তেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰী
১১৬ প্ৰবন্ধ
-
গিৰিজা শ্বেট্টাৰ
গিৰিজা শ্বেট্টাৰ (ইংৰাজী: Girija Shettar; জন্ম: ২০ জুলাই ১৯৬৯) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী, যি দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।
-
গ্ৰেচী সিং
গ্ৰেচী সিং (ইংৰাজী: Gracy Singh; জন্ম: ২০ জুলাই ১৯৮০) সিং এজন প্ৰশিক্ষিত ভাৰতনট্যম আৰু ওডিছি নৃত্যশিল্পীও।
-
চিৰশ্ৰী অঞ্চন
চিৰশ্ৰী অঞ্চন হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তুলু, কন্নড়, তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে।
-
ছোনিয়া দীপ্তি
ছোনিয়া দীপ্তি (ইংৰাজী: Sonia Deepti; জন্ম: ২৯ জুলাই ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু ছবিত অভিনয় কৰিছে। ২০০৭ চনৰ শেখৰ কাম্মুলাৰ ছবি হেপ্পী ডেইজত তেওঁৰ প্ৰথম অভিনয়ে তেওঁক তেলুগু চলচ্চিত্ৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা প্ৰদান কৰিছিল।
-
ছৌকৰ জানকী
শংকৰমঞ্চী জানকী (Sankaramanchi Janaki; জন্ম: ১২ ডিচেম্বৰ ১৯৩১) তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ছবিৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী; যাক ব্যপকভাবে ছৌকৰ জানকী (Sowcar Janaki) বুলি জনা যায়। সাত দশকৰো অধিক সময়ৰ কৰ্মজীৱনত জানকীয়ে প্ৰায় ৩৯০খন ছবিত অভিনয় কৰিছে।
-
জয়শ্ৰী টি.
জয়শ্ৰী তলপড়ে (ইংৰাজী: Jayshree Talpade) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী যিয়ে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ প্ৰডাকচন আৰু কেইটামান টেলিভিছন প্ৰডাকচনত কাম কৰে।
-
টি পি ৰাজলক্ষ্মী
তিৰুভায়ৰু পঞ্চপাকেছা ৰাজলক্ষ্মী (Thiruvaiyaru Panchapakesa Rajalakshmi; ১১ নৱেম্বৰ ১৯১১ – ১৯৬৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, দক্ষিণ ভাৰতৰ প্ৰথম মহিলা পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, গায়িকা, প্ৰযোজক আৰু সমাজ সংস্কাৰক, যাক মৰমত "চিনেমা ৰাণী টি.পি.আৰ" নামেৰে সম্বোধন কৰা হয়।
-
ডিম্পল হায়াথি
ডিম্পল হায়াথি (জন্ম ২১ আগষ্ট ১৯৯৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মুখ্যতঃ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে।
-
তেজস্বী মাদিৱাড়া
তেজস্বী মাদিৱাড়া (ইংৰাজী: Tejaswi Madivada) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু চিনেমা আৰু টেলিভিছন অনুষ্ঠানত কাম কৰে। এগৰাকী নৃত্য প্ৰশিক্ষকৰ পৰা অভিনেত্ৰী হোৱা মাদিৱাড়াই ২০১৩ চনত সীথাম্মা ৱাকিতলো চিৰিমল্লে চেট্টু ছবিৰ এটা পাৰ্শ্ব চৰিত্ৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল আৰু ২০১৪ চনৰ…
-
নন্দিনী ৰায়
নীলম গৌহৰাণী, যাক পেছাদাৰীভাৱে নন্দিনী ৰায় বুলি জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু ছবিত কাম কৰে। তেওঁ ২০১০ চনৰ মিছ অন্ধ্ৰপ্ৰদেশ খিতাপ বিজয়ী। মডেলিং কৰাৰ পিছত তেওঁ অভিনয় জীৱন আৰম্ভ কৰে।
-
নিধি আগৰৱাল
নিধি আগৰৱাল এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। ২০১৪ চনৰ মিছ ডিভা ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পাছত আগৰৱালে হিন্দী ছবি মুন্না মাইকেল (২০১৭)ৰ জৰিয়তে অভিনয়ত অভিষেক ঘটে। এই ছবিখনত অভিনয়ৰ বাবে তেওঁ জি চিনে বঁটা শ্ৰেষ্ঠ মহিলা অভিষেক লাভ কৰে।
