অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভেন্নিৰা আদাই নিৰ্মলা

ভেন্নিৰা আদাই নিৰ্মলা (জন্ম:এ বি শান্তি; Vennira Aadai Nirmala; এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, মালয়ালম আৰু তেলেগু ছবিত অভিনয় কৰিছে। তেওঁ ১৯৬০ আৰু ১৯৭০ দশকৰ এগৰাকী বিশিষ্ট মুখ্য অভিনেত্ৰী আছিল। মালয়ালম চলচ্চিত্ৰ জগতত তেওঁক উষাকুমাৰী হিচাপে জনা যায়।

হালনাগাদ: ৪ মাৰ্চ ২০২৫ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ভেন্নিৰা আদাই নিৰ্মলা (জন্ম:এ বি শান্তি; Vennira Aadai Nirmala; এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, মালয়ালম আৰু তেলেগু ছবিত অভিনয় কৰিছে। তেওঁ ১৯৬০ আৰু ১৯৭০ দশকৰ এগৰাকী বিশিষ্ট মুখ্য অভিনেত্ৰী আছিল। মালয়ালম চলচ্চিত্ৰ জগতত তেওঁক উষাকুমাৰী হিচাপে জনা যায়।১

অভিনয় জীৱন

১৯৬৫ চনত চি ভি শ্ৰীধৰৰ ভেন্নিৰা আদাইৰ জৰিয়তে অভিষেক হোৱা নিৰ্মলাই তামিল, মালয়ালম, তেলেগু আৰু কানাড়া, এই চাৰিটা ভাষাত ৪০০তকৈও অধিক ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। মালয়ালম ছবিত তেওঁৰ পৰ্দাৰ নাম আছিল 'উষা কুমাৰী'। অভিনয়ৰ উপৰিও নিৰ্মলা এগৰাকী প্ৰশিক্ষিত ভাৰতনাট্যম নৃত্যাংগনা।২৩ তেওঁ টিভি ধাৰাবাহিক - দেৱমগলতো অভিনয় কৰিছিল।

ৰাজনৈতিক জীৱন

এম জি ৰামচন্দ্ৰনে তেওঁক ভনীয়েক হিচাপে দত্তক লৈছিল আৰু তেওঁক ৰাজনৈতিক উত্তৰাধিকাৰী কৰিব বিচাৰিছিল। কিন্তু নিৰ্মলাই সেই প্ৰস্তাৱ নাকচ কৰে।৪ তথাপি এম জি আৰে তেওঁক তামিলনাডু বিধান পৰিষদলৈ মনোনীত কৰিছিল। ১৯৮৬ চনৰ ২৩ এপ্ৰিলত তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানৰ কথা আছিল যদিও নিৰ্মলাই ইয়াৰ পূৰ্বে নিজকে দেওলীয়া ঘোষণা কৰে। ভাৰতীয় সংবিধানৰ ১০২-(১)(গ) অনুচ্ছেদ অনুসৰি দেওলীয়া ব্যক্তিয়ে সংসদ বা ৰাজ্যিক বিধায়িনী দলৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব নোৱাৰে।৫

তথ্যসূত্ৰ

  1. ↑ ഞാന് വിവാഹം കഴിക്കില്ല, നൃത്തം ചെയ്ത് അച്ഛനെ സമ്പന്നനാക്കും; ഇപ്പോഴും അവിവാഹിതയായി ജീവിക്കുന്ന മലയാളത്തിന്റെ താരറാണി
  2. ↑ Randor Guy. (31 October 2008). Trend-setter. দ্য হিন্দু
  3. ↑ M. Balaganessin. (3 April 2007). She wants novel role. দ্য হিন্দু
  4. ↑ The two women who took on Jayalalithaa
  5. ↑ Court imposes Rs. 4.65-lakh fine on Vennira Adai Nirmala

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ অভিনেত্ৰীমালায়লম চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীকানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেন্নিৰা আদাই নিৰ্মলা” প্ৰবন্ধৰ সংশোধন ৪৮৭০০৯ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।