তেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰী
১১৬ প্ৰবন্ধ
-
মধু
মধু শাহ (জন্ম মধুবালা ৰঘুনাথ মালিনী; ২৬ মাৰ্চ ১৯৬৯), পূৰ্বতে মধুবালা নামে জনাজাত, এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মুখ্যতঃ হিন্দী, তামিল, তেলুগু, মালয়ালম আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয়ৰ বাবে জনাজাত।
-
মমতা মোহনদাস
মমতা মোহনদাস (ইংৰাজী: Mamta Mohandas; জন্ম: ১৪ নৱেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু নেপথ্য গায়িকা। তেওঁ মূলতঃ মালয়ালম, তামিল আৰু তেলুগু চলচ্চিত্ৰত কাম কৰে। মমতাই এটা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু দুটাকৈ ফিল্মফেয়াৰ বঁটা (দক্ষিণ) আদিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
মীৰা জেচমিন
মীৰা জেচমিন যোছেফ ( Meera Jasmine), এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম, তামিল, তেলেগু আৰু কানাড়া ভাষাৰ ছবিত অভিনয় কৰে। পেছাগতভাৱে তেওঁ মীৰা জেচমিন নামেৰে পৰিছিত। ২০০১ চনত লোহিতাদাসৰ ছবি সূত্ৰধৰণৰ জৰিয়তে মীৰাই চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।
-
যমুনা (অভিনেত্ৰী)
যমুনা (জন্ম: নিপ্পানিচ Jamuna; ৩০ আগষ্ট ১৯৩৬ – ২৭ জানুৱাৰী ২০২৩) এগৰাকী অভিনেত্ৰী, পৰিচালক আৰু ৰাজনীতিক, যিয়ে মূলতঃ তেলুগু ছবিত কাম কৰিছিল। ১৬ বছৰ বয়সত ড° গৰিকাপতি ৰাজাৰাও পুটিল্লুত (১৯৫৩) অভিনয়ৰে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু এল ভি প্ৰসাদৰ মিছাম্মা (১৯৫৫) ছবিৰে তেওঁৰ সফলতা লাভ কৰে।
-
শোভনা
শোভনা চন্দ্ৰকুমাৰ পিল্লাই (Shobana Chandrakumar Pillai; জন্ম: ২১ মাৰ্চ ১৯৭০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভাৰতনাট্যম শিল্পী। তেওঁ প্ৰধানকৈ মালয়ালম ছবিৰ লগতে তেলুগু আৰু তামিল ছবিত অভিনয় কৰিছে। তাৰোপৰি কেইখনমান হিন্দী, কানাড়া আৰু ইংৰাজী ছবিতো অভিনয় কৰিছে।
-
শ্ৰীলীলা
শ্ৰীলীলা (জন্ম: ১৪ জুন, ২০০১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত কাম কৰে। তেওঁ শিশু শিল্পী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ২০১৯ চনৰ ছবি কিছৰ জৰিয়তে মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল।
-
সংযুক্তা (অভিনেত্ৰী)
সংযুক্তা (Samyuktha; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯৫; পূৰ্বতে সংযুক্তা মেনন) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ মালয়ালম আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কেৰালা ফিল্ম ক্ৰিটিকছ এছ’চিয়েচন বঁটা আৰু সন্তোষম ফিল্ম বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
সায়ালি ভগত
সায়ালি ভগত ( Sayali Bhagat) এগৰাকী ভাৰতীয় অভিনেত্ৰী তথা সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ২০০৪ চনত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড খিতাপ লাভ কৰাৰ লগতে মিছ ৱৰ্ল্ডত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
ৰাজশ্ৰী
ৰাজশ্ৰী থোটা পঞ্চজন্যম (জন্ম: কুসুম কুমাৰী; Rajasree) ১৯৫৬ চনৰ পৰা ১৯৭৯ চনলৈকে সক্ৰিয় এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি ৰাজশ্ৰী নামেৰেও খ্যাত। তেওঁক এন টি ৰামাৰাও আৰু টেদাপল্লী লক্ষীকান্ত ৰামাৰাওৰ বিপৰীতে বহু কেইখন লোকগাথা আধাৰিত তেলুগু ছবিত ৰাজকুমাৰীৰ চৰিত্ৰ আৰু লগতে ৰবিচন্দ্ৰনৰ বিপৰীতে তামিল কমেডী…
-
ৰুক্মিণী বসন্ত
