তেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰী
১১৬ প্ৰবন্ধ
-
কংগনা ৰাণাৱত
কংগনা অমৰদ্বীপ ৰানাৱত (Kangna Amardeep Ranaut; জন্ম: ২৩ মাৰ্চ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা, যিয়ে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত কাম কৰে।
-
ৰবীনা টেণ্ডন
ৰবীনা টেণ্ডন (Ravena Tandon; জন্ম: ২৬ অক্টোবৰ ১৯৭২) হিন্দী ছবিৰ বহুধা প্ৰতিভাসম্পন্ন এগৰাকী অভিনেত্ৰী। তেওঁ পৰিচালক ৰবি টেণ্ডনৰ কন্যা। এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা তেওঁ লাভ কৰিছে।
-
ৰশ্মিকা মন্দান্না
ৰশ্মিকা মন্দান্না (ರಶ್ಮಿಕಾ ಮಂದಣ್ಣ; জন্ম ৫ এপ্ৰিল ১৯৯৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলেগু আৰু কন্নড় চলচ্চিত্ৰত কাম কৰে। তেওঁ মিডিয়া আৰু কন্নড় ফিল্ম ইণ্ডাষ্ট্ৰিত ‘কৰ্ণাটক ক্ৰাচ’ হিচাবে জনপ্ৰিয়।
-
ভূমিকা চাওলা
ভূমিকা চাওলা ( Bhumika Chawla; জন্ম: ২১ আগষ্ট ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলেগু চিনেমাৰ কামৰ বাবে পৰিচিত, লগতে কেইখনমান হিন্দী আৰু তামিল ছবি।
-
মণিষা কৈৰালা
মণিষা কৈৰালা (Manisha Koirala; জন্ম: ১৬ আগষ্ট ১৯৭০) ভাৰতীয় চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী নেপালী অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। তাৰোপৰি তেলেগু, বাংলা, মালয়ালম, নেপালী আৰু ইংৰাজী চলচ্চিত্ৰতো অভিনয় কৰিছে।
-
তৃষা কৃষ্ণন
তৃষা কৃষ্ণন (ইংৰাজী: Trisha Krishnan; জন্ম ৪ মে' ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি মূলতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ অন্যতম।
-
আয়েশা খান (ভাৰতীয় অভিনেত্ৰী)
আয়েশা খান (Ayesha Khan; জন্ম: ১৩ ছেপ্টেম্বৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ তেলুগু চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছনত কাম কৰে। তেওঁ বিগ বছ ছিজন ১৭-ত অভিনয় কৰাৰ বাবে সুপৰিচিত। বালবীৰ ৰিটাৰ্নছ (২০১৯) নামৰ টিভি ধাৰাবাহিকখনত অভিনয়েৰে তেওঁ টেলিভিছন জগতত আত্মপ্ৰকাশ কৰে।
-
বিপাশা বসু
বিপাশা বসু সিং গ্ৰোভাৰ ( Bipasha Basu Singh Grover; জন্ম: ৭ জানুৱাৰী ১৯৭৯)[3] এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। মূলতঃ হিন্দী ছবিৰ কামৰ বাবে পৰিচিত বিপাশাই তামিল, তেলেগু, বঙালী আৰু ইংৰাজী ছবিতো অভিনয় কৰিছে। বসুৱে এটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা আৰু স্বীকৃতি লাভ কৰিছে।
-
মনোৰমা
গোপীশান্তা (Gopishantha; ২৬ মে' ১৯৩৭ – ১০ অক্টোবৰ ২০১৫), এগৰাকী ভাৰতীয় অভিনেত্ৰী, কমেডিয়ান আৰু নেপথ্য কণ্ঠশিল্পী আছিল,যাৰ মঞ্চনাম মনোৰমা আছিল আৰু যাক আচী বুলিও কোৱা হয়। তেওঁ ১০০০ৰো অধিক ছবিত অভিনয় আৰু ৫০০০টা মঞ্চ প্ৰদৰ্শন কৰিছে।
-
মমতা কুলকাৰ্ণী
মমতা কুলকাৰ্ণী (Mamta Kulkarni; জন্ম: ২০ এপ্ৰিল ১৯৭২) হিন্দী চলচ্চিত্ৰৰ এগৰাকী পৰিচিত অভিনেত্ৰী আৰু মডেল। আছিক আৱাৰা (১৯৯৩), ৱক্ত হামাৰা হায় (১৯৯৩), ক্ৰান্তিবীৰ (১৯৯৪), কৰণ অৰ্জুন (১৯৯৫), সবছে বড়া খিলাড়ী (১৯৯৫), আন্দোলন (১৯৯৫), বাজী (১৯৯৬), চাইনা গেট (১৯৯৮), চুপা ৰুস্তম: এ মিউজিকেল থ্ৰিলাৰ…
