অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তেজস্বী মাদিৱাড়া

তেজস্বী মাদিৱাড়া (ইংৰাজী: Tejaswi Madivada) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু চিনেমা আৰু টেলিভিছন অনুষ্ঠানত কাম কৰে। এগৰাকী নৃত্য প্ৰশিক্ষকৰ পৰা অভিনেত্ৰী হোৱা মাদিৱাড়াই ২০১৩ চনত সীথাম্মা ৱাকিতলো চিৰিমল্লে চেট্টু ছবিৰ এটা পাৰ্শ্ব চৰিত্ৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল আৰু ২০১৪ চনৰ…

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

তেজস্বী মাদিৱাড়া (ইংৰাজী ভাষা: Tejaswi Madivada) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু ভাষা চিনেমা আৰু টেলিভিছন অনুষ্ঠানত কাম কৰে। এগৰাকী নৃত্য প্ৰশিক্ষকৰ পৰা অভিনেত্ৰী হোৱা মাদিৱাড়াই ২০১৩ চনত সীথাম্মা ৱাকিতলো চিৰিমল্লে চেট্টু ছবিৰ এটা পাৰ্শ্ব চৰিত্ৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল আৰু ২০১৪ চনৰ ছবি আইচক্ৰীমৰ জৰিয়তে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেওঁ ২০১৮ চনত ৰিয়েলিটি শ্ব' বিগ বছ ২ৰ এজন প্ৰতিযোগী আছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

মাদিৱাড়াই হায়দৰাবাদৰ বেগমপেট এয়াৰ ফৰ্চ কলেজত পঢ়া-শুনা কৰিছিল। তেওঁ হায়দৰাবাদৰ চেইণ্ট ফ্ৰান্সিছ কলেজ ফৰ উইমেনৰ পৰা গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কৰিছিল। পিছলৈ তেওঁ 'টুইষ্ট এন টাৰ্নছ'ৰ সৈতে ফ্ৰীলেঞ্চ নৃত্য প্ৰশিক্ষক হিচাপে অংশকালীন কাম কৰিছিল আৰু এইচএচবিচি, ৱিপ্ৰো, ফ্ৰেংকলিন টেম্পলটনৰ দৰে বহুজাতিক নিগম (এমএনচি) তথা নাচৰ স্কুল ফৰ গাৰ্লছৰ দৰে বিদ্যালয়ত পাঠদান কৰিছিল।১ তেওঁ তাত বিভিন্ন চুটি ছবিত কাম কৰিছিল; ইয়াৰে "ধনম মলাম ইধম জগত" নামৰ এখন চুটি ছবিয়ে তেওঁৰ নেতিবাচক চৰিত্ৰৰ বাবে স্বীকৃতি লাভ কৰিছিল। তেওঁ ২০১১ চনত 'মিছ ডাবৰ গুলাবেৰী' নামৰ এটা সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দ্বিতীয় ৰানাৰ্ছ আপ হৈছিল, যাৰ পিছতেই তেওঁ প্ৰথমখন চলচ্চিত্ৰৰ প্ৰস্তাৱ লাভ কৰিছিল বুলি জানিব পৰা যায়।১

কেৰিয়াৰ

মাদিৱাড়ায় ২০১৩ চনত পাৰিবাৰিক ড্ৰামা ছবি সীথাম্মা ৱাকিতলো চিৰিমল্লে চেট্টুৰ জৰিয়তে এটা সহযোগী চৰিত্ৰত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে।১ পিছৰ বছৰত তেওঁক মনম আৰু নীতিনৰ ছবি হাৰ্ট এটাকত সহযোগী চৰিত্ৰত দেখা গৈছিল। ইয়াৰ পিছতে তেওঁ ৰাম গোপাল বাৰ্মাৰ হৰৰ ছবি আইচক্ৰীমত প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ পায়। ছবিখনৰ এটা দৃশ্যত মাদিৱাড়া নগ্ন হৈ উপস্থিত হোৱাৰ খবৰ ওলোৱাৰ পিছত ছবিখনে চৰ্চা লাভ কৰিছিল।২ আইচক্ৰীম ছবিয়ে সমালোচকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছিল৩ যদিও ই ব্যৱসায়িকভাৱে ব্লকবাষ্টাৰ আছিল।৪

ইয়াৰ পিছত মুক্তি পোৱা ছবিসমূহ যেনে লাভৰ্ছ,৫ ৰাম গোপাল বাৰ্মাৰ আন এখন ছবি অনুক্ষণম, ক্ৰান্তি মাধৱৰ মল্লী মল্লী ইধি ৰাণী ৰজু (য’ত তেওঁ নিত্যা মেননৰ জীয়েকৰ চৰিত্ৰত অভিনয় কৰিছিল),৬৭ শ্ৰীমান্থুডু, আৰু পাণ্ডাগা চেচকোত৬ তেওঁক পাৰ্শ্ব চৰিত্ৰত দেখা গৈছিল। তেওঁৰ পৰৱৰ্তী প্ৰকল্পসমূহ আছিল ওমকাৰৰ ৰাজু গাৰী গডী,৭ উৰ্বশী ৱো ৰাক্ষসী ৱো, সুব্ৰমনিয়াম ফৰ চেল আৰু তেওঁৰ প্ৰথমখন তামিল ছবি নটপথিগৰম ৭৯।৮

২০১৮ চনত বিগ বছৰ প্ৰথম অভিজ্ঞতাৰ পিছত তেওঁ সংসাৰ কৰাৰ আৰু বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁ কৈছিল যে তেওঁৰ হবু স্বামীয়ে তেওঁক কিছু সালসলনি কৰিবলৈ আৰু তেওঁৰ পিতৃ-মাতৃৰ কথা শুনিবলৈ বিচাৰিছিল। কিছু সময় চেষ্টা কৰাৰ পিছত তেওঁ অনুভৱ কৰিলে যে তেওঁ নিজৰ পৰিচয় হেৰুৱাই পেলাব আৰু সেইবাবেই তেওঁ বিবাহ বাতিল কৰে।৯

২০২২ চনত তেওঁ ষ্টাৰ মাৰ টেলিভিছন ডান্স ছিৰিজ বিবি জোডীত অংশগ্ৰহণ কৰে।১০

তথ্যসূত্ৰ

  1. ↑ Tip tap through college. The New Indian Express
  2. ↑ Tejaswi goes nude for RGV's Ice cream. The Times of India
  3. ↑ Tejaswi Madivada Ice Cream: Latest News, Videos and Photos of Tejaswi Madivada Ice Cream
  4. ↑ (17 July 2014). మంచి ఐడియాతో తీస్తే.. 'ఐస్‌క్రీమ్'లా ఆర్థిక లాభాలు!. Sakshi
  5. ↑ Latest Telugu Movie Comedy 24x7 తెలుగు సినీ వార్తలు & హస్యం. www.aplatestnews.com
  6. ↑ Actress Tejaswi's increasing popularity after 'Ice Cream'. Deccan Chronicle
  7. ↑ Tejaswi Madivada is on a roll. The Times of India
  8. ↑ Small role in Mahesh Babu's film is a big deal for Tejaswini
  9. ↑ www.deccanchronicle.com/entertainment/tollywood/
  10. ↑ Exclusive - Akhil Sarthak on his new show 'BB Jodi' and working with Tejaswi Madivada: I was feeling low when I saw her dance; determined to become a dancer by the end of this show. The Times of India

সম্পৰ্কিত শ্ৰেণী

তেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজস্বী মাদিৱাড়া” প্ৰবন্ধৰ সংশোধন ৫৯৯১১৬ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।