তেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰী
১১৬ প্ৰবন্ধ
-
শাৰ্লি সেতিয়া
শাৰ্লি সেতিয়া এগৰাকী নিউজিলেণ্ডৰ গায়িকা আৰু অভিনেত্ৰী, যিয়ে ভাৰতীয় চলচ্চিত্ৰ আৰু সংগীত উদ্যোগত কৰা কামৰ বাবে পৰিচিত। ভাৰতৰ প্ৰাক্তন কেন্দ্ৰশাসিত অঞ্চল দমন আৰু দিউৰ অন্তৰ্গত দমনত জন্মগ্ৰহণ কৰি তেওঁ পৰিয়ালসহ অক্লেণ্ডলৈ স্থানান্তৰিত হয়।
-
শীলা
শীলা চেলিন ( Sheela Celine; জন্ম: ২২ মাৰ্চ ১৯৪৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালক যাক মূলতঃ মালয়ালম চলচ্চিত্ৰত দেখা যায়। প্ৰেম নাজিৰৰ সৈতে যুটি বান্ধি, তেওঁলোকে নায়ক আৰু নায়িকাৰ ভূমিকাত সৰ্বাধিক সংখ্যক ছবিত (১৩০খন) অভিনয় কৰাৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছে।
-
শ্বানুৰ ছানা
শ্বানুৰ ছানা বেগম (ইংৰাজী: Shanoor Sana Begum), যাক এককভাৱে ছানা বুলি জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব আৰু প্ৰাক্তন মডেল যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত কাম কৰে। তেওঁ কেইখনমান কন্নড় আৰু তামিল ছবিতো অভিনয় কৰিছে।
-
শ্বাৰ্লিন চোপ্ৰা
শ্বাৰ্লিন চোপ্ৰা (ইংৰাজী: Sherlyn Chopra; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে হিন্দী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত কাম কৰাৰ বাবে পৰিচিত। ২০০৭ চনত ৰেড স্বস্তিক ছবিৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।
-
শ্ৰদ্ধা দাস
শ্ৰদ্ধা দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে প্ৰধানকৈ তেলেগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০০৮ চনত তেলেগু চলচ্চিত্ৰ সিদ্ধু ফ্ৰ'ম ছিকাকুলামৰ জৰিয়তে অভিনয় জীৱনৰ অভিষেক ঘটে। ইয়াৰ পিছৰ পৰাই তেওঁ ছটা ভিন্ন ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত কাম কৰিছে।
-
শ্ৰদ্ধা শ্ৰীনাথ
শ্ৰদ্ধা শ্ৰীনাথ (ইংৰাজী: Shraddha Srinath; জন্ম: ২৯ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল, কন্নড় আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ দুটাকৈ ফিল্মফেয়াৰ এৱাৰ্ড চাউথ আৰু এটা চিমা বঁটা লাভ কৰিছে।
-
শ্ৰীনিধি শেট্টী
শ্ৰীনিধি ৰমেশ শেট্টী (জন্ম: ২১ অক্টোবৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপ ধাৰণকাৰী, যিয়ে মূলতঃ কন্নড়, তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। ২০১৬ চনত তেওঁ মিছ চুপ্ৰানেচনেল প্ৰতিযোগিতাত জয়ী হয়, তেওঁ এই মুকুট লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।
-
সন্দলী সিংহ
সন্দলী সিংহ (ইংৰাজী: Sandali Sinha; জন্ম: ১১ জানুৱাৰী ১৯৭৩) এগৰাকী প্ৰাক্তন ভাৰতীয় বলীউড অভিনেত্ৰী আৰু মডেল। ২০০১ চনৰ ৰোমাণ্টিক ছবি তুম বিনত পিয়া চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। হিন্দীৰ উপৰিও তেওঁ তেলুগু চলচ্চিত্ৰ ওৰে পাণ্ডুত অভিনয় কৰিছে।