-
সুহানী কলিতা
সুহানী কলিতা'(বেবী জীৱা নামেৰে তেলুগু চলচ্চিত্ৰত পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে তেলুগু, হিন্দী, মালায়ালম আৰু বাংলা চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ২০০০ চনত হিন্দুস্থান - দ্য মাদাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে "নন্দী বঁটা" লাভ কৰিছিল।
-
ৰম্যা বৰ্ণা
ৰম্যা বৰ্ণা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ কন্নড় চলচ্চিত্ৰত অভিনয় কৰে। তাৰোপৰি তেওঁ তামিল, তেলুগু আৰু তুলু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
-
অঞ্জলি
অঞ্জলি (Anjali, জন্ম: ১৬ জুন ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল আৰু তেলেগু ছবিত অভিনয় কৰে। অঞ্জলিক তামিল চলচ্চিত্ৰৰ অন্যতম উন্নত অভিনেত্ৰী হিচাপে স্বীকৃতি দিয়া হৈছে। তেওঁ নিজৰ "পাৰফৰ্মেন্স-অৰিয়েণ্টেড ভূমিকা"ৰ বাবে পৰিচিত।
-
অভিনয়া (অভিনেত্ৰী)
অভিনয়া এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল, তেলুগু, কন্নড় আৰু মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে। তাই শ্ৰৱণ আৰু বাক দুয়োটা দিশতে বিশেষভাৱে সক্ষম। তেওঁ নাডোডিগাল (২০০৯) চলচ্চিত্ৰৰ যোগেদি অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল আৰু তাৰ পিছত বহুতো তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে।
-
অৱনী মোদী
অৱনী মোদী এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ বলীউডত প্ৰৱেশ কৰে মধুৰ ভাণ্ডাৰকাৰৰ নাটকীয় চলচ্চিত্ৰ কেলেণ্ডাৰ গাৰ্লছ ৰ জৰিয়তে।
-
আশা শৰৎ
আশা শৰৎ (ইংৰাজী: Asha Sharath) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু শাস্ত্ৰীয় নৃত্যশিল্পী, যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰাৰ উপৰি কেইখনমান তামিল, কন্নড় আৰু তেলুগু ছবিতো অভিনয় কৰিছে। দৃশ্যম চলচ্চিত্ৰ শৃংখলাত এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ আটাইতকৈ বেছি পৰিচিত।
-
আশিকা ৰংগনাথ
আশিকা ৰংগনাথ (ইংৰাজী: Ashika Ranganath; জন্ম ৫ আগষ্ট ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ কন্নড় আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। ২০১৬ চনত কন্নড় চলচ্চিত্ৰ ক্ৰেজী বয়ৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে।
-
কল্যাণী প্ৰিয়দৰ্শন
কল্যাণী প্ৰিয়দৰ্শন (Kalyani Priyadarshan; জন্ম: ৫ এপ্ৰিল ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ মালয়ালম ছবিত অভিনয় কৰে যদিও ইতিমধ্যে কেইবাখনো তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে।
-
কাঞ্চনা (অভিনেত্ৰী)
কাঞ্চনা ( Kanchana; জন্ম: ১৬ আগস্ট ১৯৩৯) ভাৰতৰ তামিল চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তামিলৰ উপৰিও তেওঁ তেলেগু ছবিতো কাম কৰি আহিছে। ১৯৬০ চনত তামিল চলচ্চিত্ৰ জগতত তেওঁ কাঞ্চনা নামেৰে সুপৰিচিত আছিল। বসুন্ধৰা দেৱী হিচাপে জন্মগ্ৰহণ কৰা কাঞ্চনা প্ৰথমে এয়াৰ হোষ্টেছ আছিল। এবাৰ তামিল চলচ্চিত্ৰ পৰিচালক চি.
