মেঘা আকাশ (Megha Akash; জন্ম: ২৬ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তামিল ভাষা আৰু তেলুগু ভাষা চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ তেলুগু ভাষা চলচ্চিত্ৰ লাই (২০১৭) ৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। ২০১৯ চনত তেওঁ পেট্টা চলচ্চিত্ৰৰ জৰিয়তে তামিল ভাষা আৰু ছেটেলাইট শংকৰ চলচ্চিত্ৰৰ জৰিয়তে হিন্দী ছবি জগতত পদাৰ্পণ কৰে। তেওঁ লগতে ৰাজা ৰাজা চোৰা (২০২১) আৰু প্ৰেমদেশম (২০২৩) ছবিতো অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
মেঘাৰ জন্ম হৈছিল ১৯৯৫ চনৰ ২৬ অক্টোবৰত,১ চেন্নাইত (বৰ্তমান চেন্নাই), তামিলনাডুত।২ তেওঁৰ দেউতাক এজন তেলুগু ভাষা আৰু মাতৃ এগৰাকী মালয়ালম ভাষা বংশোদ্ভৱ।৩৪ তেওঁৰ পিতৃ-মাতৃ দুয়ো বিজ্ঞাপনৰ ক্ষেত্ৰখনৰ সৈতে জড়িত।৪ তেওঁ চেন্নাইৰ লেডী এণ্ডাল স্কুলত অধ্যয়ন কৰিছিল আৰু চেন্নাইৰ উইমেনছ খ্ৰীষ্টিয়ান কলেজৰপৰা ভিজুৱেল কমিউনিকেশ্যনত বি.এছ চি ডিগ্ৰী লাভ কৰিছিল।৫
কৰ্মজীৱন
মেঘাই নীতিনৰ বিপৰীতে তেলেগু চলচ্চিত্ৰ লাই-ৰ জৰিয়তে অভিনয় জগতত পদাৰ্পণ কৰিছিল।৬ ছিফি-ৰ এজন সমালোচকে উল্লেখ কৰিছিল যে, "মেঘা আকাশৰ অভিনয় ঠিক-ঠাক আছিল যদিও তেওঁৰ চৰিত্ৰটো দুৰ্বলকৈ লিখা হৈছিল।" ৭ এই ছবিখনে তেওঁক চাৰউথ ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল মুভি এৱাৰ্ডছৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ (তেলুগু ভাষা) মনোনয়ন লাভ কৰাত সহায় কৰিছিল।৮ পৰৱৰ্তী বছৰটোত তেওঁ পুনৰ নীতিনৰ সৈতে চাল মোহন ৰাঙ্গা ছবিত কাম কৰে। দুয়োখন ছবিয়ে বক্স অফিচত গড় ফলাফল দেখুৱাইছিল।৯১০
মেঘাই ২০১৯ চনত চনন্তৰ বিপৰীতে পেট্টা ছবিৰ জৰিয়তে তামিল চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে, যদিও তেওঁ ইয়াৰ আগতেই ধনুশৰ বিপৰীতে এনায় নোকি পায়ুম থোটা ছবিৰ দৃশ্যগ্ৰহণ কৰিছিল।১১১২ এনায় নোকি পায়ুম থোটা বক্স অফিচত গড় আছিল,১৩ কিন্তু পেট্টা তেওঁৰ প্ৰথম বাণিজ্যিক সফলতা হিচাপে পৰিগণিত হয় আৰু ই সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী তামিল চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম।১৪ ২০১৯ চনত তেওঁৰ আন মুক্তিপ্ৰাপ্ত ছবিসমূহ আছিল চিলামবৰাচনৰ সৈতে ৱানথা ৰাজৱাথান ৱাৰুৱেন আৰু অথৰ্ভাৰ সৈতে বুমৰেং।১৫১৬ সেই বছৰতে সূৰজ পাঞ্চোলীৰ বিপৰীতে ছেটেলাইট শংকৰ-ৰ জৰিয়তে তেওঁ হিন্দী চলচ্চিত্ৰতো খোজ পেলায়।১৭ মনিকা ৰাৱাল কুক্ৰেজাই মন্তব্য কৰিছিল যে, "মেঘা মৰমলগা আৰু তেওঁলোকৰ অন-স্ক্ৰিন যুটিটোৱে ভাল ৰসায়ন প্ৰদৰ্শন কৰিছে।" ১৮
২০২০ চনত তেওঁৰ একমাত্ৰ মুক্তিপ্ৰাপ্ত ছবি আছিল কালিদাস জয়ৰামৰ বিপৰীতে অৰু পাক্কা কাথাই।১৯ ২০২১ চনত তেওঁৰ চাৰিখন ছবি মুক্তি পাইছিল: তামিল ছবি কুট্টি ষ্টৰী, হিন্দী ছবি ৰাধে আৰু শ্ৰী বিষ্ণুৰ বিপৰীতে তেলেগু ছবি ৰাজা ৰাজা চোৰা।২০
ব্যক্তিগত জীৱন
ছয়বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত,২১ ২০২৪ চনত ২২ আগষ্টত মেঘাই তেওঁৰ প্ৰেমিক চাই বিষ্ণুৰ সৈতে আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰে। চাই বিষ্ণু ভাৰত চৰকাৰৰ প্ৰাক্তন জাহাজ পৰিবহণ ৰাজ্যিক মন্ত্ৰী সু. থিৰুনাভুক্কাৰাচাৰৰ পুত্ৰ।২২ ২০২৪ চনৰ ১৫ ছেপ্টেম্বৰত চেন্নাইত এক পৰম্পৰাগত বিবাহ অনুষ্ঠানৰ জৰিয়তে এই দম্পতী বিবাহপাশত আবদ্ধ হয়।২৩