-
নিভেথা পেথুৰাজ
নিভেথা পেথুৰাজ (ইংৰাজী:Nivetha Pethuraj; জন্ম: ৩০ নৱেম্বৰ) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১৬ চনত তামিল চলচ্চিত্ৰ অৰু নাল কুথুৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ ২০১৭ চনত মেণ্টেল মাধিলো ছবিৰ জৰিয়তে তেলেগু চলচ্চিত্ৰত পদাৰ্পণ কৰে।
-
নিহাৰিকা ৰায়জাদা
নিহাৰিকা ৰায়জাদা (ইংৰাজী: Niharica Raizada; জন্ম: ১৮ এপ্ৰিল ১৯৯০) এগৰাকী লাক্সেমবাৰ্গীয় অভিনেত্ৰী। তেওঁ ২০১০ চনৰ মিছ ইণ্ডিয়া ইউকে খিতাপ জয় কৰিছিল আৰু ২০১০ চনৰ মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইডত ৰানাৰ্ছ-আপ হৈছিল। তেওঁ প্ৰাক্তন বলিউড সংগীতজ্ঞ অ' পি নায়াৰৰ নাতিনী।
-
নীতু চন্দ্ৰা
নীতু চন্দ্ৰা (জন্ম: ২০ জুন ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, চলচ্চিত্ৰ প্ৰযোজক আৰু নাট্যশিল্পী। তেওঁ হিন্দী, তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে। তেওঁ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু খেলুৱৈও। এনবিএ-ৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ জৰিয়তে দেশত বাস্কেটবলৰ প্ৰসাৰৰ সৈতে তেওঁ জড়িত।
-
পাৰ্ল মানে
পাৰ্ল মানে (ইংৰাজী: Pearle Maaney; জন্ম: ২৮ মে' ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গীতিকাৰ, ইউটিউবাৰ আৰু টেলিভিছন উপস্থাপিকা। তেওঁ মূলতঃ মালয়ালম অনুষ্ঠানসমূহত কাৰ্যনিৰ্বাহ কৰে। মালয়ালম নৃত্যভিত্তিক ৰিয়েলিটি শ্ব’ ডি ৪ ডান্সৰ তিনিটা ছিজনৰ সহ-উপস্থাপনা কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
পুষ্পাৱল্লী
পুষ্পাৱল্লী ( Pushpavalli; ৩ জানুৱাৰী ১৯২৬ – ২৮ এপ্ৰিল ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলেগু আৰু তামিল ছবিত কাম কৰিছিল। তেওঁ সম্পূৰ্ণ ৰামায়ণ (১৯৩৬) ছবিখনত শিশু অভিনেত্ৰী হিচাপে কিশোৰী সীতাৰ এটা সৰু চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে।
-
প্ৰীতি ঝাংগিয়ানী
প্ৰীতি ঝাংগিয়ানী (ইংৰাজী: Preeti Jhangiani; জন্ম: ১৮ আগষ্ট ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ মালয়ালম চলচ্চিত্ৰ মাঝাভিল্লু (১৯৯৯)ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে আৰু বহুঅভিনেতা অভিনীত ৰোমাণ্টিক হিন্দী চলচ্চিত্ৰ মহব্বতে’ন (২০০০)ৰ জৰিয়তে…
-
বেদিকা
বেদিকা কুমাৰ, যাক কেৱল বেদিকা বুলিও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল, তেলুগু, কন্নড় আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। বেদীকা এটা এছিয়াভিজন বঁটা আৰু দুটা এডিচন বঁটাৰ প্ৰাপক। ইয়াৰ উপৰি তেওঁ দুটাকৈ ফিল্মফেয়াৰ বঁটা (দক্ষিণ)-ৰ মনোনয়ন লাভ কৰিছে।
-
বৰ্ষা বোল্লাম্মা
বৰ্ষা বোল্লাম্মা (ইংৰাজী: Varsha Bollamma) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰত কাম কৰে। তেওঁ ২০১৫ চনৰ তামিল ছবি ছাতুৰনৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
ভেন্নিৰা আদাই নিৰ্মলা
ভেন্নিৰা আদাই নিৰ্মলা (জন্ম:এ বি শান্তি; Vennira Aadai Nirmala; এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, মালয়ালম আৰু তেলেগু ছবিত অভিনয় কৰিছে। তেওঁ ১৯৬০ আৰু ১৯৭০ দশকৰ এগৰাকী বিশিষ্ট মুখ্য অভিনেত্ৰী আছিল। মালয়ালম চলচ্চিত্ৰ জগতত তেওঁক উষাকুমাৰী হিচাপে জনা যায়।
