অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লাৱণ্য ত্ৰিপাঠী

লাৱণ্য ত্ৰিপাঠী কোনিডেলা (Lavanya Tripathi; জন্ম: ১৫ ডিচেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু চলচ্চিত্ৰত কাম কৰে। ত্ৰিপাঠীয়ে দুটাকৈ এছ.আই.আই.এম.এ বঁটা আৰু এটা ফিল্মফেয়াৰ বঁটা (দক্ষিণ)-ৰ মনোনয়নসহ কেইবাটাও সন্মান লাভ কৰিছে।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৩২৫ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

লাৱণ্য ত্ৰিপাঠী কোনিডেলা (Lavanya Tripathi; জন্ম: ১৫ ডিচেম্বৰ ১৯৯০১২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু ভাষা চলচ্চিত্ৰত কাম কৰে। ত্ৰিপাঠীয়ে দুটাকৈ এছ.আই.আই.এম.এ বঁটা আৰু এটা ফিল্মফেয়াৰ বঁটা (দক্ষিণ)-ৰ মনোনয়নসহ কেইবাটাও সন্মান লাভ কৰিছে।৩

ত্ৰিপাঠীয়ে মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০০৬ চনত 'ফেমিনা মিছ উত্তৰাখণ্ড' খিতাপ জিকিছিল। ইয়াৰ পিছত তেওঁ হিন্দী টেলিভিছন ধাৰাবাহিক প্যাৰ কা বন্ধন (২০০৯)-ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু আন্দালা ৰাক্ষসী (২০১২) ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে।৪ চলচ্চিত্ৰ জগতত খোজ পেলোৱাৰ পাছত তেওঁ দুচুকেলথা (২০১৩) আৰু ব্ৰহ্মন (২০১৪) ছবিৰ জৰিয়তে প্ৰাৰম্ভিক সফলতা লাভ কৰিছিল। ত্ৰিপাঠীয়ে ভালে ভালে মাগাডিভয় (২০১৫) ছবিত এগৰাকী নৃত্য শিক্ষয়িত্ৰী আৰু চোগ্গাডে চিন্নি নয়না (২০১৬) ছবিত এগৰাকী অকলশৰীয়া পত্নীৰ চৰিত্ৰ ৰূপায়ণ কৰি বিশেষ স্বীকৃতি লাভ কৰে আৰু দ্বিতীয়খন ছবিৰ বাবে তেলেগু শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ মনোনয়ন লাভ কৰে। ইয়াৰ পিছত ত্ৰিপাঠীয়ে শ্ৰীৰাস্তু শুভমস্তু (২০১৬), উন্নাধী ওকেটে জিন্দগী (২০১৭), অৰ্জুন সুৰাৱৰম (২০১৯) আৰু এ১ এক্সপ্ৰেছ (২০২১) ছবিত সফলতা অৰ্জন কৰে। তেওঁ শেহতীয়াকৈ ষ্ট্ৰীমিং ধাৰাবাহিক পুলি মেকা (২০২৩) আৰু মিছ পাৰ্ফেক্ট (২০২৪)-ত অভিনয় কৰিছে।

অভিনয় জীৱনৰ উপৰি ত্ৰিপাঠী বিভিন্ন ব্ৰেণ্ড আৰু সামগ্ৰীৰ এগৰাকী প্ৰখ্যাত বিজ্ঞাপনদাতা। তেওঁ অভিনেতা বৰুণ তেজৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে আৰু তেওঁলোকৰ এটা পুত্ৰ সন্তান আছে।

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি

ত্ৰিপাঠীৰ জন্ম হৈছিল ১৯৮৯ চনৰ ১৫ ডিচেম্বৰত,১৫৬ উত্তৰ প্ৰদেশৰ অযোধ্যাত আৰু তেওঁ উত্তৰাখণ্ডৰ ডেৰাডুনত ডাঙৰ-দীঘল হৈছিল।৭৮ তেওঁৰ পিতৃ উচ্চ ন্যায়ালয় আৰু দেৱানী আদালতত কৰ্মৰত এজন অধিবক্তা আৰু মাতৃ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। তেওঁৰ এজন ককায়েক আৰু এগৰাকী বায়েক আছে।৯ ডেৰাডুনৰ মাৰ্শ্বাল স্কুলৰপৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ মুম্বাইলৈ যায় আৰু তাত ঋষি দয়াৰাম নেচনেল কলেজৰপৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৯

