অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিশ্ব মহ দিৱস

বিশ্ব মহ দিৱস হৈছে ব্ৰিটিছ চিকিৎসক ছাৰ ৰ’নাল্ড ৰছে মহে মেলেৰিয়া ৰোগ সংক্ৰমিত কৰাৰ তথ্য আৱিষ্কাৰৰ স্মৃতিত প্ৰতিবছৰে ২০ আগষ্ট তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা এটি দিৱস।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

বিশ্ব মহ দিৱস হৈছে ব্ৰিটিছ চিকিৎসক ছাৰ ৰ’নাল্ড ৰছে মহে মেলেৰিয়া ৰোগ সংক্ৰমিত কৰাৰ তথ্য আৱিষ্কাৰৰ স্মৃতিত প্ৰতিবছৰে ২০ আগষ্ট তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা এটি দিৱস। মেলেৰিয়া ৰোগৰ বাহক জীৱ মাইকী এনোফেলিন মহ আৱিষ্কাৰৰ পূৰ্বে এই ৰোগৰ বিস্তাৰ নিয়ন্ত্ৰণৰ বিশেষ উপায় নাছিল যদিও কুইনানৰ আৱিষ্কাৰৰ পিছত চিকিৎসাৰ সমস্যা যথেষ্ট সমাধান হৈছিল। সমীক্ষা অনুসৰি ১৯ শতিকাত বিশ্বৰ প্ৰায় আধা জনসংখ্যা মেলেৰিয়া ৰোগৰ আশংকাত ভুগিছিল আৰু আক্ৰান্তসকলৰ মাজত মৃত্যুৰ হাৰ আছিল ১০%।১

১৮৯৭ চনৰ ২০ আগষ্টত চিকিৎসক ৰ’নাল্ড ৰছে চৰাইৰ ক্ষেত্ৰত “মেলেৰিয়া পৰজীৱীৰ জীৱন চক্ৰ” আৱিষ্কাৰ কৰে। পৰৱৰ্তী সময়ত তেওঁক এই আৱিষ্কাৰৰ বাবে “ন'বেল বঁটা” প্ৰদান কৰা হয়। অৱশ্যে ৰছৰ আবিস্কাৰত মানুহৰ ক্ষেত্ৰত হোৱা মেলেৰিয়া ৰোগৰ পৰিৱৰ্তে চৰাইৰ ক্ষেত্ৰত হোৱা মেলেৰিয়া ৰোগৰ বিষয়েহে উল্লেখ আছিল আৰু ৰছে বাহক মহৰ নিৰ্দিষ্ট প্ৰজাতিটোও চিনাক্তকৰণ কৰা নাছিল। ১৮৯৯ চনত জিঅ'ভানি বাটিষ্টা গ্ৰাছি আৰু তেঁওৰ সহকৰ্মীসকলে মানুহৰ ক্ষেত্ৰত হোৱা মেলেৰিয়া ৰোগৰ বাহকৰ নিৰ্দিষ্ট প্ৰজাতি (মাইকী এনোফিলিছ মহ) চিনাক্তকৰণ তথা পৰজীৱীৰ সম্পূৰ্ণ জীৱন চক্ৰ আবিস্কাৰ কৰে।

ব্ৰিটেইনৰ লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিনে ৩০ৰ দশকৰ পৰাই প্ৰথমবাৰৰ বাবে তথা পৰম্পৰাগতভাৱে এই দিৱস উদযাপন কৰি আহিছে।২

মহৰ দ্বাৰা সংক্ৰমিত হোৱা বিভিন্ন ভয়ংকৰ ৰোগৰ ভিতৰত মেলেৰিয়া, ডেংগু আদি উল্লেখযোগ্য। সেয়ে মেলেৰিয়া, ডেংগু আদি মহজনিত ৰোগৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে জনসাধাৰণক বিশেষভাৱে সজাগ কৰিবলৈ সমগ্ৰ বিশ্বতে এই দিৱস উদযাপন কৰা হয় আৰু বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।৩

তথ্যসূত্ৰ

  1. ↑ Carter, Richard; Mendis, Kamini N. (2002). Evolutionary and Historical Aspects of the Burden of Malaria. Clinical Microbiology Reviews. পৃ. 564–594
  2. ↑ Health and Science - Abuzz over malaria on World Mosquito Day. AlertNet
  3. ↑ (২০ আগষ্ট ২০২০). বিশ্ব মহ দিৱস আৰু জানিবলগীয়া কিছু কথা. www.etvbharat.com

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব মহ দিৱস” প্ৰবন্ধৰ সংশোধন ৩৮২১৩০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।