নিভেথা পেথুৰাজ (ইংৰাজী ভাষা:Nivetha Pethuraj; জন্ম: ৩০ নৱেম্বৰ)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল ভাষা আৰু তেলুগু ভাষা চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১৬ চনত তামিল ভাষা চলচ্চিত্ৰ অৰু নাল কুথুৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ ২০১৭ চনত মেণ্টেল মাধিলো ছবিৰ জৰিয়তে তেলেগু চলচ্চিত্ৰত পদাৰ্পণ কৰে।২৩৪ তেওঁৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত আছে চিত্ৰলাহৰী (২০১৯), পাগল (২০২০), দাস কা ধামকী (২০২৩) আৰু অপৰাধমূলক থ্ৰিলাৰ টেলিভিছন ধাৰাবাহিক পৰুৱু।
প্ৰাৰম্ভিক জীৱন
নিভেথাৰ জন্ম হৈছিল ১৯৯০ চনৰ ৩০ নৱেম্বৰত৫৬ তামিলনাডুৰ মাদুৰাইৰ এটা তামিল ভাষা পৰিয়ালত।৭৮ তেওঁৰ জন্মৰ পাছত তেওঁলোকৰ পৰিয়ালটো কভিলপট্টীলৈ স্থানান্তৰিত হয় আৰু তাতেই তেওঁ প্ৰাথমিক স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে।৯ ১১ বছৰ বয়সত তেওঁ পিতৃ-মাতৃৰ সৈতে ডুবাই লৈ যায় আৰু ক্ৰেচেণ্ট ইংলিছ হাইস্কুলত অধ্যয়ন কৰে। তেওঁ প্ৰায় ১০ বছৰ ডুবাইত বাস কৰিছিল। তেওঁ এডিনবাৰ্গৰ হেৰিয়ট-ৱাট বিশ্ববিদ্যালয়ৰপৰা মেনেজমেণ্টৰ ডিগ্ৰী লাভ কৰে।৯১০
২০১৫ চনত নিভেথাই 'মিছ ইণ্ডিয়া ইউ.এ.ই' খিতাপ অৰ্জন কৰে আৰু 'মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইড ২০১৫'ত অংশগ্ৰহণ কৰে, য'ত তেওঁ চূড়ান্ত প্ৰতিযোগী হিচাপে নিৰ্বাচিত হৈ শীৰ্ষ ৫ গৰাকীৰ ভিতৰত স্থান লাভ কৰে।১১১২
কেৰিয়াৰ
অভিনয় জগতত পদাৰ্পণ আৰু প্ৰাৰম্ভিক কাম (২০১৬–২০২০)
নিভেথাই ২০১৬ চনত তামিল চলচ্চিত্ৰ অৰু নাল কুথুৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে, য’ত তেওঁ দিনেশৰ বিপৰীতে এগৰাকী আই.টি. পেছাদাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।১৩ হিন্দুস্তান টাইমছে তেওঁৰ অভিনয়ক "আকৰ্ষণীয়" বুলি অভিহিত কৰিছিল,১৪ আনহাতে টাইমছ অৱ ইণ্ডিয়াই উল্লেখ কৰিছিল যে, "নিভেথাই নিজৰ প্ৰথমখন ছবিত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।" ১৫
২০১৭ চনত তেওঁ দুখন ছবিত অভিনয় কৰে। প্ৰথমে তেওঁ উদয়নিধি ষ্টালিনৰ বিপৰীতে পোথুৱাগা এম্মানছু থাংগামত অভিনয় কৰে।১৬ ডেক্কান ক্ৰনিকলে মন্তব্য কৰিছিল যে, "নিভেথা পেথুৰাজক দেখিবলৈ ভাল লাগিছে, কিন্তু এটা দুৰ্বল চৰিত্ৰৰ বাবে তেওঁ বিশেষ প্ৰভাৱ পেলাব পৰা নাই।" ১৭ ইয়াৰ পিছত তেওঁ শ্ৰী বিষ্ণুৰ বিপৰীতে মেণ্টেল মাধিলোৰ জৰিয়তে তেলেগু চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে, যিখন এখন সফল ছবি আছিল।১৮ ফাৰ্ষ্টপোষ্টে লিখিছিল, "এগৰাকী দূৰদৰ্শী অভিনেত্ৰী নিভেথা পেথুৰাজে বছৰটোৰ অন্যতম শ্ৰেষ্ঠ অভিনয় আগবঢ়াইছে।" ১৯
২০১৮ চনত নিভেথাৰ দুখন ছবি মুক্তি পায়। তেওঁ প্ৰথমে জয়ম ৰবিৰ সৈতে টিক টিক টিক ছবিত এগৰাকী সেনা বিষয়াৰ চৰিত্ৰত অভিনয় কৰে, যিখন ব্যাৱসায়িকভাৱে সফল হৈছিল।২০২১ হিন্দুস্তান টাইমছে কৈছিল, "কেপ্তেইন স্বাতীৰ চৰিত্ৰত নিভেথা পেথুৰাজ ছবিখনৰ এটা ইতিবাচক দিশ।" ২২ ইয়াৰ পিছত তেওঁ বিজয় এণ্টনীৰ বিপৰীতে থিমীৰু পুডিচাৱনত এগৰাকী চাব-ইন্সপেক্টৰ হিচাপে অভিনয় কৰে।২৩ চিনেমা এক্সপ্ৰেছে কৈছিল, "নিভেথা পেথুৰাজে মাদ্ৰাজৰ কথিত ভাষা আৰু কমেডী সুন্দৰকৈ চম্ভালিছে।" ২৪ অৱশ্যে তেওঁৰ পৰৱৰ্তী ছবি পাৰ্টীৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতো এতিয়ালৈকে মুক্তি পোৱা নাই।২৫