-
মধু শালিনী
মধু শালিনী (ইংৰাজী: Madhu Shalini) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু, তামিল আৰু হিন্দী ছবিত কাম কৰে। তেওঁ ২০০৫ চনত মিছ অন্ধ্ৰপ্ৰদেশ খিতাপ জয় কৰিছিল। 'ড্ৰিম গাৰ্ল' প্ৰতিযোগিতাত জয়ী হোৱাৰ পিছত তেওঁ প্ৰেমাকথালু নামৰ এটা টেলিভিছন অনুষ্ঠানৰ আঁত ধৰিছিল।
-
মালৱিকা নায়াৰ
মালৱিকা নায়াৰ (Malvika Nair) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু আৰু মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে। নায়াৰৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত আছে ব্লেক বাটাৰফ্লাই (২০১৩), কাকু (২০১৪), য়েভাডে সুব্ৰমণ্যম (২০১৫), টেক্সিৱালা (২০১৮), মডাৰ্ণ লাভ হায়দৰাবাদ (২০২২) আৰু কৃষ্ণম প্ৰণয় সখী (২০২৪)।
-
মীনাক্ষী চৌধুৰী
মীনাক্ষী চৌধুৰী (Meenakshi Chaudhary; জন্ম: ৫ মাৰ্চ ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ প্ৰধানকৈ তেলুগু আৰু তামিল চলচ্চিত্ৰত কাম কৰে।
-
মুমতাজ
নাগমা খান (ইংৰাজী: Nagma Khan; জন্ম: ৫ জুলাই ১৯৮০), যিগৰাকী কেৱল মুমতাজ নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তামিল, তেলুগু, হিন্দী, কন্নড় আৰু মালয়ালম ভাষাৰ চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত।
-
মেঘা আকাশ
মেঘা আকাশ (Megha Akash; জন্ম: ২৬ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ তেলুগু চলচ্চিত্ৰ লাই (২০১৭) ৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।
-
মেনকা (অভিনেত্ৰী)
মেনকা সুৰেশ (জন্ম পদ্মাৱতী য়েংগাৰ), মেনকা নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক। ১৯৮০ চনত তামিল চলচ্চিত্ৰ ৰামায়ী ৱায়াসুক্কু বণ্টুটাৰ সৈতে তেওঁ কেৰিয়াৰ আৰম্ভ কৰে। ১৯৮০–১৯৮৭ সময়ছোৱাৰ ভিতৰত মেনকাই প্ৰায় ১২৫খন চলচ্চিত্ৰত নায়িকা হিচাপে অভিনয় কৰিছে, যাৰ প্ৰধানভাৱে মালয়ালম।
-
মেহৰীন পীৰজাদা
মেহৰীন কৌৰ পীৰজাদা (Mehreen Kaur Pirzada; জন্ম: ৫ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ তেলুগু, তামিল, হিন্দী আৰু পঞ্জাবী চলচ্চিত্ৰত অভিনয় কৰে। পীৰজাদাই ২০১৬ চনত তেলুগু চলচ্চিত্ৰ কৃষ্ণ গাদী বীৰ প্ৰেম গাধাৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।
-
লাৱণ্য ত্ৰিপাঠী
লাৱণ্য ত্ৰিপাঠী কোনিডেলা (Lavanya Tripathi; জন্ম: ১৫ ডিচেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু চলচ্চিত্ৰত কাম কৰে। ত্ৰিপাঠীয়ে দুটাকৈ এছ.আই.আই.এম.এ বঁটা আৰু এটা ফিল্মফেয়াৰ বঁটা (দক্ষিণ)-ৰ মনোনয়নসহ কেইবাটাও সন্মান লাভ কৰিছে।
-
লিচি
লিচি (ইংৰাজী: Lissy) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰৰ লগতে কেইখনমান তেলুগু, হিন্দী, তামিল আৰু কন্নড় ছবিত অভিনয় কৰিছে। ১৯৮২ চনত ইথিৰি নেৰাম ওথিৰি কাৰ্যম ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
-
শানৱী শ্ৰীবাস্তৱ
শানৱী শ্ৰীবাস্তৱ (ইংৰাজী: Shanvi Srivastava; জন্ম: ৮ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ কন্নড় আৰু তেলুগু চলচ্চিত্ৰত কাম কৰে। শ্ৰীবাস্তৱ হৈছে একমাত্ৰ কন্নড় অভিনেত্ৰী যিয়ে মাষ্টাৰপিচ ছবিৰ বাবে ছাইমা সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আৰু তাৰক ছবিৰ বাবে ছাইমা শ্ৰেষ্ঠ…