্ট ১৯৪৭ৰ পৰা ২ ফেব্ৰুৱাৰী ১৯৫৮ লৈকে সেৱা আগবঢ়াইছিল। মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ২০০৮ চনৰ ১১ ছেপ্টেম্বৰত ঘোষণা কৰে, "মন্ত্ৰালয়ে ভাৰতত শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰি ভাৰতৰ এই মহান পুত্ৰৰ জন্মদিন উদযাপন কৰাৰ সিদ্ধান্ত লৈছে।
২০০৮ চনৰ পৰা প্ৰতি বছৰে ১১ নৱেম্বৰ তাৰিখত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হ'ব।" দেশৰ সকলো শিক্ষানুষ্ঠানে সাক্ষৰতাৰ গুৰুত্ব আৰু শিক্ষাৰ সকলো দিশৰ প্ৰতি ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত বেনাৰ কাৰ্ড আৰু শ্ল'গানেৰে আলোচনাচক্ৰ, প্ৰবন্ধ-লিখন, তৰ্ক প্ৰতিযোগিতা, কৰ্মশালা আৰু ৰেলীৰে দিনটো উদযাপন কৰিব।
এই দিনটোক স্বাধীন ভাৰতত শিক্ষা ব্যৱস্থাৰ ভেটি স্থাপন, আৰু এই ক্ষেত্ৰত দেশৰ বৰ্তমানৰ প্ৰদৰ্শনৰ মূল্যাঙ্কন আৰু উন্নতিৰ ক্ষেত্ৰত আজাদৰ অৱদানক স্মৰণ কৰাৰ এক উপলক্ষ হিচাপেও দেখা যায়।৪
তথ্যসূত্ৰ
- ↑ (12 November 2008). Maulana Abul Kalam Azad remembered on National Education Day. The Indian Express
- ↑ (14 November 2011). National Education Day celebrated. The Hindu
- ↑ (7 November 2013). Maulana Azad's birthday to be celebrated as National Education Day by Govt. of A.P.. Siasat Daily
- ↑ (12 November 2008). Indian National Education Day: 11th November. Technospot
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় শিক্ষা দিৱস” প্ৰবন্ধৰ সংশোধন ৪৪৩৯৭১ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।