২০১৯ চনত নিভেথাৰ তিনিখন ছবি মুক্তি পায়। তেওঁ সাই ধৰম তেজৰ সৈতে চিত্ৰলাহৰীত এগৰাকী কৰ্পোৰেট কাৰ্যবাহীৰ চৰিত্ৰত অভিনয় কৰে, যিখন ব্যাৱসায়িকভাৱে সফল হয়।২৬ ডেক্কান ক্ৰনিকলে কৈছিল যে তেওঁ ছবিখনত ভাল অভিনয় কৰিছে।২৭ টাইমছ অৱ ইণ্ডিয়াই জনাইছিল যে নিভেথাই নিজৰ চৰিত্ৰটো নিখুঁতভাৱে ৰূপায়ণ কৰিছে।২৮ ইয়াৰ উপৰি নিভেথা বিজয় সেতুপতিৰ অভিনীত তামিল চলচ্চিত্ৰ সংগাতামিলানৰ অংশ আছিল।
ধাৰাবাহিক কৰ্মজীৱন (২০২০–বৰ্তমান)
২০২০ চনত নিভেথাই তেলেগু চলচ্চিত্ৰ আলা বৈকুণ্ঠপুৰম্মুলোৰ অংশ আছিল।২৯ ২০২১ চনত তেওঁ কিশোৰ তিৰুমালাৰদ্বাৰা পৰিচালিত আন এখন তেলেগু ছবি ৰেড-ত ৰাম পুথিনেনী, মালবিকা শৰ্মা আৰু অমৃতা আয়াৰৰ সৈতে অভিনয় কৰে।৩০ তেওঁ বিশ্বক সেনৰ সৈতেও আন এখন তেলেগু ছবিত অভিনয় কৰিছিল। সেই বছৰৰে পিছৰফালে তেওঁ প্ৰভু দেৱাৰ বিপৰীতে পন মাণিক্যভেল নামৰ এখন তামিল ছবিত অভিনয় কৰে। দ্য হিন্দুৰ প্ৰদীপ কুমাৰে উল্লেখ কৰিছিল যে, "নিভেথা পেথুৰাজে 'তামিল পন্নু' (তামিল ছোৱালী) চৰিত্ৰটোত সম্পূৰ্ণৰূপে খাপ খাই পৰিছে।" ৩১
২০২২ চনত নিভেথাৰ ধাৰাবাহিকভাৱে কেইবাখনো তেলেগু ছবি মুক্তি পায়, যাৰ ভিতৰত আছিল মুখ্য চৰিত্ৰত অভিনয় কৰা ব্লাডী মেৰী আৰু এক বিশেষ চৰিত্ৰত অভিনয় কৰা বিৰাট পৰ্বম। ২০২৩ চনত তেওঁৰ ডাঙৰ মুক্তি আছিল দাস কা ধামকী, য’ত তেওঁ পাগলৰ পিছত দ্বিতীয়বাৰৰ বাবে বিশ্বক সেনৰ সৈতে কাম কৰিছিল।৩২ ইয়াৰ পিছত তেওঁ অপৰাধমূলক থ্ৰিলাৰ টেলিভিছন ধাৰাবাহিক পৰুৱু-ত অভিনয় কৰে, যিখন ২০২৪ চনৰ জুন মাহত জি-ফাইভত মুক্তি লাভ কৰে। তেওঁৰ অভিনয় সমালোচকসকলৰদ্বাৰা প্ৰশংসিত হৈছিল।৩৩
তথ্যসূত্ৰ
- ↑ Happy Birthday Nivetha Pethuraj: South Actress Ups the Glam Quotient with her Alluring Pictures. News18
- ↑ (29 November 2020). Nivetha Pethuraj's fan tattooes (sic) her name on his hand. The Times of India
- ↑ (11 November 2022). Actress Nivetha Pethuraj Looks Nothing Short of Goddess In Latest Photoshoot. News18 India
- ↑ I will be seen as an upright cop in Red, says Actor Nivetha Pethuraj. The New Indian Express
- ↑ Happy Birthday, Nivetha Pethuraj! 7 photos of the Sangathamizhan actress that will leave you in awe. Zoom TV
- ↑ Happy Birthday, Nivetha Pethuraj: బ్యూటీఫుల్ నివేథా పేతురాజ్ లేటెస్ట్ ఫోటోస్.. News18 Telugu
- ↑ (14 January 2021). Nivetha Pethuraj Sankranti Special Interview. Sakshi TV
- ↑ (9 June 2016). I would love to work with Mani Ratnam. Deccan Chronicle
- ↑ Exclusive Interview with Nivetha Pethuraj. Sun Music
- ↑ Records of Heriot-Watt College. NAHSTE
- ↑ India UAE Nivetha Pethuraj Beauty call with Miss India UAE Nivetha Pethuraj. City Times
