অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিশ্ব মাহ দিৱস

বিশ্ব মাহ দিৱস (ইংৰাজী: World Pulses Day) হৈছে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই (FAO) বিশ্বব্যাপী খাদ্য হিচাপে মাহজাতীয় শস্যৰ (শুকান বীন, মচুৰ দাইল, শুকান পটল, চজিনা আদি) গুৰুত্বক স্বীকৃতি প্ৰদান কৰিবলৈ প্ৰতিষ্ঠা কৰা এটা আন্তঃৰাষ্ট্ৰীয় দিৱস।

হালনাগাদ: ১৬ ডিচেম্বৰ ২০২৩ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

বিশ্ব মাহ দিৱস (ইংৰাজী: World Pulses Day) হৈছে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই (FAO) বিশ্বব্যাপী খাদ্য হিচাপে মাহজাতীয় শস্যৰ (শুকান বীন, মচুৰ দাইল, শুকান পটল, চজিনা আদি) গুৰুত্বক স্বীকৃতি প্ৰদান কৰিবলৈ প্ৰতিষ্ঠা কৰা এটা আন্তঃৰাষ্ট্ৰীয় দিৱস।১

বিৱৰণ

২০১৮ চনৰ ২০ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৩ সংখ্যক অধিবেশনত ২০১৯ চনৰ পৰা প্ৰতি বছৰে ১০ ফেব্ৰুৱাৰীত এই দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই দিৱসৰ লক্ষ্য হৈছে বিশ্বজুৰি মাহজাতীয় শস্যক্ষেত্ৰৰ সৈতে জড়িত কাৰ্যকলাপ আৰু তথ্যৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা।

উদ্দেশ্য

খাদ্য সুৰক্ষা আৰু পুষ্টিৰ দিশত বহনক্ষম খাদ্য উৎপাদনৰ অংশ হিচাপে বিশ্ব মাহ দিৱসে মাহজাতীয় শস্যৰ পুষ্টিগত উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টিৰ সুযোগ প্ৰদান কৰে।

এই আনুষ্ঠানিক দিৱসটো ৰাষ্ট্ৰসংঘৰ ২০৩০ চনৰ বহনক্ষম উন্নয়নৰ কাৰ্যসূচীৰ - “সাৰ্বজনীন শান্তি শক্তিশালী কৰাৰ বাবে সাৰ্বজনীন আৰু পৰিৱৰ্তনশীল বহনক্ষম উন্নয়ন লক্ষ্যৰ এক বিস্তৃত গোট”ৰ সৈতেও জড়িত।

যোৱা ২০১৬ বৰ্ষটোক ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় মাহ বছৰ হিচাপে ঘোষণা কৰে, ফলস্বৰপে বিশ্ব মাহ দিৱসেও অধিক প্ৰসাৰ লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Main hub host website for World Pulses Day, links WPD sites from around the world, in various languages

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব মাহ দিৱস” প্ৰবন্ধৰ সংশোধন ৩৯৭৭৩৭ (১৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।