তথ্যসূত্ৰ
- ↑ (26 October 2019). Happy Birthday Megha Akash: Celebrate the actress' 24th Birthday with 10 of her best Instagram pics. The Times of India
- ↑ (9 August 2017). Lie Actress Megha Akash Exclusive Interview – Talking Movies With iDream #470
- ↑ (10 March 2023). 15 Tamil actors with Telugu ancestry/Ethnicity. The Times of India
- ↑ Chowdhary, Y. Sunita. (25 July 2017). Megha Akash: Sun shines on her. The Hindu
- ↑ Megha Akash. (6 March 2017). Megha Akash Retweeted Rakesh Yes. I'm from Lady Andal. Thank you. ☺
- ↑ (11 August 2017). Lie: Well conceived deceit. দ্য হিন্দু
- ↑ LIE review: A thriller that lacks pace. Sify
- ↑ (17 September 2018). SIIMA 2018: Baahubali multi-lingual film soars high in the Telugu category. The Free Press Journal
- ↑ Chowdhary, Y. Sunita. (4 April 2018). Film with fun quotient. The Hindu
- ↑ Jayakrishnan. (10 August 2017). LIE heroine, Megha Akash elated about her Tollywood debut. The Times of India
- ↑ Megha Akash Movies: Latest and Upcoming Films of Megha Akash. The Times of India
- ↑ Chowdhary, Y. Sunita. (25 July 2017). Megha Akash: Sun shines on her. The Hindu
- ↑ (29 November 2019). Enai Noki Paayum Thota Movie Review. India Today
- ↑ (2 February 2019). Rs 1000 crore! That's how much Rajinikanth's three films grossed at the box office in a span of 7 months. Times Now
- ↑ (23 November 2018). Teaser of Simbu film Vantha Rajavathan Varuven gets a release date. ইণ্ডিয়া টুডে
- ↑ Atharvaa: 'Boomerang' talks about inter-linking of rivers. Sify
- ↑ (8 November 2019). Satellite Shankar Box Office Collection. Bollywood Hungama
- ↑ Satellite Shankar movie review: Sooraj Pancholi starrer is four films rolled into one. Hindustan Times
- ↑ Rangan, Baradwaj. (25 December 2020). Oru Pakka Kathai on ZEE5: Kalidas Jayaram and Megha Akash In A Story About a Miracle That Has Its Moments. Film Companion
- ↑ Pecheti, Prakash. (19 August 2021). Sree Vishnu and Megha Akash ..
- ↑ Who is Tamil actress Megha Akash's fiancè Saai Vishnu?. The Economic Times
- ↑ (23 August 2024). Inside actor Megha Akash and Saai Vishnu's engagement ceremony. NDTV India
- ↑ (16 September 2024). Megha Akash marries long-time boyfriend Saai Vishnu. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেঘা আকাশ” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৮৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।