
বিশ্ব মৌমাখি দিৱস হৈছে মৌ পালনৰ সজাগতা বৃদ্ধিৰ বাবে ২০ মে' তাৰিখে উদযাপন কৰা এক উৎসৱ বিশেষ। ১৭৩৪ চনৰ এই দিনটোতে মৌ পালনৰ অগ্ৰগামী এণ্টন জানচাৰ জন্ম হয়।
এই আন্তৰ্জাতিক দিৱসটি উদযাপনৰ মুখ্য উদ্দেশ্য হৈছে পৰিস্থিতি তন্ত্ৰৰ সন্তুলনৰ বাবে উদ্ভিদৰ পৰাগযোগৰ ক্ষেত্ৰত মৌমাখিৰ ভূমিকাৰ বিষয়ে সজাগতা সৃষ্টি কৰা।১
ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সমূহে ২০১৭ চনত প্ৰথমবাৰলৈ ২০ মে' তাৰিখটো বিশ্ব মৌমাখি দিৱস হিচাপে পালনৰ অনুমতি প্ৰদান কৰে।২
২০২১ চনত এই দিৱসৰ সজাগতা সৃষ্টিৰ বাবে এঞ্জেলিনা জলিয়ে শৰীৰত কিছুমান মৌ-মাখি লৈ ফটোৰ বাবে পজ দিয়ে।৩
উদ্দেশ্য
পৰাগৰেণুৰ বাহকসমূহৰ গুৰুত্ব, ইহঁতলৈ আহি পৰা ভাবুকি, বহনক্ষম উন্নয়নৰ দিশত ইহঁতে আগবঢ়োৱা বৰঙণিৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰসংঘই ২০ মে'ৰ দিনটোক বিশ্ব মৌমাখি দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰে।
মৌ-মাখিৰ লগতে অন্যান্য পৰাগৰেণু বহনকাৰী জীৱসমূহৰ সুৰক্ষাৰ ব্যৱস্থাসমূহ শক্তিশালী কৰি তোলাই ইয়াৰ উদ্দেশ্য যি উন্নয়নশীল ৰাষ্ট্ৰসমূহত ক্ষুধাৰ যৱনিকা পেলোৱাৰ লগতে সমগ্ৰ বিশ্বৰ খাদ্য যোগান ব্যৱস্থাৰ বিভিন্ন অসুবিধাসমূহ আঁতৰ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াব।৪
বৰ্হি সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব মৌমাখি দিৱস” প্ৰবন্ধৰ সংশোধন ২৭৮৬৪৪ (২৪ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।