অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিশ্ব থিয়েটাৰ দিৱস

বিশ্ব থিয়েটাৰ দিৱস (World Theatre Day) প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে পালন কৰা হয়। এই দিৱস পোন প্ৰথমে ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰিছিল। আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠান ৰাষ্ট্ৰসংঘৰ ইউনেস্কৰ এটা শাখা। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশতে এই দিৱস পালন কৰা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

বিশ্ব থিয়েটাৰ দিৱস (World Theatre Day) প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে পালন কৰা হয়। এই দিৱস পোন প্ৰথমে ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰিছিল। আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠান ৰাষ্ট্ৰসংঘৰ ইউনেস্কৰ এটা শাখা। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশতে এই দিৱস পালন কৰা হয়। এই দিৱসৰ দিনা থিয়েটাৰ কৰ্মীসকলৰ সভা সমিতি অনুষ্ঠিত হোৱাৰ লগতে বিভিন্ন অনুষ্ঠান, নাটক আদি প্ৰদৰ্শন কৰা হয়।

ইতিহাস

১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে( International Theatre Institute) আৰম্ভ কৰিছিল। প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ কেন্দ্ৰ সমূহত আৰু আন্তৰাষ্ট্ৰীয় থিয়েটাৰ গোষ্ঠীয়ে এই দিৱস পালন কৰে। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় থিয়েটাৰৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই দিৱস উদযাপনৰ লক্ষ্যে আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে এজন তাৰকা ব্যক্তিৰ দ্বাৰা থিয়েটাৰৰ থীম, শান্তিৰ সংস্কৃতি বিষয়ক এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে।

কোৰ্ট মাৰ্চিয়েল নাটক
কোৰ্ট মাৰ্চিয়েল নাটকছবি: Suyash Dwivedi · CC BY-SA 4.0

প্ৰথম বিশ্ব থিয়েটাৰ দিৱসৰ বাৰ্তা ১৯৬২ চনত ফ্ৰান্সৰ জিন কোকটিয়াওয়ে লিখিছিল। প্ৰথমে হেলচিংকি আৰু তাৰ পিছত ভিয়েনাত ১৯৬১ চনৰ জুন মাহত অনুষ্ঠিত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ নৱম কংগ্ৰেছত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ ফিনিছ কেন্দ্ৰৰ হৈ অধ্যক্ষ আৰ্ভি কিভিমায়ে বিশ্ব থিয়েটাৰ দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল। স্কেণ্ডিনেভিয়ান কেন্দ্ৰ সমূহে ইয়াৰ সমৰ্থন কৰাৰ পিছত এই দিৱস বিশ্বব্যাপি পালন কৰা আৰম্ভ হ'ল। ভাৰততো প্ৰতি বছৰে বিভিন্ন কাৰ্যসূচীৰ মাধ্যমত এই দিৱস পালন কৰা হয়। ১

চাণক্য নাটক
চাণক্য নাটকছবি: Suyash Dwivedi · CC BY-SA 4.0

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Chambers, Colin. (2006). Continuum Companion to Twentieth Century Theatre. Continuum International Publishing Group. পৃ. 849. ISBN 9781847140012

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহনাটক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব থিয়েটাৰ দিৱস” প্ৰবন্ধৰ সংশোধন ৩৮২১২১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।