তেওঁ উল্লেখ কৰিছিল যে তেওঁ "সদায় মনোৰঞ্জন জগতত সোমাব বিচাৰিছিল," কিন্তু তেওঁৰ পিতৃয়ে তেওঁক প্ৰথমে শিক্ষা সম্পূৰ্ণ কৰাটো বিচাৰিছিল। ইয়াৰ পিছত তেওঁ মডেলিং আৰম্ভ কৰে আৰু বিজ্ঞাপনৰ লগতে টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰে।৭৮ স্কুলত পঢ়ি থকা অৱস্থাতে ২০০৬ চনত তেওঁ 'মিছ উত্তৰাখণ্ড' খিতাপ জিকিছিল।১০ ত্ৰিপাঠীৰ শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ জ্ঞানে তেওঁক ভালে ভালে মাগাডিভয় ছবিৰ চৰিত্ৰটো ৰূপায়ণত সহায় কৰিছিল।১১১২

ব্যক্তিগত জীৱন

ত্ৰিপাঠীয়ে তেওঁলোকৰ ছবি মিষ্টাৰ (২০১৭)-ৰ ছেটত অভিনেতা বৰুণ তেজক লগ পাইছিল আৰু অৱশেষত তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। ২০১৮ চনত তেওঁলোকে পুনৰ অন্তৰীক্ষম ৯০০০ কে.এম.পি.এইচ ছবিত একেলগে কাম কৰিছিল।১৩ ২০২৩ চনৰ ৯ জুনত হায়দৰাবাদত তেওঁলোকৰ আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন হয়।১৪ ২০২৩ চনৰ ১ নৱেম্বৰত ইটালীৰ টাস্কানীত এক পৰম্পৰাগত অনুষ্ঠানৰ জৰিয়তে ত্ৰিপাঠীয়ে বৰুণ তেজৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১৫১৬ ২০২৫ চনৰ ৯ ছেপ্টেম্বৰত ত্ৰিপাঠীয়ে তেওঁলোকৰ পুত্ৰ বায়ুৱৰ জন্ম দিয়ে।১৭১৮

তথ্যসূত্ৰ

  1. ↑ Varun Tej has the sweetest birthday wish for his 'baby' Lavanya Tripathi: Thank you for being you. Hindustan Times
  2. ↑ Happy Birthday Lavanya Tripathi: జనం మదిలో ఇప్పటికీ 'అందాల రాక్షసి'గానే. లావణ్య త్రిపాఠి రేర్ పిక్స్!. Zee News Telugu
  3. ↑ (17 March 2020). Lavanya Tripathi: From Doosukeltha to Arjun Suravaram, 5 best roles played by the talented actress. Times Of India
  4. ↑ Chaavu Kaburu Challaga's Lavanya Tripathi's crazy pics goes viral on social media. Zee News India
  5. ↑ (15 December 2021). Lavanya Tripathi's next titled Happy Birthday. Cinema Express
  6. ↑ Happy Birthday 'Beauty Monster' Lavanya Tripathi!. Indian Herald
  7. ↑ I Always Wanted to Enter Showbiz Says Newcomer Lavanya Tripathi. The New Indian Express
  8. ↑ (11 September 2019). Lavanya Tripathi on her tweet on Brahmin pride: Deleted it as I didn't want to hurt anybody. ইণ্ডিয়া টুডে
  9. ↑ (2009-07-07). Exclusive Interview With Lavanya Tripathi. Aboututtarakhand.com
  10. ↑ Dundoo, Sangeetha Devi. (2016-01-22). Lavanya Tripathi: I didn't have a plan B. The Hindu
  11. ↑ (16 March 2018). A journey of self discovery for actor Lavanya Tripathi. thehindu.com
  12. ↑ (12 July 2019). Lavanya Tripathi takes a breather from films and picks up Latin dance. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  13. ↑ (10 June 2023). Lavanya Tripathi and Varun Tej are engaged. India Today
  14. ↑ (10 June 2023). Varun Tej, Lavanya Tripathi share romantic pics from engagement. Hindustan Times
  15. ↑ (2 November 2023). Varun Tej, Lavanya Tripathi look regal in red and golden in first pics from grand wedding in Italy. Hindustan Times
  16. ↑ (2 November 2023). Varun Tej shares first pictures with wife Lavanya Tripathi: 'My Lav'. Indian Express
  17. ↑ (10 September 2025). Chiranjeevi welcomes Varun Tej-Lavanya Tripathi’s baby boy to Konidela family, shares photo. The Indian Express
  18. ↑ (14 September 2025). Varun Tej, Lavanya Tripathi's home decorated in flowers to welcome their baby boy. Watch. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাৱণ্য ত্ৰিপাঠী” প্ৰবন্ধৰ সংশোধন ৫৯৬৬৯৯ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।