-
কায়াডু লোহাৰ
কায়াডু লোহাৰ (Kayadu Lohar; জন্ম: ১১ এপ্ৰিল ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ কন্নড় ছবি মুগিলপেট (২০২১)ত অভিনয়েৰে ছবিজগতত আত্মপ্ৰকাশ কৰে।
-
ছাৰা অৰ্জুন
ছাৰা অৰ্জুন (Sara Arjun; জন্ম: ১৮ জুন ২০০৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ তামিল আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু বিজ্ঞাপনত অভিনয় কৰে। তেওঁ অভিনেতা ৰাজ অৰ্জুনৰ কন্যা। ছয় বছৰ বয়সৰ পূৰ্বেই তেওঁ ভালেসংখ্যক বিজ্ঞাপন আৰু এখন চুটি হিন্দী ছবিত অভিনয় কৰিছিল।
-
জয়ন্তী (অভিনেত্ৰী)
কমলা কুমাৰী (Kamala Kumari; ৬ জানুৱাৰী ১৯৪৫ – ২৬ জুলাই ২০২১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যাক মঞ্চনাম জয়ন্তী বুলি জনা যায়। তেওঁ মূলতঃ কানাড়ী আৰু তেলুগু চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। ১৯৬০, ১৯৭০ আৰু ১৯৮০ দশকৰ আগডোখৰলৈ চলচ্চিত্ৰত বিভিন্ন শৈলীত তেওঁৰ যোগদানৰ বাবে বিশেষভাবে খ্যাতি অৰ্জন কৰিছিল।
-
জয়াভাৰতী
জয়াভাৰতী (জন্ম:লেক্ষ্মী ভাৰতী; Jayabharathi; জন্ম: ২৮ জুন ১৯৫৪)) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু দুবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু জুৰীৰ বিশেষ উল্লেখ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক।
-
দিশা পাটানি
দিশা পাটানি(:Disha Patani, উচ্চাৰণ [ˈd̪ɪʃa paːʈəˈni]; জন্ম ১৩ জুন ১৯৯২ ) এগৰাকী ভাৰতীয় অভিনেত্ৰী,তেওঁ মূলতঃ হিন্দী ছবিত অভিনয় কৰি আহিছে। পাটানীয়ে তেলেগু ছবি লোফাৰ (২০১৫)ৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায়, আৰু হিন্দী চলচ্চিত্ৰত প্ৰথম মুক্তি পায় জীৱনীমূলক ছবি এম.এছ. ধোনী: অকথিত কাহিনী (২০১৬)ৰ জৰিয়তে।
-
দীপিকা চিখলিয়া
দীপিকা চিখলিয়া টোপীৱালা (Dipika Chikhlia Topiwala, জন্ম: ২৯ এপ্ৰিল ১৯৬৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণ (১৯৮৭) -ত সীতা দেৱীৰ চৰিত্ৰত আৰু ভাৰতীয় টেলিভিচন ধাৰাবাহিকত অভিনয় কৰাৰ বাবে অধিক জনা যায়।
-
দেৱিকা
দেৱিকা দেৱদোছ (জন্ম: প্ৰমীলা দেৱী; Devika Devadoss; ২৫ এপ্ৰিল ১৯৪৩ – ২ মে' ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, তেলুগুৰ উপৰিও কেইখনমান মালয়ালম, কানাড়া, আৰু হিন্দী ছবিত কাম কৰিছিল। তেওঁ ষাঠিৰ দশকৰ অন্যতম জনপ্ৰিয় মুখ্য অভিনেত্ৰী।
-
পাণ্ডাৰী বাই
পাণ্ডাৰী বাই ( Pandari Bai; ১৮ ছেপ্তেম্বৰ ১৯২৮- ২৯ জানুৱাৰী ২০০৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে ১৯৫০, ১৯৬০ আৰু ১৯৭০ৰ দশকত দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত, বিশেষকৈ কানাড়া ছবিত কাম কৰিছিল। তেওঁক কানাড়া চিনেমাৰ প্ৰথম সফল নায়িকা হিচাপে গণ্য কৰা হয়।
-
পূজা হেগড়ে
পূজা হেগড়ে (জন্ম ১৩ অক্টোবৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত তেলুগু, হিন্দী আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ অন্যতম।
-
প্ৰণিতা সুভাষ
প্ৰণিতা সুভাষ (ইংৰাজী: Pranitha Subhash; জন্ম: ১৭ অক্টোবৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে কন্নড়, তেলুগু, তামিল, হিন্দী আৰু মালয়ালম ভাষাৰ ছবিত অভিনয় কৰে। ২০১০ চনৰ কানাড়া ছবি পুৰ্কীৰ জৰিয়তে তেওঁ অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল।
-
বাণীশ্ৰী
বাণীশ্ৰী (জন্ম:ৰত্না কুমাৰী; Vanisri ) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলেগু, তামিল আৰু কানাড়া ছবিৰ কামৰ বাবে পৰিচিত। ৪০ বছৰীয়া চলচ্চিত্ৰীয় জীৱনত তেওঁ তিনিটা ফিল্মফেয়াৰ বঁটা দক্ষিণ, নন্দী বঁটা আৰু তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।