অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নন্দিনী ৰায়

নীলম গৌহৰাণী, যাক পেছাদাৰীভাৱে নন্দিনী ৰায় বুলি জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু ছবিত কাম কৰে। তেওঁ ২০১০ চনৰ মিছ অন্ধ্ৰপ্ৰদেশ খিতাপ বিজয়ী। মডেলিং কৰাৰ পিছত তেওঁ অভিনয় জীৱন আৰম্ভ কৰে।

হালনাগাদ: ১ এপ্ৰিল ২০২৬ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

নীলম গৌহৰাণী, যাক পেছাদাৰীভাৱে নন্দিনী ৰায় বুলি জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু ভাষা ছবিত কাম কৰে।১ তেওঁ ২০১০ চনৰ মিছ অন্ধ্ৰপ্ৰদেশ খিতাপ বিজয়ী।২ মডেলিং কৰাৰ পিছত তেওঁ অভিনয় জীৱন আৰম্ভ কৰে।

জীৱনী

নন্দিনী এটা সিন্ধী পৰিয়ালৰ সন্তান। তেওঁ ২০০৫ চনত হায়দৰাবাদৰ ছেইণ্ট এলবানছ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। তেওঁ লণ্ডনত উচ্চ শিক্ষা সমাপ্ত কৰিছে। তেওঁ ৮০তকৈও অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ বাবে মডেলিং কৰিছে।৩ তেওঁৰ লণ্ডনৰ পৰা ফাইনেন্স বিষয়ত এমবিএ ডিগ্ৰী আছে। মডেলিং কৰি থকাৰ সময়তে তেওঁ কেইবাটাও সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছে, যাৰ ভিতৰত তেওঁক ২০০৮ চনৰ মিছ হায়দৰাবাদ, ২০১০ চনৰ মিছ অন্ধ্ৰপ্ৰদেশ, ২০০৯ চনৰ মিছ পেণ্টালুনছ ফ্ৰেছ ফেচ অৱ এপি আৰু ২০১০ চনৰ মিছ বিউটিফুল আইজ অৱ এপি হিচাপে মনোনীত কৰা হৈছিল।৩

তেওঁ হিন্দী ছবি ফেমিলী পেক আৰু তেলুগু ছবি মায়াত অভিনয় কৰিছে। ইয়াৰ উপৰিও আন এখন তেলুগু ছবি মোচাগাল্লাকু মোচাগাডুত অভিনয় কৰিছে।৩ ২০১২ চনত তেওঁক বলীউডৰ ছবি লগ ইনতো দেখা গৈছিল। তেওঁ এ ছাজিদৰ ছবি গুডবাই ডিচেম্বৰৰ জৰিয়তে মালয়ালম চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। এই "মিউজিকেল লাভ ষ্টৰী"ত তেওঁ এগৰাকী যুৱতী তথা দুষ্ট শিক্ষয়িত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে।৩ ২০১৪ চনত তেওঁৰ প্ৰথমখন কন্নড় ছবি খুছি খুছিয়াগীৰ বাবে চুক্তিবদ্ধ হয়,৪ য’ত তেওঁ এগৰাকী ফেশ্বন ডিজাইনাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।৫ তেওঁ নিজৰ প্ৰথমখন তামিল ছবি গ্ৰহণম নামৰ ৰোমান্টিক থ্ৰিলাৰখনত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে। তেওঁ আন এখন তেলুগু ছবি সুদিগাডু ২ৰ বাবেও চুক্তিবদ্ধ হৈছে, য’ত তেওঁ এজনী গাঁৱলীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছে।৬ তেওঁ অভিনেতা নানিৰ দ্বাৰা পৰিচালিত ৰিয়েলিটি শ্ব' বিগ বছ তেলুগু ২ৰ অন্যতম প্ৰতিযোগী আছিল।২

তথ্যসূত্ৰ

  1. ↑ Pecheti, Prakash. (21 May 2021). Nandini Rai prefers intense roles. Telangana Today
  2. ↑ (18 June 2018). Who is Bigg Boss 2 Contestant Nandini Rai?
  3. ↑ Anasuya Menon. (25 February 2012). Hello Mollywood!. The Hindu
  4. ↑ (11 April 2014). It's final, Ganesh's next is Kushi Kushiyalli. The Times of India
  5. ↑ (3 April 2014). Nandini Rai comes between Ganesh and Amoolya. The Times of India
  6. ↑ Nandini Rai to debut in Tamil. The Times of India

সম্পৰ্কিত শ্ৰেণী

তেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিনী ৰায়” প্ৰবন্ধৰ সংশোধন ৫৯৯২৭৮ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।