ৰুক্মিণী বসন্ত (Rukmini Vasanth; জন্ম: ১০ ডিচেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ কন্নড় চলচ্চিত্ৰত কাম কৰে। বীৰবল ট্ৰাইলজী কেছ ১: ফাইণ্ডিং বজ্ৰমুনি (২০১৯) নামৰ ছবিখনত অভিনয়েৰে তেওঁ চলচ্চিত্ৰত অভিষেক ঘটায়।
-
অঞ্জলি লাৱনিয়া
অঞ্জলি লাৱনিয়া (ইংৰাজী: Anjali Lavania) এগৰাকী ভাৰতীয় মডেল, এগৰাকী হলিষ্টিক লাইফ-কোচ আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ পৱন কল্যাণ অভিনীত ২০১১ চনৰ তেলুগু চলচ্চিত্ৰ পাঞ্জাৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।
-
অদিতি শৰ্মা
অদিতি দেৱ শৰ্মা (জন্ম: ২৪ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী, তেলুগু আৰু পঞ্জাবী চলচ্চিত্ৰ, টেলিভিছন ধাৰাবাহিক আৰু বিজ্ঞাপনত অভিনয় কৰাৰ বাবে পৰিচিত।
-
অনন্যা নাগাল্লা
অনন্যা নাগাল্লা (Ananya Nagalla) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ মাল্লেশম (২০১৯) ছবিৰ জৰিয়তে অভিনয় জগতত পদাৰ্পণ কৰিছিল আৰু ইয়াৰ পিছত প্লে বেক (২০২১) আৰু ৱাকিল চাব (২০২১) আদি ছবিত অভিনয় কৰিছে।
-
অনাৰা গুপ্তা
অনাৰা গুপ্তা (ইংৰাজী: Anara Gupta; জন্ম: ২৯ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় মডেল যিয়ে ২০০১ চনত 'মিছ জম্মু' সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছিল। এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সংবাদ মাধ্যমৰ ব্যক্তিত্ব হিচাপে তেওঁ মূলতঃ ভোজপুৰী চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত।
-
অনু ইমানুৱেল
অনু ইমানুৱেল (ইংৰাজী: Anu Emmanuel; জন্ম: ২৮ মাৰ্চ ১৯৯৭) এগৰাকী আমেৰিকান মূলৰ ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰৰ লগতে তামিল আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। ইমানুৱেল এগৰাকী প্ৰযোজক গিল্ড ফিল্ম বঁটা বিজয়ী।
-
অভিলাষা (অভিনেত্ৰী)
অভিলাষা কৰ্ণাটকৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি আশীৰ দশকৰ শেষৰফালে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত, বিশেষকৈ মালয়ালম চলচ্চিত্ৰত সক্ৰিয় হৈ আছিল। কামোদ্দীপক চৰিত্ৰৰ বাবে পৰিচিত অভিলাষা সেই সময়ৰ মালয়ালম চফ্টকোৰ চলচ্চিত্ৰৰ মূল অভিনেত্ৰী আছিল।
-
অমৃতা আইয়াৰ
অমৃতা আইয়াৰ (জন্ম: ১৪ মে' ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ প্ৰথম মুখ্য ভূমিকাৰ চলচ্চিত্ৰ আছিল তামিল ছবি পদাইভীৰণ (২০১৮)। তাৰ পাছত তেওঁ বিগিল (২০১৯), লিফ্ট (২০২১) আদি তামিল আৰু ৰেড (২০২১), হনু মান (২০২৪) আদি তেলুগু চলচ্চিত্ৰত অভিনয় কৰিছে।
-
অৱন্তিকা বন্দনাপু
অৱন্তিকা বন্দনাপু (ইংৰাজী: Avantika Vandanapu; জন্ম: ২৫ জানুৱাৰী, ২০০৫), যাক এককভাৱে অৱন্তিকা বুলিও জনা যায়, এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ২০১৬ চনৰ তেলুগু ছবি ব্ৰহ্মোৎসৱমৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেলুগু চিনেমাৰ কেইবাটাও প্ৰকল্পত কাম কৰিছিল।
-
আনন্দী
আনন্দী (জন্ম: ৰক্ষিতা; ৯ ডিচেম্বৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। ২০১২ চনত তেলুগু ছবি বাছ ষ্টপৰ জৰিয়তে আত্মপ্ৰকাশ কৰাৰ পাছত তেওঁ ভেট্ৰিমাৰানৰ তামিল নিৰ্মাণ পুৰীয়ালান (২০১৪)-ত অভিনয় কৰে।
-
আমানি
আমানি (জন্ম ১৬ নৱেম্বৰ ১৯৭২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মুখ্যতঃ তেলুগু চলচ্চিত্ৰত অভিনয় কৰে আৰু ইয়াৰ উপৰি কিছু তামিল আৰু কন্নড় চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ তেলুগু চলচ্চিত্ৰ জাম্বা লাকিডি পাম্বা (১৯৯২)-ত মুখ্য চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰজীৱনৰ আৰম্ভণি কৰে। চলচ্চিত্ৰখন পৰিচালনা কৰিছিল ই. ভি.