- ↑ (14 April 2015). Dubai's Nivetha Pethuraj to Represent UAE in Miss India Worldwide. Emirates Woman
- ↑ Miss India UAE girl for 'Attakathi' Dinesh. Sify
- ↑ (10 June 2016). Oru Naal Koothu Movie Review: A refreshing change from blood 'n sickle dance. Hindustan Times
- ↑ Oru Naal Koothu Movie Review: A feel good film but the filmi touches doesn't work. Times of India
- ↑ James, Merin. Nivetha Pethuraj pairs up with Udhayanidhi Stalin. Deccan Chronicle
- ↑ Subramanian, Anupama. PET movie review: Enjoyable, but only in parts. Deccan Chronicle
- ↑ How Is Mental Madhilo A Profitable Venture?. gulte.com
- ↑ (23 November 2017). Mental Madhilo movie review: Love trumps confusion in Vivek Athreya's sparkling debut. Firstpost
- ↑ Tik Tik Tik trailer: Jayam Ravi, Nivetha Pethuraj in Kollywood's version of Armageddon. Firstpost
- ↑ (18 July 2017). Sun TV snaps space thriller, 'Tik Tik Tik'. Sify
- ↑ (22 June 2018). Tik Tik Tik Movie Review: Jayam Ravi film is a race against common sense. Hindustan Times
- ↑ (8 October 2018). Its Vijay vs Vijay on Diwali: 'Sarkar' gets a competitor in 'Thimiru Pudichavan'. The New Indian Express
- ↑ (8 October 2018). Thimiru Pudichavan Movie Review: An exasperating cop film. Cinema Express
- ↑ (2017-06-24). Venkat Prabhu's next film to have a stellar cast. Here are all the deets. The Indian Express
- ↑ Dundoo, Sangeetha Devi. (2019-04-09). Design principles. The Hindu
- ↑ Kavirayani, Suresh. (2019-04-14). Chitralahari movie review: 'Chitralahari' is about a failure person's success story!. Deccan Chronicle
- ↑ Chitralahari Movie Review: Sai Dharam Tej, Kalyani Priyadarshan and Nivetha Pethuraj save the day. The Times of India
- ↑ (2020-01-12). Ala Vaikunthapurramuloo movie release: Highlights. The Indian Express
- ↑ (12 January 2021). Kishore-tirumala-at-the-pre-release-event-of-red/articleshow/80237198.cms Spotted: Ram Pothineni, Nivetha Pethuraj, Malvika Sharma, Amritha Aiyer, and Kishore Tirumala at the pre-release event of RED. The Times of India
- ↑ Kumar, Pradeep. (6 April 2019). Nivetha Pethuraj: Anyone who thinks they're the next Nayanthara are fools. The Hindu
- ↑ Today, Telangana. (2023-04-12). Das Ka Dhamki releases in Hindi on April 14. Telangana Today
- ↑ Dundoo, Sangeetha Devi. (2024-06-14). ‘Paruvu’ web series review: This socio-political drama is a binge-worthy addition to the Telugu digital space. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিভেথা পেথুৰাজ” প্ৰবন্ধৰ সংশোধন ৬৩৭২৮৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।