অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিশ্ব পুতলা নাচ দিৱস

বিশ্ব পুতলা দিৱস (World Puppetry Day) ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। ইৰাণৰ পুতলা থিয়েটাৰ শিল্পী জাভাদ জোলফাঘৰীৰ পৰা এই দিৱস পালন কৰাৰ ধাৰণাটো আহিছিল৷ ২০০০ চনত মেগডেবাৰ্গত অনুষ্ঠিত হোৱা ইউনিয়ন ইণ্টাৰনেশ্যনেল ডে লা মেৰিয়নেট, (UNIMA)ৰ ষোড়শ কংগ্ৰেছত তেওঁ আলোচনাৰ বাবে এই প্ৰস্তাৱ আগবঢ়ায়।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৬ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বিশ্ব পুতলা দিৱস (World Puppetry Day) ২১ মাৰ্চ তাৰিখে পালন কৰা হয়।১ ইৰাণৰ পুতলা থিয়েটাৰ শিল্পী জাভাদ জোলফাঘৰীৰ পৰা এই দিৱস পালন কৰাৰ ধাৰণাটো আহিছিল৷ ২০০০ চনত মেগডেবাৰ্গত অনুষ্ঠিত হোৱা ইউনিয়ন ইণ্টাৰনেশ্যনেল ডে লা মেৰিয়নেট, (UNIMA)ৰ ষোড়শ কংগ্ৰেছত তেওঁ আলোচনাৰ বাবে এই প্ৰস্তাৱ আগবঢ়ায়। দুবছৰৰ পিছত ২০০২ চনৰ জুন মাহত আটলাণ্টাৰ ইউনিমাৰ আন্তঃৰাষ্ট্ৰীয় পৰিষদৰ এখন বৈঠকত এই উদযাপনৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়। ২০০৩ চনত প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হয়।২

প্ৰতি বছৰে দিনটো এটা থিম লৈ উদযাপিত হয়। ২০২২ চনত থিম আছিল "দ্য চি"। সেই থিমটো ব্যৱহাৰ কৰি দিনটো উদযাপন কৰাৰ লগতে পুতলা নাচক উৎসাহিত কৰাই আছিল ইয়াৰ উদ্দেশ্য।৩

বিশ্ব পুতলা দিৱস পুতলা উৎসৱৰ দ্বাৰা উদযাপন কৰা হয়,৪ যʼত পুতলা সংস্থাক দান দিয়া, পুতলা নিৰ্মাণ কৰা বা পুতলা নাচ প্ৰদৰ্শন কৰা আদি কাৰ্যসূচী অন্তৰ্ভুক্ত থাকে। কিছুমান সম্প্ৰদায়ে দিনটোৰ সন্মানত পুতলা নাচ প্ৰদৰ্শন কৰি মানুহক এই বহুমুখী আৰু মৃত্যুমুখত পৰা শিল্পৰূপটোৰ কথা সোঁৱৰাই দিয়ে।৫

প্ৰায় ৪০০০ বছৰ ধৰি, প্ৰায় প্ৰতিটো সভ্যতাতে পুতলাৰ প্ৰচলন আছেই। আজিকালি বজাৰত প্ৰায় সকলো আকৃতি আৰু আকাৰৰ পুতলা পোৱা যায় আৰু বিভিন্ন কাহিনী ক’বলৈ ইয়াৰ ব্যৱহাৰ কৰা হয়।৬

লগতে চাওক

  • ইউনিমা
  • পুতলা নাচ
  • পুতলা নাচক
  • কেনিয়া ইনষ্টিটিউট অৱ পুতলা থিয়েটাৰ (কিপ্ট)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ BE, Admin. (2021-03-21). World Puppetry Day: 8 celebrity puppets that made many Belgians happy. Brussels Express
  2. ↑ BE, Admin. (2021-03-21). World Puppetry Day: 8 celebrity puppets that made many Belgians happy. Brussels Express
  3. ↑ World Puppetry Day 2022: Theme, Importance and Activities. Merazone.com
  4. ↑ Pioneer, The. World Puppetry Day: Puppet fest to be held today. The Pioneer
  5. ↑ Star, Yasmin Acosta for the Arizona Daily. Tucson puppet troupe celebrates World Puppetry Day with two events. Arizona Daily Star
  6. ↑ (2022-03-21). It’s World Puppetry Day! Do you have a favorite puppet?. ABC27

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহপুতলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব পুতলা নাচ দিৱস” প্ৰবন্ধৰ সংশোধন ৫৭১৪০৪ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।