বিশ্ব হৃদয় প্ৰতিষ্ঠান বা ৱৰ্ল্ড হাৰ্ট ফেডাৰেচন ১৯৭১ চনত ছুইজাৰলেণ্ডৰ জেনেভাস্থিত এটা বেচৰকাৰী অনুষ্ঠান।
১৯৭৮ চনত ইণ্টাৰনেচনেল ছ'ছাইটি অৱ কাৰ্ডিঅ'লজি (International Society of Cardiology) আৰু ১৯৭০ চনত স্থাপিত ইণ্টাৰনেচনেল কাৰ্ডিঅ'লজি ফেডাৰেচন (International Cardiology Federation) নামৰ অনুষ্ঠান দুটা একত্ৰিত হৈ ইণ্টাৰনেচনেল ছ'ছাইটি এণ্ড ফেডাৰেচন অৱ কাৰ্ডিঅ'লজি (International Society and Federation of Cardiology) গঠন কৰে। ১৯৯৮ চনত ইয়াৰ নাম সলনি কৰি ৱৰ্ল্ড হাৰ্ট ফেডাৰেচন ৰখা হয়।১
এই ফেডাৰচনে ৱৰ্ল্ড কংগ্ৰেছ অৱ কাৰ্ডিঅ’লজি অনুষ্ঠিত কৰে। ১৯৩৩ চনত হৃদৰোগ বিশেষজ্ঞ সকলৰ এখন প্ৰাথমিক আৰু অনানুষ্ঠানিক আন্তঃৰাষ্টীয় সভা প্ৰাগত অনুষ্ঠিত কৰা হৈছিল কিন্তু মেক্সিকোত হোৱা অন্তিম অনুষ্ঠানৰ পিছৰ পৰা, এডভেণ্ট অৱ নাজিম আৰু দ্বিতীয় বিশ্ব যুদ্ধৰ বাবে এই পালনত বাধাৰ সৃষ্টি হৈছিল। ১৯৫০ চনত পোন পথমবাৰৰ বাবে প্ৰকৃত ৱৰ্ল্ড কংগ্ৰেছ অনুষ্ঠিত হৈছিল।২
১৯৪৬ চনত স্থাপিত ইণ্টাৰনেচনেল ছ'ছাইটি অৱ কাৰ্ডিঅ'লজিয়ে ১৯৫০ চনৰ ছেপ্তেম্বৰ মাহত পেৰিছত প্ৰথম "ৱৰ্ল্ড কংগ্ৰেছ অৱ কাৰ্ডিঅ'লজি" অনুষ্ঠিত কৰা হৈছিল। পৰৱৰ্তী কংগ্ৰেছসমূহ ২০০৬ চনলৈকে ৪ বছৰ অন্তৰালত পালন কৰি অহা হৈছিল; তাৰ পিছৰ পৰা ইয়াক দুবছৰৰ অন্তৰালত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।১
বিশ্ববাসীক হৃদৰোগ আৰু ষ্ট্ৰোক আদি জীৱননাশী ৰোগ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ২০০০ চনৰ পৰা "বিশ্ব হৃদয় দিৱস" পালন কৰি অহা হৈছে।৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Our History. World Heart Federation
- ↑ Snellen, HA. (February 1980). Birth and growth of the European Society of Cardiology.. European Heart Journal. পৃ. 5–7
- ↑ (September 2014). World heart day 2014: salt reduction saves lives.. Central European Journal of Public Health. পৃ. 206
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব হৃদয় দিৱস” প্ৰবন্ধৰ সংশোধন ৬১৮৯১০ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।