-
সপ্তমী গৌড়া
সপ্তমী গৌড়া (Sapthami Gowda; জন্ম: ৮ জুন ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰত কাম কৰে। ২০২০ চনত তেওঁ দুনিয়া সূৰীৰ পৰিচালনাত নিৰ্মিত পপকৰ্ণ মাংকি টাইগাৰ ছবিত অভিনয়েৰে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।
-
সিমৰত কৌৰ
সিমৰত কৌৰ ৰন্ধাৱা (Simrat Kaur Randhawa; জন্ম: ১৬ জুলাই ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০১৭ চনত, তেওঁ প্ৰেমথো মী কাৰ্তিক নামৰ তেলুগু ভাষাৰ ছবি এখনত অভিনয়েৰে ছবিজগতত প্ৰৱেশ কৰে।
-
সুনয়না (অভিনেত্ৰী)
সুনয়না য়েল্লা (Sunaina Yella; জন্ম: ১৭ এপ্ৰিল ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ পেছাগতভাৱে সুনয়না নামেৰে পৰিচিত। তেওঁ প্ৰধানকৈ তামিল আৰু তেলুগু ছবিত কাম কৰে। কুমাৰ বনাম কুমাৰী (২০০৫) ছবিৰে তেলেগু ভাষাত আৰু কাধলিল ভিজুণ্টেন (২০০৮) ছবিত অভিনয়েৰে তামিল ছবিজগতত অভিষেক ঘটায়।
-
সুমা ভট্টাচাৰ্য
সুমা ভট্টাচাৰ্য (ইংৰাজী: Suma Bhattacharya) এগৰাকী প্ৰতিষ্ঠিত ফিনটেক উদ্যমী, মডেল, নৃত্যশিল্পী আৰু প্ৰাক্তন চলচ্চিত্ৰ অভিনেত্ৰী। বৰ্তমান তেওঁ এগৰাকী সফল ব্যৱসায়ী হিচাপে পৰিচিত।
-
স্নেহা (অভিনেত্ৰী)
সুহাসিনী ৰাজাৰাম নাইডু (Suhasini Rajaram Naidu; জন্ম: ১২ অক্টোবৰ ১৯৮১), এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ পেছাগতভাৱে স্নেহা নামেৰে পৰিচিত। তেওঁ প্ৰধানকৈ তামিল, তেলুগু আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে, মুখ্য আৰু সহযোগী চৰিত্ৰ দুয়োটাতে।
-
স্নেহা উল্লাল
স্নেহা উল্লাল (জন্ম: ১৮ ডিচেম্বৰ, ১৯৮৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, যিয়ে প্ৰধানকৈ তেলুগু আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ বিশেষকৈ তেলুগু চলচ্চিত্ৰ Ullasamga Utsahamga, Simha আৰু হিন্দী চলচ্চিত্ৰ Lucky: No Time for Love-ত তেওঁৰ অভিনয়ৰ বাবে জনাজাত।
-
স্বাতী সেন
স্বাতী সেন (ইংৰাজী: Swati Sen) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁৰ জন্ম মহাৰাষ্ট্ৰৰ নাগপুৰত হৈছিল। তেওঁ মূলতঃ উদেধ বুন নামৰ ছবিখনৰ চৰিত্ৰৰ বাবে পৰিচিত, যিখন ছবিয়ে ২০০৮ চনৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ ৰূপালী ভালুক (চিলভাৰ বিয়েৰ) লাভ কৰিছিল।
-
স্বাতী ৰেড্ডী
স্বাতী ৰেড্ডী (ইংৰাজী: Swathi Reddy; জন্ম: ১৯ এপ্ৰিল ১৯৮৭) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকা, যিয়ে প্ৰধানকৈ তেলুগু ছবিৰ লগতে তামিল আৰু মালয়ালম ছবিত কাম কৰিছিল। তেওঁ ২৯খনতকৈও অধিক ছবিত অভিনয় কৰিছে।
-
হিমাংশী খুৰানা