-
আশা ভাট
আশা ভাট (জন্ম ৫ ছেপ্তেম্বৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল আৰু মিচ চুপ্ৰানেচনেল ২০১৪ প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ এই খিতাপ লাভ কৰা প্ৰথম ভাৰতীয়। ভাটে ২০১৯ চনৰ হিন্দী চলচ্চিত্ৰ জংঘলিৰ জৰিয়তে অভিনেতা ৰূপে অভিষেক কৰে।
-
ইশা তলৱাৰ
ইশা তলৱাৰ (জন্ম: ২২ ডিচেম্বৰ ১৯৮৭) এজনী ভাৰতীয় অভিনেত্ৰী যিয়ে মুখ্যতঃ মালয়ালম আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে। তলৱাৰে মডেল হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ২০১২ চনত মালয়ালম চলচ্চিত্ৰ থাট্টাথিন মৰায়াথুৰ জৰিয়তে চলচ্চিত্ৰ জগতত অভিষেক কৰে।
-
এচ বৰলক্ষ্মী
চৰিদে বৰলক্ষ্মী (Saridey Varalakshmi; ১৩ আগষ্ট ১৯২৫ – ২২ ছেপ্টেম্বৰ ২০০৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী, যিয়ে তেলেগু আৰু তামিল ভাষাৰ ছবিত কাম কৰিছিল।
-
এম ভি ৰাজাম্মা
এম ভি ৰাজাম্মা (M. V. Rajamma; ১০ মাৰ্চ ১৯১৮ – ২৩ এপ্ৰিল ১৯৯৯) ১৯৩০ৰ দশকৰ পৰা ১৯৭০ৰ দশকলৈ বেছিভাগ তামিল, কানাড়ী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু নেপথ্য কণ্ঠশিল্পী।
-
এমি জেকচন
এমি লুইজ জেকচন ৱেষ্টউইক (নিয়ে জেকচন; জন্ম ৩১ জানুৱাৰী ১৯৯২) ভাৰতীয় চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত এগৰাকী বৃটিছ অভিনেত্ৰী আৰু মডেল। তেওঁ প্ৰধানকৈ তামিল ছবিৰ উপৰি কিছুমান হিন্দী, তেলুগু, কন্নড় আৰু ইংৰাজী ছবিত কাম কৰে।
-
ঐশ্বৰিয়া ভাস্কৰণ
ঐশ্বৰিয়া ভাস্কৰণ (Aishwariyaa Bhaskaran, প্ৰকৃত নাম: শান্তা মীনা) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল, মালয়ালম, কন্নড়, তেলুগু আৰু হিন্দী চিনেমাৰ লগতে কেইবাখনো মালয়ালম আৰু তামিল টেলিভিছন ছ’প অপেৰাত অভিনয় কৰিছে। তেওঁ অভিনেত্ৰী লক্ষ্মী আৰু ভাস্কৰণৰ জ্যেষ্ঠ কন্যা।
-
কে আৰ বিজয়া
দেৱনায়কী ( K. R. Vijaya ) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, মালয়ালম, তেলেগু আৰু কানাড়া ছবিত অভিনয় কৰিছে। তেওঁ কে আৰ বিজয়া মঞ্চনাম অধিক পৰিচিত। ১৯৬৩ চনৰ পৰা আৰম্ভ কৰি ছয় দশকৰো অধিক সময় দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত তেওঁ অভিনয় কৰি আহিছে।
-
কৌশল্যা (অভিনেত্ৰী)
কবিতা শিৱশংকৰ (জন্ম: ৩০ ডিচেম্বৰ ১৯৭৯), যি সাধাৰণতে কৌশল্যা (তামিল, তেলুগু আৰু কন্নড় চলচ্চিত্ৰ জগতত) বা নন্দিনী (মালয়ালম চলচ্চিত্ৰ জগতত) নামেৰে জনাজাত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে মূলতঃ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰিছে।
-
কৰিশ্মা কোটক
কৰিশ্মা কোটক (ইংৰাজী: Karishma Kotak) এগৰাকী ইংৰাজ মডেল, অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকা।
-
গায়ত্ৰী ভাৰদ্বাজ
গায়ত্ৰী ভাৰদ্বাজ (ইংৰাজী: Gayatri Bhardwaj; জন্ম: ১৭ জুন ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী, যিয়ে মুখ্যত হিন্দী আৰু তেলুগু ছবিত কাম কৰে।