কৃশাঙ্গী বান্দৰ (Gray Slender Loris) ভৌগোলিকভাৱে পৃথক লাজুকী বান্দৰৰ সমগোত্ৰীয় এবিধ বান্দৰ প্ৰজাতি৷
বিতৰণ
ই দক্ষিণ ভাৰত তথা শ্ৰীলংকাৰ মুকলি কাঁইটীয়া হাবি, পৰ্ণপাতী তথা চিৰসেউজীয়া অৰণ্যত বাস কৰে৷ ইয়াক Loris tardigradus lydekkerianus হিচাপে পূৰ্বতে গণ্য কৰা হৈছিল যদিও Loris tardigradus বৰ্তমান শ্ৰীলংকাত পোৱা এটা সম্পূৰ্ণ পৃথক প্ৰজাতি৷ এই প্ৰজাতিটো শেহতীয়াকৈ ভৌগোলিকভাৱে পৃথক কেইবাটাও উপ-প্ৰজাতিত ভাগ কৰা হৈছে৷ ১ ভাৰতবৰ্ষত পোৱা উপ-প্ৰজাতি দুটা হৈছে-
- মালাবাৰ কৃশাংঙ্গী বান্দৰ (Malabar gray slender loris, Loris lydekkerianus malabaricus)- দাক্ষিণাত্যত পোৱা যায়৷
- মাইছোৰ কৃশাংঙ্গী বান্দৰ (Mysore gray slender loris, Loris lydekkerianus lydekkerianus) – মাইছোৰ তথা তামিলনাডুত পোৱা যায় ২
দৈহিক গঠন
লাজুকী বান্দৰতকৈ এই প্ৰজাতিৰ দেহৰ নোম কম আৰু মূৰৰ আগৰ পৰা পিঠিৰ ফাললৈ থকা আঁচডাল পাতলীয়া৷ মতা-মাইকীৰ মাজত আকৃতিগত পাৰ্থক্য নাই যদিও আকাৰত মতাবোৰ কিছু ডাঙৰ হয় ৷ কৃশাঙ্গী বান্দৰ্ৰ দেহৰ দৈৰ্ঘ্য ২০-২৫ ছে: মি:, দেহৰ ওজন ১২৫-৩৪০ গ্ৰাম৷
আচৰণ

এই জন্তু বিধে দিনৰ ভাগত গছৰ খোৰোঙত বা পাতৰ আঁৰত লুকাই শুই থাকে আৰু ৰাতিৰ ভাগত খাদ্যৰ সন্ধানত ওলাই আহে৷ মূলত: পোক-পৰুৱা খাই জীয়াই থাকে৷ সাধাৰণতে আকলশৰে বা কেতিয়াবা যোৰ পাতি থকা দেখা যায়৷ সচৰাচৰ দল বান্ধি থকা দেখা নাযায়৷ ৩৪
বহি:সংযোগ
- www.loris-conservation.org/database/subspecies/i
- www.theprimata.com/loris_tardigradus.html
- www.arkive.org/slender-lorises/loris-tardigradus
তথ্যসূত্ৰ
- ↑ Perera, M. Sandun J. (2008). A Review of the Distribution of Grey Slender Loris (Loris lydekkerianus) in Sri Lanka. Primate Conservation. পৃ. 89–96
- ↑ Singh, M., Lindburg, D.G., Udhayan, A., Kumar, M.A., and Kumara, H.N. 1999. Status survey of slender loris Loris tardigradus lydekkerianus in Dindigul, Tamil Nadu, India. Oryx 33(1):31-37
- ↑ Ramakrishna, Sindhu; Singh Mewa; (2002) Home range and ranging pattern in the slender loris (Loris tardigradus lydekkerianus). Primates 43(3):237-248
- ↑ Sindhu Radhakrishna, Mewa Singha (2002) Social Behaviour of the Slender Loris (Loris tardigradus lydekkerianus). Folia Primatologica 73(4):181-196 DOI: 10.1159/000065426 PDF
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃশাঙ্গী বান্দৰ” প্ৰবন্ধৰ সংশোধন ৪২৮৬৬৯ (১৩ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।