হিমাংশী খুৰানা (ইংৰাজী: Himanshi Khurana; জন্ম: ২৭ নৱেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী আৰু গায়িকা, যিয়ে মূলতঃ পঞ্জাবী চলচ্চিত্ৰত কাম কৰে। তেওঁ পঞ্জাবী ছবি সাড্ডা হকত অভিনয় কৰিছিল। ২০১৯ চনত তেওঁ বাস্তৱধৰ্মী অনুষ্ঠান বিগ বছ ১৩ত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।
-
হেবা পটেল
হেবা পটেল (Hebah Patel; জন্ম: ৬ জানুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। মডেল হিচাপে কাম কৰাৰ পাছত পটলে ২০১৪ চনত কন্নড় চলচ্চিত্ৰ অধ্যক্ষৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু একে বছৰতে থিৰুমনম এনাম নিক্কাহৰ জৰিয়তে তামিল চলচ্চিত্ৰ জগতত খোজ পেলায়।
-
হৰিপ্ৰিয়া
শ্ৰুতি চন্দ্ৰসেনা (ইংৰাজী: Shruthi Chandrasena; জন্ম: ২৯ অক্টোবৰ ১৯৯১, পেছাগতভাৱে হৰিপ্ৰিয়া নামেৰে পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ কন্নড় ছবিত অভিনয় কৰে আৰু তেলুগু, তামিল, আৰু মালয়ালম ছবিতো অভিনয় কৰিছে।
-
হৰ্ষিকা পুনাচা
হৰ্ষিকা পুনাচা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ কন্নড় চলচ্চিত্ৰত কাম কৰে। ২০০৮ চনৰ কন্নড় চলচ্চিত্ৰ পিইউচিৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা লাভ কৰে।
-
ৰম্ভা (অভিনেত্ৰী)
য়েদী বিজয়লক্ষ্মী (জন্ম: ৫ জুন ১৯৭৬), পেচাগতভাৱে ৰম্ভা (ইংৰাজী: Rambha) নামেৰে পৰিচিত এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী। তেওঁ ১৯৯০ৰ দশক আৰু ২০০০ৰ দশকৰ আৰম্ভণিত ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম প্ৰধান অভিনেত্ৰী আছিল।
-
ৰম্যা নাম্বীচান
ৰম্যা নাম্বীচান (ইংৰাজী: Remya Nambessan) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম আৰু তামিল চলচ্চিত্ৰত কাম কৰে। তেওঁ ৭১খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।
-
ৰিচা গংগোপাধ্যায়
ৰিচা লাংগেলা (পূৰ্বৰ নাম অন্তৰা গংগোপাধ্যায়; জন্ম: ২০ মাৰ্চ ১৯৮৬) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ বৰ্তমান অৰিগনৰ পৰ্টলেণ্ডত বাস কৰে।
-
ৰিতু বাৰ্মা
ৰিতু বাৰ্মা (ইংৰাজী: Ritu Varma; জন্ম: ১০ মাৰ্চ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলুগু আৰু তামিল চলচ্চিত্ৰত কাম কৰে। চুটি ছবি আৰু সহযোগী চৰিত্ৰত অভিনয় কৰাৰ পাছত, বাৰ্মাই তেলুগু ছবি পেল্লি ছুপুলুত (২০১৬) মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
-
ৰীমা সেন
ৰীমা সেন (ইংৰাজী: Reema Sen; জন্ম: ২৯ অক্টোবৰ ১৯৮১) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল, তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
ৰুক্সাৰ ঢিল্লোন
ৰুক্সাৰ ঢিল্লোন (জন্ম: ১২ অক্টোবৰ ১৯৯৩) এজন ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ লণ্ডনত জন্মগ্ৰহণ কৰে আৰু ভাৰতত ডাঙৰ হয়। ২০১৬ চনত কন্নড় চলচ্চিত্ৰ ৰান এণ্টনিৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভ কৰে।